ETV Bharat / state

মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত গুৱাহাটীৰ ৰাজপথ কঁপালে ৰাইজৰ দলে - MLA Akhil Gogoi protest against price hike

প্ৰতিদিনেই বাঢ়িছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য়(Price of daily use goods has gone up every day) । এইক্ষেত্ৰত কাণষাৰ নাই চৰকাৰৰ । সেয়েহে অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিল অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ শতাধিক কৰ্মী(Raijor Dal protest against price hike) ।

মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত গুৱাহাটীৰ ৰাজপথ কঁপালে ৰাইজৰ দলে

author img

By

Published : May 6, 2022, 4:03 PM IST

গুৱাহাটী,৬ মে': ইন্ধনকে ধৰি নিত্যপ্ৰয়োজনীয় সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি ৰাজপথলৈ ওলাই আহে ৰাইজৰ দল(Raijor Dal protest against price hike) । বিধায়ক অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ শতাধিক নেতা-কৰ্মীয়ে গুৱাহাটী ক্লাৱৰ ৰটাৰীত সাব্যস্ত কৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ(MLA Akhil Gogoi protest against price hike) ।

ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি গুৱাহাটী ক্লাৱত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল । প্ৰতিবাদকাৰীসকলে ৰটাৰীৰ পৰা আগুৱাই আহিব বিচাৰিছিল যদিও বেৰিকেট দি আৱদ্ধ কৰি ৰখা হয় ।

মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত গুৱাহাটীৰ ৰাজপথ কঁপালে ৰাইজৰ দলে

প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ৰাজপথ উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়া বিধায়ক অখিল গগৈয়ে কয় যে বিজেপি চৰকাৰে জনসাধাৰণৰ দুৰাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিকাৰমূলক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।

বৰঞ্চ সাধাৰণ খাটি-খোৱা ৰাইজক এনে অস্থিৰ সময়ত আশ্বাস দিয়াৰ পৰিৱৰ্তে ৰাজ্যৰ শীৰ্ষ বিজেপিৰ নেতা-মন্ত্ৰীসকলে চালে-বেৰে কোবোৱা কথা কৈ, হাঁহিৰ খোৰাক জন্মাব পৰা কিছুমান কৌতুক কৈ সাধাৰণ ৰাইজৰ দুৰৱস্থাক উপহাস কৰিছে ।

এই কাৰ্যক ৰাইজৰ দলে ধিক্কাৰ দিয়া বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে । উল্লেখ্য যে আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি ৰাইজৰ দলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰধানমন্ত্ৰীলৈ অসমৰ জনতাৰ এক লাখ গণ স্বাক্ষৰ প্ৰেৰণ অভিযানৰ আনুষ্ঠানিকভাৱে আৰম্ভণি কৰে ।

লগতে পঢ়ক: বন্ধন বেংকৰ কিস্তি সংগ্ৰহৰ নামত বঙাইগাঁৱত উত্তেজনা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.