গুৱাহাটী, ১২ জানুৱাৰী: ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে অসম আৰক্ষীৰ শীৰ্ষ মহলত বহুকেইটা পদবীৰ বিপৰীতে পদোন্নতি ঘোষণা কৰিছে (Promotion and major reshuffle at top level of Assam Police)। সেই অনুসৰি গুৱাহাটীৰ ডি আই জি পি (ভি এণ্ড এচি) দেৱজ্যোতি মুখাৰ্জীক আই জি পি হিচাপে পদোন্নতি দিয়া হৈছে । সেইদৰে আই জি পি (ভি এণ্ড এচি) সুৰেন্দ্ৰ কুমাৰক এডিজিপি হিচাপে পদোন্নতি দিয়া হৈছে (Promotion in Assam Police)।
আনহাতে নতুন দিল্লীত চি বি আইৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত অমনজিৎ কৌৰক ডি আই জি পি হিচাপে পদোন্নতি দিয়া হৈছে । গুৱাহাটীৰ ভিজিলেন্স এণ্ড এণ্টি-কৰাপচনৰ আৰক্ষী অধীক্ষক নিমৱালকাৰ বৈভৱ চন্দ্ৰকান্তক ডি আই জি পি হিচাপে পদোন্নতি দিয়া হৈছে । কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ অধিনায়ক শিলাদিত্য চেতিয়াক ডি আই জি পি হিচাপে পদোন্নতি দিয়া হৈছে ।
গুৱাহাটীৰ অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক ৰত্না সিংহক ডি আই জি পি হিচাপে পদোন্নতি দিয়া হৈছে । নতুন দিল্লীত এডিজি হিচাপে কৰ্মৰত ডঃ ভি শিৱ প্ৰসাদ গাঞ্জালাক আই জি পি হিচাপে পদোন্নতি দিয়া হৈছে । নতুন দিল্লীৰ চোৰাংচোৰা ব্যুৰ’ৰ উপ সঞ্চালক হিচাপে কৰ্মৰত পৃথী পাল সিঙক আই জি পি হিচাপে পদোন্নতি দিয়া হৈছে । মধ্য অসমৰ ডি আই জি পি সত্যৰাজ হাজৰিকাক আই জি পি হিচাপে পদোন্নতি দিয়া হৈছে ।
উজনি অসমৰ ডি আই জি পি জিৎমল দলেক আই জি পি হিচাপে পদোন্নতি দিয়া হৈছে । নতুন দিল্লীৰ ব্যুৰ অফ পুলিচ ৰিজাৰ্ভ এণ্ড ডেভলপমেণ্টৰ উপ সঞ্চালক মইনুল ইছলাম মণ্ডলক আই জি পি হিচাপে পদোন্নতি দিয়া হৈছে । গুৱাহাটীস্থিত ৰে'লৱেৰ ডি আই জি পি আবু চুফিয়ানক আই জি পি হিচাপে পদোন্নতি দিয়া হৈছে ।
অসম পুলিচ হাউচিং কৰ্পৰেচন লিমিটেডৰ এম ডি অৰবিন্দ কলিতাক আই জি পি হিচাপে পদোন্নতি দিয়া হৈছে । গুৱাহাটীৰ ডি আই জি পি ইমদাদুল হুছেইন বৰাক আই জি পি হিচাপে পদোন্নতি দিয়া হৈছে । গুৱাহাটীৰ এ আই জি পি ধনঞ্জয় পৰশুৰাম ঘানৱাটক পদোন্নতি দিয়া হৈছে । নতুন দিল্লীত চোৰাংচোৱা ব্যু্ৰৰ যুটীয়া উপ সঞ্চালক নিলেশ টি শ্বাৱাকাৰক পদোন্নতি দিয়া হৈছে ।
নতুন দিল্লীত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত ৰাকেশ ৰৌচনক কৰ্মদক্ষতাৰ ভিত্তিত পদোন্নতি দিয়া হৈছে । ছিকিমৰ গৃহ বিভাগৰ অতিৰিক্ত সঞ্চালক ৱাই টি গাইটচক পদোন্নতি দিয়া হৈছে । নতুন দিল্লীত চি বি আইৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত ৰাজবীৰক পদোন্নতি দিয়া হৈছে । গুৱাহাটীৰ আৰক্ষী অধীক্ষক মজিবুৰ ৰহমানকো পদোন্নতি দিয়া হৈছে ।
লগতে পঢ়ক: GP Singh Kokrajhar Visit : গণতন্ত্ৰ দিৱসত বিটিআৰত নতুন সশস্ত্ৰ সংগঠন আত্মপ্ৰকাশৰ পৰিকল্পনা !