ETV Bharat / state

Assam Assembly Winter Session: বিধানসভাৰ চৌহদত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ প্ৰতিবাদ - MLA Akhil Gogoi

চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আসোঁৱাহৰ অভিযোগ উত্থাপন কৰি শনিবাৰে বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিলে বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই (MLA Kamalakhya Dey Purkayastha)। কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয়ৰ স্থানক লৈ অসন্তুষ্ট বিধায়কগৰাকীয়ে শনিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

MLA Kamalakhya Dey Purkayastha
বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ প্ৰতিবাদ
author img

By

Published : Dec 24, 2022, 3:36 PM IST

বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ প্ৰতিবাদ

গুৱাহাটী, ২৪ ডিচেম্বৰ: অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি অন্তিম দিন ৷ অধিৱেশনৰ অন্তিম দিনটোত চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসংগকলৈ প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰোধী দলৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই (MLA Kamalakhya Dey Purkayastha)৷

বিধানসভা চৌহদৰ মজিয়াত বহি হাতত প্লে’কাৰ্ড লৈ বিধায়ক পুৰকায়স্থই সাব্যস্ত কৰিলে প্ৰতিবাদ (Protest at Assam Assembly)। বিধায়কগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে, বিধানসভাত বিধায়কসকলক বঞ্চনা কৰা হৈছে । বিধায়কসকলক সমদৃষ্টিৰে চোৱা হোৱা নাই । শাসক দলৰ বাবে এখন আইন আৰু বিৰোধী দলৰ বাবে আন এটা আইন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই ।

কংগ্ৰেছ দলৰ বিধায়কগৰাকীয়ে কয় যে, কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয়ৰ(Karimganj Medical College) বাবে বাজেটত ধন অনুমোদন জনোৱা হৈছে আৰু কেবিনেটত চিকিৎসা মহাবিদ্যালয়খনৰ বাবে ঠাই নিৰ্ধাৰণ কৰা হৈছে ৷ ৰাতবাৰীত চিকিৎসা মহাবিদ্যালয়খনৰ বাবে স্থান নিৰ্ধাৰণ কৰা হৈছে যদিও নিয়ম অনুসৰি জিলা হাস্পতালৰ ১০-১৫ কিলোমিটাৰৰ ভিতৰত হ'ব লাগে ৷ কিন্তু বৰ্তমান যি স্থানত চিকিৎসা মহাবিদ্যালয়খনৰ বাবে স্থান নিৰ্ধাৰণ কৰা হৈছে সেই স্থান কৰিমগঞ্জৰ পৰা ৫৬ কিলোমিটাৰ দূৰৈত (Location of Karimganj Medical College)।

একেই অৱস্থা শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ ক্ষেত্ৰতো হোৱা বুলি অভিযোগ উত্থাপন কৰে বিৰোধী দলৰ বিধায়কগৰাকীয়ে ৷ চিকিৎসা মহাবিদ্যালয়খন কৰিমগঞ্জ চহৰৰ সমীপত হ'ব লাগে বুলি দাবী উত্থাপন কৰে বিধায়ক পুৰকায়স্থই ৷ যাতে ৰাইজে ইয়াৰ সুবিধা লাভ কৰিব পাৰে ৷

কিন্তু এইক্ষেত্ৰত ৰাজনৈতিক চিন্তাধাৰাৰে কাম কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি বিৰোধী দলৰ বিধায়কগৰাকীয়ে কয় যে বিজেপি বিধায়কৰ সমষ্টি বাবেই তাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবলৈ বিচৰা হৈছে ৷ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিলে সকলো লোকেই সুবিধা লাভ কৰিব, গতিকে ইয়াত ৰাজনীতি কৰাৰ কি কাৰণ আছে বুলি প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে ৷

লগতে তেওঁ কয় যে, ৰাতাবাৰীত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিলে কৰিমগঞ্জৰ ৰাইজ উপকৃত নহ'ব (Medical college at Ratabari Karimganj)৷ যাৰ বাবে বিধায়কগৰাকীয়ে শনিবাৰে বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰা বুলি সদৰী কৰে ।

উল্লেখ্য যে, মঙলবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেনৰ(Assam Assembly Winter Session) সময়ত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েও(MLA Akhil Gogoi) কেইবাটাও বিষয়ৰ আঁতধৰি বিধানসভাৰ মজিয়া উত্তাল কৰি আহিছে ৷

লগতে পঢ়ক: Assam CM in Dibrugarh:অসম পেট্ৰ'কেমিকেলৰ নতুন প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.