ETV Bharat / state

দলং নিৰ্মানৰ বাবে মহানগৰীত কাটিব শ শ গছঃ নাগৰিক সজাগতা মঞ্চৰ প্ৰতিবাদ

দেওবাৰে গুৱাহাটীৰ শংকৰদেৱ শিশু উদ্যানত পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চই ৰূপায়ন এক সজাগতামূলক প্ৰতিবাদী কাৰ্যসূচী । এই কাৰ্যসূচীৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ ক্ষেত্ৰত সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাই মঞ্চই ৷

মহানগৰীত পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চৰ প্ৰতিবাদ
author img

By

Published : Nov 10, 2019, 6:09 PM IST

গুৱাহাটী, 10 নৱেম্বৰঃ শীঘ্ৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰা হ'ব দলং । দলং নিৰ্মাণৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ আঁচনি । ইতিমধ্যেই যো-জা চলিছে দলং নিৰ্মাণৰ। কিন্তু এই দলং নিৰ্মাণৰ বাবেই মহানগৰীত চলিব বন ধ্বংস যজ্ঞ । ভৰলুমুখৰ সোণাৰাম খেলপথাৰৰ পৰা মাছখোৱাৰ শংকৰদেৱ শিশু উদ্যানলৈ থকা কেইবাশ মূল্যৱান গছ বিভাগীয় কৰ্তৃপক্ষই কাটিব বুলি আশংকা কৰা হৈছে ।

এই খবৰ লাভ কৰাৰ পাচতেই জাঙুৰ খাই উঠিছে মহানগৰীৰ একাংশ সচেতন ৰাইজে । দেওবাৰে গুৱাহাটীৰ শংকৰদেৱ শিশু উদ্যানত পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চই ৰূপায়ন কৰে এক সজাগতামূলক প্ৰতিবাদী কাৰ্যসূচী । এই কাৰ্যসূচীৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ ক্ষেত্ৰত সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাই মঞ্চই । তাৰোপৰি পৰিৱেশ সংৰক্ষণৰ কথা কোৱা চৰকাৰে দলং নিৰ্মাণৰ নামত অতি সংগোপনে মূল্যৱান গছ কাটি তহিলং কৰিব বিচৰা কাৰ্যৰ বিৰোধ কৰি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

ইফালে বৰ্তমান প্ৰদূষণে চানি ধৰা সময়ছোৱা গছ কাটি ভয়াৱহ বিপদ কঢ়িয়াই নানিবলৈ চৰকাৰক অনুৰোধ জনালে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে । উল্লেখযোগ্য যে, প্ৰতিদিনেই উদ্যানখনত প্ৰাতঃভ্ৰমণৰ বাবে আহে বহু লোক । প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ অঞ্চলটো ধ্বংস নকৰিবলৈ চৰকাৰক এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনালে গুৱাহাটীৰ সচেতন ৰাইজে ।

Intro:অতিশীঘ্ৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত হ'ব দলং। দলং নিৰ্মাণৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ আঁচনি। ইতিমধ্যেই যোজা চলিছে দলং নিৰ্মাণৰ বাবে। ইমানলৈ সকলো ঠিকেই আছিল। কিন্তু এই দলং নিৰ্মাণৰ বাবেই মহানগৰীত চলিব বন ধ্বংস যজ্ঞ। ভৰলুমুখৰ সোণাৰাম খেলপথাৰৰ পৰা মাছখোৱাৰ শংকৰদেৱ শিশু উদ্যানলৈ থকা কেইবাশ মূল্যৱান গছ বিভাগীয় কৰ্তৃপক্ষই কাটিব বুলি আশংকা কৰা হৈছে। এই খবৰ লাভ কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে গুৱাহাটীৰ সচেতন ৰাইজ। দেওবাৰে গুৱাহাটীৰ শংকৰদেৱ শিশু উদ্যানত পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চই ৰূপায়ন এক সজাগতামূলক প্ৰতিবাদী কাৰ্যসূচী। এই কাৰ্যসূচীৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ ক্ষেত্ৰত সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাই মঞ্চই। তাৰোপৰি পৰিৱেশ সংৰক্ষণৰ কথা কোৱা চৰকাৰে দলং নিৰ্মাণৰ নামত অতি সংগোপনে মূল্যৱান গছ কাটি তহিলং কৰিব বিচৰা কাৰ্যক বিৰোধী কৰি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই। ইফালে বৰ্তমান প্ৰদূষণে চানি ধৰা সময়ছোৱা গছ কাটি ভয়াবহ বিপদ কঢিয়াই নানিবলৈ চৰকাৰক অনুৰোধ জনালে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে।Body:উল্লেখযোগ্য যে প্ৰতিদিনেই উদ্যানখনত প্ৰাতঃভ্ৰমণৰ বাবে আহে বহুটো লোক। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ অঞ্চলটো ধ্বংস নকৰিবলৈ চৰকাৰক এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰায়ে আহ্বান জনালে গুৱাহাটীৰ সচেতন ৰাইজে। Conclusion:Hirul Haque
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.