গুৱাহাটী, ২৫ নৱেম্বৰ: কৃষক আন্দোলনৰ দুবছৰ পূৰ্তি উপলক্ষে তথা কৃষকসকলৰ বিভিন্ন সমস্যা সমধানৰ দাবীত শনিবাৰে সংযুক্ত কিষাণ মৰ্চাই দেশজুৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে ( Protest of Samyukta Kisan Morcha)। গুৱাহাটীৰ চচলতো সংযুক্ত কৃষক মৰ্চা,অসমে কৃষকৰ কেইবাটাও সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।
প্ৰতিবাদকাৰীসকলে সকলো কৃষিজাত সামগ্ৰীৰ ন্যূনতম সহায়ক মূল্যৰ আইনী নিশ্চয়তা প্ৰদান কৰা,সহায়ক মূল্যত ধানসহ সকলো কৃষি পণ্য চৰকাৰে ক্ৰয় কৰা আৰু প্ৰতিখন পঞ্চায়তত সকলো কৃষি পণ্য ক্রয় কেন্দ্ৰ স্থাপন কৰাৰ দাবী জনায় (Demand for minimum support price)। তেওঁলোকে কৃষকৰ সকলো ঋণ ৰেহাই কৰাৰ দাবী জনাই পুৱা ১১ বজাৰ পৰা ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ।
ইপিনে, সংযুক্ত কৃষক মৰ্চা অসমে,বিদ্যুৎ বিধেয়ক-২০২২ বাতিল কৰিবলৈ এই প্রতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক দাবী জনায় । উক্ত এই প্ৰতিবাদী কাৰ্যসূচীত সন্থাৰ মুখ্য আহ্বায়ক টিকেন দাস,আহ্বায়ক জয়ন্ত গগৈ,বলিন্দ্ৰ শইকীয়া,প্ৰণৱ দলৈ,চন্দ্ৰধৰ কলিতা,দীনেশ দাস উপস্থিত থাকে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সন্থাই কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ ৰাজ্যপাল অধ্য়াপক জগদীশ মূখীৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে ।