ETV Bharat / state

ফাইলতে আৱদ্ধ ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপনৰ চৰকাৰী প্ৰস্তাৱ - Proposal to set up small factory of Orthodox tea

পুনৰীক্ষণৰ বাবে মুখ্যমন্ত্রীৰ কাৰ্যালয়লৈ প্ৰেৰণৰ পাছতো চাহ ফেক্টৰী স্থাপনৰ প্ৰস্তাৱে পোৱা নাই অনুমোদন ( Proposal to set up tea factory in Assam)। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তে বিগত এবছৰ ধৰি পৰি আছে ফাইল । কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত সংগ্ৰহ কৰা উপ-কৰৰ ধনেৰে ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপন কৰাৰ কথা আছিল । প্ৰস্তাৱ অনুসৰি ২২৫ বিঘা চাহ খেতিৰ বিপৰীতে একোটাকৈ চি টি চি চাহ উৎপাদন কৰা মেচিন স্থাপনৰ বাবে ৭৫ শতাংশ ৰাজসাহায্যৰ ব্যৱস্থা কৰাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল ।

All Assam Small Tea Farmers Association
ক্ষুদ্ৰ চাহ ফেক্টৰীৰ বাবে প্রকল্প প্রস্তাৱ
author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 3:41 PM IST

গুৱাহাটী, ১৫ ডিচেম্বৰ : দুশবছৰীয়া অসমৰ চাহ শিল্পক লৈ বাস্তৱত চৰকাৰৰ কোনো ধৰণৰ সদিচ্ছাই নাই । ইয়াৰ প্ৰমাণ বিভিন্ন ক্ষেত্রত দেখিবলৈ পোৱা যায় । লক্ষণীয় বিষয় যে বছৰ ধৰি চৰকাৰৰ ফাইলতে আবদ্ধ হৈ আছে ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপনৰ প্ৰস্তাৱ । উদ্যোগ বিভাগৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপনৰ প্ৰস্তাৱ অহাৰ এবছৰ অতিবাহিত হোৱাৰ পাছতো সংশ্লিষ্ট ফাইলটোৰ কোনো কামেই আগবঢ়া নাই ।

All Assam Small Tea Farmers Association
ক্ষুদ্ৰ চাহ ফেক্টৰীৰ বাবে প্রকল্প প্রস্তাৱ

উল্লেখ্য যে ৰাজ্যখনৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক উপকৃত হ'ব পৰাকৈ ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপন কৰাৰ বাবে উদ্যোগ বিভাগে পদক্ষেপ গ্ৰহণ কৰিছিল । মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাৰ পৰা সেউজ সংকেত লাভ কৰাৰ পাছত উদ্যোগ বিভাগে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাক প্রকল্প প্রস্তাৱ প্রস্তুত কৰিবলৈ নিৰ্দেশ দিছিল । সেইমর্মে ক্ষুদ্র চাহ খেতিয়ক সংস্থাই ক্ষুদ্ৰ চাহ ফেক্টৰীৰ বাবে প্রকল্প প্রস্তাৱ যুগুত কৰিছিল । যুগুত কৰা সেই প্রকল্প প্রস্তাৱ উদ্যোগ বিভাগৰ হাতত দাখিল কৰা হৈছিল । উদ্যোগ বিভাগে আকৌ সেই প্রকল্প প্রস্তাৱ পুনৰীক্ষণ কৰি অনুমোদনৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল । কিন্তু সেই ফাইলটো মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আহি পোৱাৰ পাছত বিগত এবছৰ ধৰি পৰি আছে ।

