ETV Bharat / state

গুৱাহাটী ক্লাৱত সন্মিলিত সংগ্ৰাম পৰিষদৰ প্ৰতিবাদ

যোৰহাট বৰহোলাৰ জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্ত,নুনমাটিৰ ৰিতুপৰ্ণ পেগু,ডিমা হাচাওৰ সন্তোষ হোজাই,হাজোৰ সনাতন ডেকা,চাবুৱাৰ পৰাগজ্যোতি নেওগ,নকছাৰীৰ দেৱাশীষ জ্যোতি গগৈৰ হত্যাকাণ্ডৰ শীঘ্ৰে বিচাৰ সম্পন্ন কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷

author img

By

Published : Jun 19, 2020, 5:21 PM IST

PROTEST IN GUWAHATI CLUB
গুৱাহাটী ক্লাৱত সন্মিলিত সংগ্ৰাম পৰিষদৰ প্ৰতিবাদ

গুৱাহাটী, 19 জুন : সন্মিলিত সংগ্ৰাম পৰিষদ আঞ্চলিক গণ মৰ্চা নামৰ দলটোৱে শুকুৰবাৰে গুৱাহাটী ক্লাৱত কেইবা দফীয়া দাবীৰ সমৰ্থনত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদী কাৰ্যসুচীত অজিত ভূঞা,লাচিত বৰদলৈ,মীৰা বৰঠাকুৰৰ লগতে বহুকেইগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ৷

যোৰহাট বৰহোলাৰ জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্ত,নুনমাটিৰ ৰিতুপৰ্ণ পেগু,ডিমা হাচাওৰ সন্তোষ হোজাই,হাজোৰ সনাতন ডেকা,চাবুৱাৰ পৰাগজ্যোতি নেওগ,নকছাৰীৰ দেৱাশীষ জ্যোতি গগৈৰ হত্যাকাণ্ডৰ শীঘ্ৰে বিচাৰ সম্পন্ন কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷ প্ৰতিবাদকাৰীসকলে এইসকল লোকৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ দিয়াৰ বাবেও চৰকাৰক দাবী জনায় ৷

দলটোৱে লগতে 'কা' বিৰোধী আন্দোলনত জড়িত হৈ থকাৰ বাবেই দিল্লীৰ অধ্যয়নৰত অসমৰ ছাত্ৰী দেৱাংগনা কলিতা,অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দৰ মুক্তিৰ দাবী উত্থাপন কৰে ৷ ইয়াৰ উপৰিও দিহিং পাটকাইত কয়লাৰ অবৈধ খনন শীঘ্ৰে বন্ধ কৰাৰ বাবেও দাবী উত্থাপন কৰে দলটোৰ নেতৃত্বই ৷

লগতে পঢ়ক: কৰিমগঞ্জত সংখ্যালঘু ছাত্ৰ বৃত্তিত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.