ETV Bharat / state

বাজেট দাখিলৰ সময়তে মূল্য বৃদ্ধিক লৈ লাহোৱালত কংগ্ৰেছৰ প্ৰতিবাদ - বিভিন্ন শ্ল'গানেৰে

বিধানসভাত প্ৰথমখন বাজেট দাখিলৰ সময়তে মূল্য বৃদ্ধিক লৈ লাহোৱালত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ ৷ ডিব্ৰুগড়স্থিত লাহোৱাল পেট্ৰল ডিপোৰ সন্মুখত সীমিত সংখ্যক কংগ্ৰেছ কৰ্মীয়ে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিবাদত ২ ঘন্টাজোৰা এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

protest-for-price-hike
বাজেট দাখিলৰ সময়তে মূল্য বৃদ্ধিক লৈ লাহোৱালত কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Jul 16, 2021, 11:01 PM IST

মৰাণ, 16 জুলাই: বিধানসভাত আজি দাখিল হ'ল ড৹ হিমন্ত বিশ্ব শৰ্মা (HIMNTA BISWA SARMA) চৰকাৰৰ প্ৰথমখন বাজেট । ৰাজ্য চৰকাৰে মূল্যবৃদ্ধিৰ (PRICE HIKE) নিয়ন্ত্ৰণৰ কথা কৈ আহিছে যদিও ৰাজ্যত চেঞ্চুৰী কোবোৱাৰ দিশত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। বিধানসভাত প্ৰথমখন বাজেট দাখিলৰ সময়তে মূল্যবৃদ্ধিক লৈ লাহোৱালত কংগ্ৰেছে (CONGRESS) তীব্ৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হ'ল ।

আজি ডিব্ৰুগড়স্থিত লাহোৱাল পেট্ৰল ডিপোৰ সন্মুখত সীমিত সংখ্যক কংগ্ৰেছ কৰ্মীয়ে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিবাদত ২ ঘন্টা ধৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই কাৰ্যসূচীত উপস্থিত থাকে মনোজ ধানোৱাৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ ডিব্ৰুগড় জিলাৰ সভাপতি দেৱৰঞ্জন বৰাকে প্ৰমুখ্যে কৰি দলৰ বহু বিষয়ববীয়া ।

বাজেট দাখিলৰ সময়তে মূল্য বৃদ্ধিক লৈ লাহোৱালত কংগ্ৰেছৰ প্ৰতিবাদ

বিজেপি হায় হায়, মূল্যবৃদ্ধি হ্ৰাস কৰক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদীসকলে পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে, চলিত বিধানসভাত মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে শাসক পক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছিল অসমৰ ৰাইজে কিন্তু বিধানসভাত মূল্যবৃদ্ধিক লৈ কোনো ধৰণৰ আলোচনা হ'বলৈ দিয়া নাই ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ।

উল্লেখযোগ্য যে, কাল ক’ৰণাৰ গ্ৰাসত অৰ্থনৈতিকভাৱে দূৰ্বল হৈ পৰা লোকসকলৰ লগতে সাধাৰণ লোকক এতিয়া মূল্য বৃদ্ধিৰ জুয়ে দহিছে। অত্যাৱশ্যকীয় সমগ্ৰীৰ সমানে সমানে বাঢ়িছে ইন্ধনজাত সামগ্ৰীৰ মূল্য । ভাৰতত অপ্ৰতিৰোধ্য ভাৱে বৃদ্ধি হৈছে পেট্ৰ’ল ডিজেলৰ মূল্য। সৰ্বকালৰ ইতিহাস ভংগ কৰি পেট্ৰ'লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে দেশৰ কেইবাখনো ৰাজ্যত ।

ইয়াৰ ব্যতিক্ৰম নহয় অসম, ৰাজ্যৰ আটাইকেইখন জিলাত পেট্ৰ'লৰ মূল্যই নব্বৈৰ ঘৰ অতিক্ৰম কৰাৰ পৰিৱৰ্তে লখিমপুৰ জিলাৰ ঢকুৱাখানাত বৃহস্পতিবাৰে পেট্ৰ'লৰ মূল্যই ১০০ৰ অতিক্ৰম কৰিছিল লগতে বৰাক উপত্যকাৰ কৰিমগঞ্জতো শতকৰ ঘৰ অতিক্ৰম কৰিছে পেট্ৰলৰ মূল্যই । দেশৰ ১৫ খন ৰাজ্যত বৰ্তমান ১০০ টকাৰ ওপৰত বিক্ৰী হৈছে পেট্ৰ'ল, সমানে বৃদ্ধি হৈছে ডিজেলৰ মূল্য। দেশৰ ৰাজধানীত শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ’লত ১০১.৫৪ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৯.৮৭ টকা হৈছে।

লগতে পঢ়কঃ মৰিগাঁও ধৰ্ষণ কাণ্ড : ফৰেনচিক ৰিপ’ৰ্টত প্ৰমাণিত পাঠাৰ DNA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.