উল্লেখ্য় যে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত সংগ্ৰহ কৰা উপ-কৰৰ ধনেৰে ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপন কৰাৰ কথা আছিল । ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা সংগ্ৰহ কৰা উপ কৰৰ প্ৰায় ১৮৩ কোটি টকা সম্প্রতি চৰকাৰৰ হাতত জমা আছে । চৰকাৰে ২০০৯ চনৰ পৰা চাহৰ কেঁচাপাতৰ ওপৰত কৰ আৰোপ কৰিছিল । প্রথমে প্রতি কিলোগ্ৰাম কেঁচাপাতৰ বিপৰীতে ২০ পইচা কৰ আৰোপ কৰাৰ পাছত পৰৱৰ্তী ২০১১-১২ বৰ্ষত কৰৰ নিৰিখ ২৫ পইচালৈ বৃদ্ধি কৰা হৈছিল । কিন্তু ২০১৬ চনত ৰাজ্যত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত কেঁচাপাতৰ ওপৰত আৰোপ কৰা উপ কৰ ১৫ পইচালৈ হ্ৰাস কৰে আৰু ২০১৭ চনত উপ কৰ সংগ্ৰহ কৰা প্ৰক্ৰিয়াটোৱেই বন্ধ কৰি দিয়ে ।

সম্প্রতি চাহৰ কেঁচাপাতৰ ওপৰত চৰকাৰে কোনো ধৰণৰ উপ-কৰ আৰোপ কৰা নাই । কৰ সংগ্রহ প্ৰক্ৰিয়াটো চৰকাৰে বন্ধ কৰাৰ পাছত পূৰ্বৰ পৰা জমা হৈ থকা ধনৰাশিৰে ক্ষুদ্ৰ চাহ খেতিয়কসকল উপকৃত হ'ব পৰাকৈ আঁচনি গ্ৰহণ কৰাৰ কথা চৰকাৰে বিবেচনা কৰিছিল । সেই মর্মে উদ্যোগ বিভাগে সমগ্ৰ প্ৰক্ৰিয়াটো আগুৱাই নিছিল । এই দাখিল কৰা প্ৰস্তাৱ অনুসৰি ২২৫ বিঘা চাহ খেতিৰ বিপৰীতে একোটাকৈ চি টি চি চাহ উৎপাদন কৰা যন্ত্ৰ স্থাপনৰ বাবে ৭৫ শতাংশ ৰাজসাহায্যৰ ব্যৱস্থা কৰাৰ কথা আছিল । অর্থাৎ উপ কৰৰ জমা ধনৰ পৰা ৭৫ শতাংশ ৰাজসাহায্যত ক্ষুদ্ৰ চাহ খেতিয়কক ক্ষুদ্র ফেক্টৰী স্থাপনৰ বাবে ধন মোকলাই দিয়াৰ চিন্তা-চৰ্চা চলিছিল ।

সেইদৰে অৰ্থডক্স চাহৰ ক্ষুদ্ৰ ফেক্টৰী স্থাপনৰ বাবেও প্ৰস্তাৱ দাখিল কৰা হৈছিল । এই প্রস্তাৱত মুখ্যমন্ত্ৰীয়েও প্রথম অৱস্থাত ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাক সঁহাৰি দিছিল । কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে সকলো আশা নিৰাশাত পৰিণত হ'বলৈ ওলাইছে । ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অভিযোগ কৰা অনুসৰি এই পর্যন্ত মুখ্যমন্ত্ৰীয়ে কোনো সঁহাৰি দিয়া নাই । ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কোনো সঁহাৰি নিদিয়াত অসমৰ চাহে দুশ বছৰত ভৰি দিয়াৰ বছৰটোতো ৰাজ্যখনৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কে কোম্পানীৰ চাহ ফেক্টৰীসমূহৰ ওপৰতেই নিৰ্ভৰ কৰি চলিব লগা হৈছে ।

কোম্পানীৰ ফেক্টৰী বা বৃহৎ বাগিচাৰ ফেক্টৰীৰ ওপৰত নিৰ্ভৰ কৰিব লগা হোৱা বাবে ক্ষুদ্র চাহ খেতিয়কসকলে কেঁচাপাতৰ ন্যায্য মূল্য লাভ কৰাৰ ক্ষেত্ৰতো বঞ্চিত হৈ আহিব লগা হৈছে । এক কথাত ক'বলৈ গ'লে চৰকাৰৰ অবহেলা আৰু সদিচ্ছাৰ অভাৱতেই ক্ষুদ্ৰ চাহ খেতিয়কসকলে এনেদৰে সমস্যাৰে যুঁজ দিবলগীয়া হৈছে ।

লগতে পঢ়ক:আৰক্ষীৰ চকুত ধূলি ছটিয়াই হাতত হেণ্ডকাফ লৈ পলায়ন আচামীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.