ETV Bharat / state

Protest in Guwahati:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত বিক্ষোভ

অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত অসম মহিলা সংঘৰ প্ৰতিবাদ । খাদ্যৰ লগতে ঔষধ, শিশুৰ খাদ্য,গাখীৰকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীৰে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ।

author img

By

Published : Jul 18, 2023, 2:58 PM IST

Protest against harassment of women in Assam
অসম মহিলা সংঘৰ প্ৰতিবাদ
অসম মহিলা সংঘৰ প্ৰতিবাদ

গুৱাহাটী, ১৮ জুলাই: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধকে আদি কৰি কেইবাটাও দাবীৰ সমৰ্থনত গুৱাহাটী মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত অসম মহিলা সংঘই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । মঙলবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য হ্ৰাস কৰা আৰু নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত অসম মহিলা সংঘই প্ৰতিবাদ সাব্যস্ত কৰে ।

অসম মহিলা সংঘৰ সদস্য়সকলে খাদ্যৰ লগতে ঔষধ, শিশুৰ খাদ্য,গাখীৰকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি হ্ৰাস কৰক,নাৰী নিৰ্যাতন বন্ধ কৰক ,মুকলি বজাৰৰ শাক-পাচলিৰ মূল্য নিয়ন্ত্ৰণ কৰা ,প্ৰি পেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক,পেট্ৰ'ল, ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰক আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰী সকলে কয় যে সমগ্ৰ দেশৰ ভিতৰতে নাৰী নিৰ্যাতনৰ ঘটনাত অসম প্রথম স্থানত আছে । ৰাজ্যখনত সঘনে সংঘটিত হৈ থকা দলবদ্ধ ধৰ্ষণ,হত্যা, আসুৰিক যৌন নির্যাতন ইত্যাদি ঘটনাই তাৰ জ্বলন্ত প্রমাণ বুলি তেওঁলোকে কয় । তদুপৰি ৰক্ষকেই ভক্ষকৰ ৰূপ লোৱা নিকৃষ্ট ঘটনাই নাৰী সমাজৰে নহয়,সমগ্ৰ সমাজক লজ্জানত কৰিছে বুলিও প্ৰতিবাদকাৰী সকলে কয়।

প্ৰতিবাদকাৰী সকলে পুনৰ কয় যে চিন্তনীয় দিশ হৈছে যে এনে অমানৱীয় ঘটনাবোৰৰ ক্ষেত্ৰত নাৰীসমাজ তথা সচেতন আৰু সংবেদনশীল অংশই ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিলে ভৱিষ্যৎ আমাৰ বাবে অধিক ভয়াবহ হ'ব । চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি তেওঁলোকে কয় যে মানুহৰ জীয়াই থকাৰ মৌলিক অধিকাৰবোৰৰ ভিতৰত খাদ্য সুৰক্ষাৰ অধিকাৰ ক্ৰমে সংকুচিত হৈ পৰিছে । সম্প্ৰতি অত্যাৱশ্যকীয় বয়-বস্তুৰ নিয়ন্ত্ৰণহীন আকাশলংঘী মূল্যবৃদ্ধিত মানুহে ক্ৰয় ক্ষমতা হেৰুৱাইছে । ফলত, দৈনন্দিন জীৱনলৈ ভয়ংকৰ দুর্ভোগ কঢ়িয়াই আনিছে । মধ্যবিত্ত মানুহেও জ্বলা-কলা দেখিছে ।

আনহাতে, প্ৰতিবাদকাৰী সকলে বিজুলি যোগানৰ নামত স্মার্ট প্রি-পেইডৰ জৰিয়তে নাগৰিকৰ ওপৰত লুণ্ঠন চলাইছে বুলিও ক্ষোভ উজাৰে । এনে পৰিস্থিতিত অসম মহিলা সংঘই এই সমস্যা সমাধান কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰি গুৱাহাটী জিলা আয়ুক্তৰ (মেট্ৰ) জৰিয়তে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Child trafficking in Assam: গড়চুকৰ ভাৰাঘৰৰ কোঠাত উদ্ধাৰ ৰঙিয়াৰ কিশোৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.