ETV Bharat / state

3 Years of CAA protest: কা বাতিলৰ দাবীত অসম জাতীয় পৰিষদৰ প্ৰতাৰণা দিৱস পালন - Protest against Caa in Guwahati by AJP

3 বছৰ পূৰ্বে আজিৰ দিনটোতে সদনত গৃহীত হৈছিল সংবিধান বিৰোধী কা আইন(3 Years of CAA protest) ৷ দিনটোৰ সৈতে সংগতি ৰাখি আজি অসম জাতীয় পৰিষদে আইনখন বাতিলৰ দাবীত পালন কৰে প্ৰতাৰণা দিৱস (Protest against Caa in Guwahati)৷

Protest against Caa in Guwahati by AJP
3 Years of CAA protest: বিদেশীক গুজৰাটৰ নাগৰিকত্ব প্ৰদানৰ দাবী অজাপ সভাপতি লুৰিণজ্যোতি গগৈৰ
author img

By

Published : Dec 11, 2022, 5:21 PM IST

কা বাতিলৰ দাবীত অসম জাতীয় পৰিষদৰ প্ৰতাৰণা দিৱস পালন

গুৱাহাটী,১১ ডিচেম্বৰ: জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীৰে অসম জাতীয় পৰিষদে আজি সাব্যস্ত কৰে প্ৰতিবাদ ৷ 2019 বৰ্ষৰ আজিৰ দিনটোতেই কেন্দ্ৰই অবৈধভাৱে সংসদত গৃহীত কৰাইছিল ‘কা’ ৷ 'কা' গৃহীত হোৱাৰ ৩ বছৰ উপলক্ষে অসম জাতীয় পৰিষদ দলে গুৱাহাটীৰ চচলত পালন কৰে প্ৰতাৰণা দিৱস ৷ প্ৰতাৰণা দিৱস পালনেৰে চৰকাৰৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে সাব্যস্ত কৰে প্ৰবল প্ৰতিবাদ (3 Years of CAA protest)।

অসম জাতীয় পৰিষদৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী অনুষ্ঠানত আজি কৰ্মকৰ্তাসকলে হাতে হাতে ক’লা পতাকা লৈ কা আমি নামানো, কা আইন বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজক প্ৰতাৰণা কৰা নচলিব আদি বিভিন্ন শ্লোগানৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে ক্ষমতা আৰু সংখ্যাৰে বলিয়ান হৈ কেন্দ্ৰীয় চৰকাৰে উচ্চ সদনত আইন গৃহিত কৰি আমাৰ ৰাজ্যত বলপূৰ্বকভাবে জাতিধবংসী ক’লা আইনখন বলবৎ কৰিছে (Asom jatiyo parishad Lurin jyoti Gogoi) ।

ৰাজ্যত গণ আন্দোলনে তীব্ৰ ৰূপ লোৱাৰ পাছতো আনকি 6 গৰাকীকৈ তেজাল অসমীয়াই শ্বহীদ হোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবাসীৰ মূৰত জাপি দিলে 'কা' আইন । সাম্প্ৰদায়িক কা আইনে অসমৰ ভাষা, সভ্যতা সংস্কৃতি তথা ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি অসমীয়া জাতিটোক নি:শেষ কৰি পেলোৱাৰ বাবে চৰকাৰে যি ষড়যন্ত্ৰত লিপ্ত হৈছে তাক অসমবাসীয়ে কোনোপধ্যে সফল হবলৈ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে গগৈয়ে । অসমে '৭১ চনলৈ অতিৰিক্ত বাংলাদেশীৰ বোজা লোৱাৰ পাছতো অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ এনে অন্যায়ৰ কাৰণ কি বুলি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে গগৈয়ে(AJYCP protest against CAA) ।

চৰকাৰখনে বিদেশীৰ বোজা গ্ৰহণ কৰিবলৈ যদি ইমানেই আগ্ৰহী তেনেহ’লে গুজৰাটত এই বোজা লওঁক বুলি কটাক্ষ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ '৭১ ৰ পাছত অসমলৈ অহা বিদেশী হিচাপ কৰি কৰি গুজৰাটত আশ্ৰয় দিবলৈ প্ৰধানমন্ত্ৰীলৈ আহ্বান জনায় গগৈয়ে ।

অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত দিনৰ ১২ বজাৰ পৰা ২ বজালৈ অনুস্থিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত এ জে পি ৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে সাধাৰণ সম্পাদক জগদীশ ভূঞা , প্ৰিন্স ফাইজুল হক আদিকে ধৰি সৰ্বসাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Satellite Township in Assam: নগাঁও কাগজ কলক উপগ্ৰহীয় চহৰ গঢ়াৰ পৰিকল্পনা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.