গুৱাহাটী, ২০ নৱেম্বৰ : ব্যস্ত গুৱাহাটীৰ ৰাজপথত এজাক কণ কণ শিশু ৷ হাতে হাতে একোখনকৈ বিভিন্ন দাবী সম্বলিত বেনাৰ-পোষ্টাৰ ৷ ‘‘শংকৰদেৱ উদ্যানত আংশিকভাৱে অধিগ্ৰহণ কৰা নচলিব, শংকৰদেৱ উদ্যানৰ ভিতৰত কোনো নিৰ্মাণকাৰ্য কৰিব নোৱাৰিব, উন্নয়নৰ নামত জধে-মধে গছ কটা বন্ধ কৰক’’ ইত্যাদি ৷ লক্ষ্য ঐতিহ্যমণ্ডিত শংকৰদেৱ উদ্যানক সুৰক্ষিত কৰা ৷
উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ প্ৰায় তিনি দশক পুৰণি ঐতিহ্যমণ্ডিত শংকৰদেৱ উদ্যানে যোৱা কেইটামান বছৰত ব্যাপক ভাবুকিৰ সম্মুখীন হ’ব লগাত পৰিছে । মহানগৰীবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ উদ্যানখন বচাবলৈ বিগত কেবাবছৰ ধৰি অঞ্চলটোৰ বাসিন্দাসকলে প্ৰশাসনৰ সৈতে অহৰহ যুঁজ দি থাকিব লগীয়া হৈছে । ইয়াৰ পূৰ্বে ২০১৯ চনত উত্তৰ গুৱাহাটী ভৰলুমুখ সংযোগী দলং নিৰ্মাণৰ কাম চলি থকাৰ সময়তে উদ্যানখনৰ প্ৰায় ৩০০ জোপা গছ ৰক্ষা কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷
আনকি পৰৱৰ্তী সময়ত অৰ্থাৎ ২০২১ চনত উদ্যান চৌহদত প্ৰস্তাৱিত চিটি বাছ ৰখোৱা স্থানৰ বাবে কাটিবলগীয়া বৃহৎ গছসমূহ ৰক্ষা কৰাৰ বাবে জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল । ইফালে আজি অৰ্থাৎ দেওবাৰে শংকৰদেৱ উদ্যানত পৰিৱেশ সুৰক্ষাৰ বাবে সততে মাত মাতি অহা পশ্চিম গুৱাহাটীৰ ভৰলুমুখৰ নাগৰিক সমন্বয় সমিতিয়ে শেহতীয়াকৈ শুক্ৰেশ্বৰ মন্দিৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কাষত বৃহৎ পৰিসৰত গছ কটাৰ বাবে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে(Protest in Guwahati demanding protection of trees at Shankardev Udyan)।
প্ৰতিবাদকাৰীসকলে ইয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । প্ৰতিবাদৰ অংশ হিচাপে শংকৰদেৱ উদ্যানত ‘‘মানুহৰ দ্বাৰা প্ৰকৃতি ধ্বংস আৰু পৰিৱেশ দুৰ্যোগ’’ বিষয়ক লৈ অঁকা চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় । প্ৰায় ২৫ টা শিশুৱে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত পাঁচখন শ্ৰেষ্ঠ চিত্ৰক আয়োজকৰ দ্বাৰা পুৰস্কৃত কৰা হয় ।
প্ৰতিযোগিতাখনৰ পিছত নদীপাৰৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংস নকৰাৰ দাবীৰে নদীৰ পাৰে পাৰে এটা ৰেলী উলিওৱা হয় । য’ত কণ কণ ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকসকলে নদীৰ পাৰৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নকৰিবলৈ আৰু গছ সংৰক্ষণৰ দাবীৰে তথা শংকৰদেৱ উদ্যান বেদখল আৰু ধ্বংস বন্ধ কৰাৰ দাবী উত্থাপন কৰে ।
উল্লেখযোগ্য যে, শুক্ৰেশ্বৰ উদ্যানত বহু সংখ্যক পুৰণি আৰু নতুন গছ উন্নয়নমূলক কামৰ বাবে কাটি পেলোৱা হৈছে । ব্ৰহ্মপুত্ৰৰ পাৰৰ এই পুৰণি গছবোৰ গুৱাহাটী মহানগৰীৰ ঐতিহ্য । সেয়ে চৰহখনক উন্নত কৰাৰ স্বাৰ্থত গছ-গছনিবোৰ কাটি পেলুৱাটো কোনো যুক্তিসংগত কথা নহয় বুলি উল্লেখ কৰে নাগৰিক সমন্বয় সমিতিৰ সদস্যসকলে ৷
লগতে পঢ়ক : AASU general conference : বিভেদকামী ৰাজনৈতিক শক্তিক হুংকাৰ সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