ETV Bharat / state

Health Workers Protest in Guwahati: চৰকাৰৰ প্ৰবঞ্চনা ! আত্মজাহ দিবলৈ সাজু অস্থায়ী স্বাস্থ্য কৰ্মচাৰী - Muster roll employee Assam

‘‘আমাক গুলীয়াই মাৰক ৷ আত্মহত্যা কৰিবলৈও সাজু আছো আমি ৷’’ এই মন্তব্য অস্থায়ী স্বাস্থ্য কৰ্মচাৰীৰ ৷ বুধবাৰে চাকৰি নিয়মীয়াকৰণ নকৰিলে যিকোনো পৰ্যায়লৈ যোৱাৰ হুংকাৰ দিলে অস্থায়ী স্বাস্থ্যকৰ্মীসকলে (Health Workers Protest in Guwahati)৷

Health Workers Protest in Guwahati
Etv Bharatচৰকাৰৰ প্ৰবঞ্চনা! আত্মজাহ দিবলৈ সাজু অস্থায়ী স্বাস্থ্য কৰ্মচাৰী
author img

By

Published : Aug 3, 2022, 7:48 PM IST

গুৱাহাটী, ৩ আগষ্ট: স্থায়ী নিযুক্তি আৰু চৰকাৰী সমহাৰত দৰমহা দিয়াৰ দাবীত সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ উদ্যোগত বুধবাৰে মহানগৰীৰ চচলস্থিত ধৰ্ণাস্থলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় । প্ৰতিবাদীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ ফেষ্টোন আদি লৈ বিজেপি চৰকাৰ হাই হাই , আমাক চৰকাৰী মৰ্যদা দিয়ক, আমাক চৰকাৰী নিযুক্তি দিয়ক, ভাত দিয়ক নহ’লে আমাক গুলিয়াই মাৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে (Health Workers Protest in Guwahati)।

চৰকাৰৰ প্ৰবঞ্চনা! আত্মজাহ দিবলৈ সাজু অস্থায়ী স্বাস্থ্য কৰ্মচাৰী

উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী হাস্পতালসমূহ বছৰ বছৰ ধৰি এম্বুলেন্স চালক, ড্ৰেছাৰ, ৰিচিপচনিষ্ট, চকীদাৰ, পিয়ন, চাফাই কৰ্মী আদি পদত প্ৰায় ২,২৭৩ গৰাকী কৰ্মচাৰী ন্যূনতম মজুৰীৰ বিনিময়ত কাম কৰি আছে । ২০১৭ চনত বিজেপি চৰকাৰৰ সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাষ্টাৰ ৰোল কৰ্মচাৰী(Muster roll employee Assam) হিচাপে ১৮,৬০০ টকা দৰমহাত স্বাস্থ্য কৰ্মীসকলক স্থানীয় পদত মকৰল কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো চৰকাৰে অস্থায়ী স্বাস্থ্যকৰ্মীসকলক আজিকোপতি নিযুক্তি প্ৰদান নকৰাত আক্ষেপ প্ৰকাশ কৰে ।

চৰকাৰী প্ৰৱঞ্চনাত অতিষ্ঠ হৈ অস্থায়ী কৰ্মচাৰীসকলে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় বুলি সদৰি কৰে ৷ ইফালে অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলৰ সমস্যাসমূহ যদি চৰকাৰে অতি সোনকালে সমাধানৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কৰ্মচাৰীসকলে আত্মজাহৰ দৰে কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে সন্থাৰ কাৰ্যকৰী সভাপতি জিতুমণি শইকীয়া আৰু সম্পাদক বাবুল দাসে ।

লগতে পঢ়ক: Nayanmoni Saikia will be rewarded as DSP: উপ-আৰক্ষী অধীক্ষক হ’ব নয়নমণি শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.