কামৰূপ মেট্ৰ, 4 ডিচেম্বৰ : অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ সমস্যাসমূহ সমাধানৰ দাবীত অসম অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ উদ্যোগত বৃহস্পতিবাৰে ছচলৰ ধৰ্ণাস্থলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদীসকলে অংগনবাদী কৰ্মী আৰু সহায়িকাৰ চাকৰি নিয়মীয়া কৰক, পদোন্নতি দিয়ক, পেঞ্চন আদায় দিয়ক, মাননি নহয় দৰমহা আদায় দিয়ক আদি শ্ল'গানেৰে ধৰ্ণাস্থলী উত্তাল কৰি তোলে ।
উল্লেখ্য যে, অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে নিন্মতম মাননিৰে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছে । অংগনবাদী কৰ্মীক 6,500 টকা আৰু সহায়িকাসকলক প্ৰদান কৰা হৈছে 2,250 টকাকৈ মাননি । এই নূন্যতম মাননিৰে ঘৰ চলোৱাত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কৰ্মীসকল । আনকি চৰকাৰে এইসকলক স্বাস্থ্য সেৱা, ভোটাৰ তালিকা প্ৰস্তুতকৰণ আদিতো নিয়োজিত কৰি আহিছে ।
চৰকাৰৰ বিভিন্ন কামত নিয়োজিত কৰাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাপ্য মজুৰীৰ পৰা বঞ্চিত কৰি আহিছে । তেওঁলোকে প্ৰাপ্য বিচাৰি বিভিন্ন সময়ত আন্দোলন কৰি আহিছে যদিও চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।
নতুন শিক্ষা নীতিত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত নিয়োগ কৰিব বিচৰা কৰ্মী আৰু সহায়িকাকসকলৰ স্থিতি স্পষ্ট কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱা হয় প্ৰতিবাদত । তদুপৰি অংগনবাদী কেন্দ্ৰসমূহলৈ সমপৰিমানে চাউল, দাইল আদি সামগ্ৰী প্ৰদান কৰিবলৈ দাবী জনায় সন্থাই দহ বছৰ অভিজ্ঞতা পুষ্ট কৰ্মীসকলক মুখ্য কৰ্মী সেৱক পদলৈ পদোন্নতি কৰাৰ দাবী উত্থাপন কৰে ।
প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে সমাজ কল্যান মন্ত্ৰী, সমাজ কল্যান বিভাগৰ মুখ্য সচিব, মাননীয় আয়ুক্ত আৰু সঞ্চালকলৈ দিছপুৰ আৰক্ষীৰ হাতেৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷
লগতে পঢ়ক : লুৰিনৰ বিদায় বেলাত কি ক'লে সতীৰ্থসকলে ?