ETV Bharat / state

ভূমি পট্টা লাভৰ সম্ভাৱনাত চূণচালিবাসীৰ মুখত বিৰিঙিছে হাঁহি

author img

By

Published : Sep 15, 2021, 12:23 PM IST

চৰকাৰৰ নতুন ভূমি নীতি অনুসৰি চূণচালিবাসীক ভূমি পট্টা প্ৰদান কৰিবলৈ সাজু পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতি । কবুলা জমা দিয়াৰ নামত একাংশ লোকে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ ভূমি সংস্কাৰ সমিতিৰ ।

pub guwahati bhumi sankskar samiti press meet press meet
চূনচালিবাসীৰ মুখত বিৰিঙিছে হাঁহি, ভূমি পট্টা পোৱাৰ আশা ২০ হেজাৰ বাসিন্দাৰ

গুৱাহাটী, 15 ছেপ্টেম্বৰ : গুৱাহাটীৰ পূৱ প্ৰান্তৰ চূণচালি গ্ৰাণ্টৰ প্ৰায় 20 হাজাৰ বাসিন্দাৰ ভূমি পট্টনৰ নামত কবুলা জমা দিয়াৰ বাবে তৎপৰতা গ্ৰহণ কৰিছে পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতিয়ে । ইয়াৰ অংশ হিচাপে ইতিমধ্যে অঞ্চলটোৰ প্ৰায় 900 লোকৰ কবুলা বিভাগীয় কৰ্তৃপক্ষৰ কাৰ্যালয়ত জমা দিছে ৷ পর্যায়ক্ৰমে সকলো লোকৰ কবুলা জমা দিয়া হ’ব বুলি জানিবলৈ দিয়ে সমিতিৰ নেতৃবৃন্দই ।

ইফালে সমিতিয়ে এই পদক্ষেপ গ্ৰহণ কৰা সময়তে আন একাংশ লোকে সমিতিক হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে অপপ্ৰচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছে পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতিয়ে । নুনমাটিৰ গোপাল নগৰস্থিত শক্তিপীঠ প্ৰাংগণত মঙলবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি এই কথা সদৰী কৰে সমিতিৰ সভাপতি-সম্পাদকে ।

চূণচালিবাসীৰ মুখত বিৰিঙিছে হাঁহি, ভূমি পট্টা পোৱাৰ আশাত ২০ হেজাৰ বাসিন্দা

পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতিয়ে প্ৰকাশ কৰা অনুসৰি, অঞ্চলটোত প্ৰায় 40/50 বছৰ ধৰি বসতি কৰি থকা খিলঞ্জীয়া লোকসকলৰ ভূমি ম্যাদীকৰণৰ বিষয়টো যাতে বন্ধ হৈ যায়, তাৰ বাবে একাংশ লোকে চেষ্টা অব্যাহত ৰাখিছে ৷ যাৰ ফলত এতিয়া বিপাঙত পৰিছে সাধাৰণ নাগৰিক ।

ভূমি সংস্কাৰ সমিতিৰ সভাপতি ডম্বৰুধৰ তালুকদাৰ আৰু সম্পাদক নৰেন ৰয়ে সংবাদমেলত কয় যে, অঞ্চলবাসীৰ কবুলা জমা দিয়াৰ বাবে প্ৰয়োজনীয় কাম-কাজ কৰিবলৈ ভূমি সংস্কাৰ সমিতিৰ অন্তৰ্গত উন্নয়ন সমিতিসমূহক দায়িত্ব দিয়া হৈছে । সেইমৰ্মে সমিতিসমূহে কাম-কাজৰ প্ৰস্তুতি চলাই যদিও অঞ্চলটোৰ একাংশ লোকে বিষয়টো সন্দৰ্ভত জনসাধাৰণৰ মাজত অপপ্ৰচাৰ চলোৱা আৰম্ভ কৰিছে ৷ যাৰ বাবে জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে ৷

সংবাদমেলত সমিতিৰ নেতৃত্বই কবুলা জমা দিয়াৰ গইনা লৈ যদি কোনো লোকে সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰে, তেনেহ’লে প্ৰয়োজন সাপেক্ষে বিষয়টো মুখ্যমন্ত্ৰী আৰু কামৰূপ মহানগৰ জিলা উপায়ুক্তক অৱগত কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৷ তেওঁলোকে চূণচালিবাসী ৰাইজক এনে লোকৰ পৰা সাৱধানে থাকিবলৈ আহ্বান জনোৱাৰ লগতে মাটি ম্যাদীকৰণৰ বিষয়টোৰ ওপৰত গুৰুত্ব ৰাখি কবুলাৰ বাবে প্ৰয়োজনীয় কাম-কাজৰ ক্ষেত্ৰত সজাগতা অৱলম্বন কৰিবলৈ অনুৰোধ জনায় ৷

লগতে পঢ়ক : ভূমি সম্পৰ্কীয় কোনো ক্ষেত্ৰত ধনৰ লেন-দেন সহ্য কৰা নহ’ব : বিশ্বজিৎ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.