ETV Bharat / state

সদৌ অসম পেৰামেডিকেল কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ - Protest of all Assam Paramedical Employees' Union

শুকুৰবাৰে গুৱাহাটীৰ চচলত সদৌ অসম পেৰামেডিকেল কৰ্মচাৰী সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই হেজাৰতকৈ অধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷

protest-of-all-assam-paramedical-employees-union
সদৌ অসম পেৰামেডিকেল কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ
author img

By

Published : Jan 29, 2021, 3:56 PM IST

গুৱাহাটী, 29 জানুৱাৰী : সদৌ অসম পেৰামেডিকেল কৰ্মচাৰী সন্থাই গুৱাহাটীৰ চচলত শুকুবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ (NHM) অধীনত থকা চিকিৎসক, ফাৰ্মাচিষ্ট, নাৰ্চ, লেবৰেটৰী টেকনিচিয়ান, প্ৰগেম মেনেজমেণ্টকে ধৰি প্ৰায় ২১ হাজাৰ ঠিকা ভিত্তিক কৰ্মচাৰীয়ে বঞ্চিত হৈ অহা চৰকাৰী সা-সুবিধা প্ৰাপ্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

উক্ত প্ৰতিবাদত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুই হেজাৰতকৈ অধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷ NHM ৰ অধীনৰ কৰ্মচাৰীসকলে অসম চৰকাৰৰ লগতে স্বাস্থ্য বিভাগৰ ওচৰত ন্যায্য প্ৰাপ্তিৰ বাবে দাবী জনাই অহাৰ পিচতো স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত দিনত কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰী সকলে ৷

সদৌ অসম পেৰামেডিকেল কৰ্মচাৰী সন্থাৰ দাবীসমূহ হ'ল- সকলোকে সম কামৰ সম দৰমহাৰ আৰ্হিত সপ্তম দৰমহা আয়োগ মতে দৰমহা প্ৰদান কৰা, দহ বছৰৰ পৰিৱৰ্তে ৩১-১২-২০১৯ ৰ আগত নিযুক্তি পোৱা সকলো NHM ৰ কৰ্মচাৰীৰ চাকৰি কাল ৬০ বছৰলৈ বৃদ্ধি কৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ স্থায়ী পদত NHM ৰ কৰ্মচাৰীক জেষ্ঠতাৰ ভিত্তিত নিযুক্তি দিয়া আদি ৷

উল্লেখ্য যে, প্ৰতিবাদস্থলীৰ পৰা সদৌ অসম পেৰামেডিকেল কৰ্মচাৰী সন্থাই স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পোন্ধৰ দিনৰ সময়সীমা বান্ধি দিছে ৷ পোন্ধৰ দিনৰ ভিতৰত যদি স্বাস্থ্য মন্ত্ৰীৰ লগতে স্বাস্থ্য বিভাগে কাৰ্মচাৰী সকলৰ ন্যায্য প্ৰাপ্তিৰ ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে; তেন্তে অনিদিষ্টকালীন কৰ্ম বিৰতি পালন কৰাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক: চৰকাৰৰ আঁচনিক জম্মু-কাশ্মীৰবাসীয়ে সমৰ্থন জনাইছে: ৰাষ্ট্ৰপতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.