ETV Bharat / state

Manipur violence: মণিপুৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পদত্যাগৰ দাবীত উত্তাল ৰাজ্য - ধুবুৰী জিলা মহিলা কংগ্ৰেছ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মণিপুৰ কাণ্ডক লৈ সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ শনিবাৰে জিলা কংগ্ৰেছৰ উদ্যাগত ধুবুৰী আৰু শিলচৰত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ লগতে, বিশ্বনাথত আদিবাসী নেত্ৰী লক্ষ্মী ওৰাঙৰ নেতৃত্বত গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷ মণিপুৰ চৰকাৰ আৰু কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ পদত্যাগৰ দাবী ৷

Manipur violence
মণিপুৰৰ জঘন্য কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Jul 23, 2023, 2:26 PM IST

মণিপুৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পদত্যাগৰ দাবীত উত্তাল ৰাজ্য

নিউজ ডেস্ক, 23 জুলাই : দেশ তথা সমগ্ৰ বিশ্ব জোকাৰি যোৱা মণিপুৰৰ জঘন্য কাণ্ডৰ বিৰুদ্ধে সৰ্বত্ৰে হৈছে প্ৰতিবাদ । শনিবাৰে ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমৰ নেতৃত্বত মহিলা কংগ্ৰেছে সাব্যস্ত কৰে এই প্ৰতিবাদ । মণিপুৰৰ চৰকাৰক বৰ্খাস্ত কৰি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী জিলা মহিলা কংগ্ৰেছৰ । মণিপুৰত বিগত সময়ত হৈ অহা বৰ্বৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিজেপি শাসিত মণিপুৰ চৰকাৰ আৰু কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰক তীব্র সমালোচনা কৰে ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমে । দেশৰ প্ৰধানমন্ত্ৰীৰ উপৰিও মণিপুৰৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি বিজেপি চৰকাৰৰ দিনত দেশত নাৰী সুৰক্ষিত নহয় বুলি দাবী কৰি দেশৰ নাৰীক সুৰক্ষা প্ৰদানৰ দাবী উত্থাপন কৰে মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে । পিছত জিলা উপায়ুক্তৰ জৰিয়তে মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে জিলা মহিলা কংগ্ৰেছে ।

আনহাতে, মণিপুৰৰ নাৰকীয় নাৰী নিৰ্যাতন ধৰ্ষণৰ প্ৰতিবাদত বিশ্বনাথতো গ্ৰহণ কৰা হয় বিক্ষোভ কাৰ্যসূচী ৷ আদিবাসী আইকণ লক্ষ্মী ওৰাঙৰ নেতৃত্ব শনিবাৰে জপৌবাৰীস্হিত শ্বহীদ বীৰংগনা মাংৰী ওৰাং মৈদান ভৱনৰ সন্মুখত মণিপুৰৰ নাৰকীয় নাৰী নিৰ্যাতন-বলাৎকাৰৰ ঘটনাৰ প্ৰতিবাদত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । লক্ষ্মী ওৰাঙৰ নেতৃত্বত হোৱা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক আদিবাসী সমাজৰ পুৰুষ মহিলাই মুৰত ক’লা কাপোৰ বান্ধি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিষয়টো সন্দৰ্ভত মৌনতা অৱলম্বন কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ ইয়াৰ লগতে দেশৰ জনতাক সুৰক্ষা প্ৰদান কৰিব নোৱাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগৰ দাবী জনায় । আনহাতে দুগৰাকী মহিলাক চলোৱা নিৰ্যাতনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ দাবী জনাই প্ৰতিবাদকাৰীয়ে ।

সমান্তৰালভাৱে, শনিবাৰে শিলচৰ জিলা মহিলা কংগ্ৰেছৰ নেত্ৰীসকলে ৰাজপথলৈ ওলাই আহি মণিপুৰত শীঘ্ৰে শান্তি পুনৰুদ্ধাৰ আৰু মহিলাসকলৰ সুৰক্ষাৰ দাবী জনায় । শনিবাৰে সন্ধিয়া শিলচাৰে খুদিৰাম বসুৰ প্ৰতিমূৰ্তিৰ তলত মমবাতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । মহিলা নেত্ৰী ফৰিদা পাৰবীনে কয় যে মণিপুৰত দুগৰাকী মহিলাৰ সৈতে যি ঘটনা সংঘটিত হ’ল এয়াই শেষ ঘটনা হ’ব লাগে । এই সন্দৰ্ভত শান্তিৰ দাবীত কেণ্ডেল মাৰ্চৰ আয়োজন কৰা হৈছিল যদিও আৰক্ষী প্ৰশাসনে অনুমতি নিদিয়াৰ বাবেই সকলো স্তৰৰ কংগ্ৰেছ কৰ্মীয়ে খুদিৰাম প্ৰতিমূৰ্তিৰ তলত সমবেত হৈ ধৰ্ণা কাৰ্যসূচী পালন কৰে ।

লগতে পঢ়ক : Miya hate speech : মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ’ব সাংসদ অজিত কুমাৰ ভূঞা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.