ETV Bharat / state

চিকিৎসক নিগ্ৰহৰ বিৰুদ্ধে ৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ - উন্মাদ দলটোৰ

বুধবাৰে ৰাজ্যজুৰি চিকিৎসকসলে ক’লা বেজ পৰিধান কৰাৰ উপৰি চিকিৎসাল সমূহৰ সাধাৰণ বহিঃবিভাগ পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে উদালী কাণ্ডৰ বিৰুদ্ধে । ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন প্ৰান্তত প্ৰতিবাদত বহা দেখা গৈছে চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলক ৷

protests-continue-around-the-state-for-doctors-attack-at-hojai
চিকিৎসক নিগ্ৰহ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত
author img

By

Published : Jun 2, 2021, 10:41 PM IST

নিউজ ডেস্ক, 2 জুন : মঙলবাৰে এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই হোজাই জিলাৰ লংকাৰ ক’ভিড কেয়াৰ কেন্দ্ৰত সংঘটিত হয় লংকাকাণ্ড । গিয়াছ উদ্দিন নামৰ এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ক’ভিড কেয়াৰ কেন্দ্ৰটোত উপস্থিত হৈ চিকিৎসকৰ ওপৰত জঁপিয়াই পৰে মৃত গিয়াছ উদ্দিনৰ আত্মীয় । যিয়ে যেনেকৈ পাই কেৱল প্ৰহাৰ কৰিছিল কৰ্তব্যৰত চিকিৎসকজনক । ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ ভিতৰৰ পৰা প্ৰহাৰ কৰি বাহিৰলৈ উলিয়াই আনি মাটিত পেলাই আক্ৰমণ কৰিছিল চিকিৎসকজনক । উন্মাদ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল উদালী ক’ভিড কেয়াৰ কেন্দ্ৰৰ কৰ্তব্যৰত চিকিৎসক ডাঃ সেউজ সেনাপতি ।

তাৰ পাচতে ক’ভিড-১৯ ৰ এই ভয়াৱহ সময়ত সৰ্বস্ব ত্যাগ কৰি ক’ভিড আক্ৰান্তৰ সেৱাত নিয়োজিত হৈ একাংশ লোকৰ আক্ৰমণত আহত হোৱা চিকিৎসক সেউজ সেনাপতিক প্ৰথমে ভৰ্তি কৰোৱা হয় নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত । ইপিনে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ডাঃ সেউজ সেনাপতিক ৷

চিকিৎসক নিগ্ৰহ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত

একাংশ লোকৰ প্ৰহাৰত আহত চিকিৎসক সেউজ সেনাপতিৰ স্বাস্থ্যৰ বুজ ল’বলৈ মঙলবাৰে নিশাই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত নিশাই চিকিৎসালয়ত উপস্থিত হৈ আহত চিকিৎসকজনৰ স্বাস্থ্যৰ অৱস্থাৰ লগতে সমগ্ৰ ঘটনাৰ বুজ লয় । ইয়াৰ পিছতেই চিকিৎসক স্বাস্থ্য কৰ্মীৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ হুংকাৰ ।

আনহাতে, বুধবাৰে ৰাজ্যজুৰি এই ঘটনাৰ প্ৰতিবাদ জনাই চিকিৎসকসলে ক’লা বেজ পৰিধান কৰাৰ উপৰি চিকিৎসালয় সমূহৰ সাধাৰণ বহিঃবিভাগ পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰিছে । ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন প্ৰান্তত প্ৰতিবাদত বহা দেখা গৈছে চিকিৎসকসকলক ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্ত নগাঁও, বৰপেটা, ধুবুৰী, শিৱসাগৰ, বিশ্বনাথ, লখিমপুৰ, আদিত প্ৰতিবাদত বহে চিকিৎসক সকল ৷ অতি শীঘ্ৰ এই নাৰকীয় কাণ্ডৰ লগত জড়িত থকা আটাইকেইটা অভিযুক্তক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাইছে চিকিসৎক, চিকিৎসাৰ্কমীৰ লগতে সৰ্বসাধাৰণ ৰাইজে ৷

সম্প্ৰতি এই চিকিৎসকক আক্ৰমণৰ ঘটনাৰ লগত জড়িত 24 টা অভিযুক্তক আটক কৰিছে হোজাই আৰক্ষীয়ে । অভিযুক্তক কেইটাক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে । চিকিৎসক সেউজ সেনাপতিৰ ওপৰত হোৱা আক্ৰমণৰ পিছতেই উত্থাপন হৈছে বহু প্ৰশ্নৰ । নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত হ'ব কেতিয়া ? ইতিমধ্যে অমানৱীয় এই লংকাকাণ্ডক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰতিবাদৰ ৷

লগতে পঢ়কঃ দুৰ্ঘটনাত পতিত নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.