শিৱসাগৰ,11 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তপ্ত ৰাজ্যৰ শেহতীয়া পৰিস্থিতি ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাতিধ্বংসী বিলখনৰ বিৰুদ্ধে ওলাই আহিছে সাধাৰণ জনতা ৷ সমান্তৰালকৈ শিৱসাগৰ জিলাত অখিল গগৈৰ নেতৃত্বত স্বতঃস্ফূৰ্ত ভাৱে ওলাই আহিছে হাজাৰ হাজাৰ ৰাইজ ৷ সকলো ৰাইজে একেমুখে বিৰোধিতা কৰিছে বিধেয়কখনৰ ৷
নাৰায়ণপুৰঃ কেবৰ বিৰুদ্ধে প্ৰতিবাদত নামিল নাৰায়ণপুৰস্থিত লখিমপুৰ পলিটেকনিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী ৷ পৰীক্ষা বৰ্জন কৰিও ৰাজপথলৈ ওলাই আহিছে শতাধিক ছাত্ৰ-ছাত্ৰী ৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ ৷
সোণাপুৰঃ সমান্তৰালকৈ সোণাপুৰত তেতেলীয়া ৰেলপথ অৱৰোধ প্ৰতিবাদকাৰী জনতাৰ ৷
চাংসাৰীঃ আমিনগাঁৱৰ চাংসাৰীতো কেবৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী ৷ শৰাইঘাট কলেজৰ সন্মুখত প্ৰতিবাদ ছাত্ৰ সমাজৰ । কেব বাতিলৰ বাবে ৰাজপথলৈ দলে বলে ওলাই আহিল শৰাইঘাট কলেজৰ ছাত্ৰ-ছাত্ৰী ৷
চানমাৰিঃ চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰী আৰু অনূৰাধাস্থিত গাৰ্লছ পলিটেকনিকৰ ছাত্ৰী সকলৰো তীব্ৰ প্ৰতিবাদ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৷ চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত ছাত্ৰসকলৰ ৷ ইয়াৰ পিচতেই দিচপুৰ লাষ্টগেটলৈ এক প্ৰতিবাদী সমদল উলিয়ায় প্ৰতিবাদকাৰী ছাত্ৰসকলে ৷
আৰু পঢ়ক- ডিব্ৰুগড়ৰ বকুল চাউলউখোৱাত গুলিচালনা,আহত সাংবাদিক-ছাত্ৰী