ETV Bharat / state

এতিয়া বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়ে শান্তিৰে দিন কটাব পাৰিব:প্ৰমোদ বড়ো - next BTC chief

সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ উক্ত সংবাদমেলতে বিপিএফৰ সতে থকা মিত্ৰতা 2021 চনত অন্ত পৰিব বুলি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এইবাৰ বিটিচিত ইউ পি পি এল,গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিৰ মাজত হ'ব মিত্ৰতা ৷

promod-bodo-will-be-the-next-btc-chief
প্ৰমোদ বড়ো হ'ব পৰৱৰ্তী বিটিচি প্ৰধানঃ 15 ডিচেম্বৰত হ'ব শপতগ্ৰহণ !
author img

By

Published : Dec 13, 2020, 5:37 PM IST

গুৱাহাটী,13ডিচেম্বৰ: প্ৰমোদ বড়ো হ'ব পৰৱৰ্তী বিটিচি প্ৰধান ৷ সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,প্ৰমোদ বড়ো, নৱ শৰণীয়াৰ উপস্থিতিত এক যৌথ সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যপালৰ লগত কথা পাতি 15 তাৰিখৰ ভিতৰতে শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ চেষ্টা কৰিম বুলি মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ উক্ত সংবাদমেলতে বিপিএফৰ সতে থকা মিত্ৰতা 2021 চনত অন্ত পৰিব বুলি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এইবাৰ বিটিচিত মিত্ৰতা ইউ পি পি এল,গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিৰ মাজত হ'ব বুলি উল্লেখ কৰিছে মন্ত্ৰী হিমন্ত শৰ্মাই ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰমোদ বড়োক বিটিচি প্ৰধান হিচাপে ঘোষণা কৰে ৷

প্ৰমোদ বড়ো হ'ব পৰৱৰ্তী বিটিচি প্ৰধানঃ 15 ডিচেম্বৰত হ'ব শপতগ্ৰহণ !

সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে উল্লেখ কৰে যে, ‘‘তিনিওটা দলৰ পৰা প্ৰমোদ বড়োক নেতৃত্ব লবলৈ দায়িত্বভাৰ দিয়া হৈছে ৷ বিটিআৰবাসীয়ে পৰিৱৰ্তন বিচাৰিছিল ৷ যাতে বিটিচিত শান্তি আৰু প্ৰগতি সমানে হয় ৷ শপত গ্ৰহণ সন্দৰ্ভত ৰাজ্যপালৰ লগত আলোচনা কৰিছো ৷ 15 ডিচেম্বৰত শপত গ্ৰহণ হ'ব পাৰে ৷’’

আনহাতে প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিবাসীয়ে যথেষ্ট সহযোগিতা পাব, উন্নয়ন হ’ব বুলি সংবাদমেলত মন্তব্য কৰে নৱ কুমাৰ শৰণীয়াই ৷ আনহাতে, নৱনিৰ্বাচিত চিইএম প্ৰমোদ বড়োৱে কয় যে "আমি একত্ৰিত হৈ বিটিআৰবাসী ৰাইজৰ সেৱা কৰিবলৈ গৈ আছো ৷ পূৰ্বে বিটিআৰবাসীয়ে বহুত কষ্ট পালে, এতিয়া বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়ে শান্তিৰে কটাব পাৰিব । আমি টীম হিচাপে কাম কৰিম ।" লগতে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীকো ধন্যবাদ জনালে প্ৰমোদ বড়োৱে ৷ আনহাতে ইউপিপিএলক নেডাত অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক অনুৰোধ জনালে প্ৰমোদ বড়োৱে । সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মাই কয় "বিপিএফৰ লগত ৰাজ্যিক পৰ্যায়ত 21 লৈ মিত্ৰতা থাকিব ৷ 21 ৰ পিছত কি হ’ব এতিয়াও সিদ্ধান্ত লোৱা নাই ৷ কিন্ত বিটিচিত বিপিএফৰ লগত মিত্ৰতা নাই ৷" লগতে হাগ্ৰামা মহিলাৰীৰ আশীৰ্বাদ আৰু সহযোগিতা বিচাৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়কঃঘোষণা হ’ল বিটিচিৰ নতুন পৰিষদৰ শপত গ্ৰহণৰ দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.