গুৱাহাটী,17 জুলাইঃ ৰাজ্যৰ বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্ত বৰ্তমানেও সংকটমুক্ত নহয় ৷ আজি এক সংবাদমেল যোগে এই কথা জনালে গুৱাহাটীস্থিত হেল্থ চিটী হাস্পতালৰ কৰ্তৃপক্ষই ৷ গুৰুতৰভাৱে অসুস্থ অৰ্চনা মহন্তৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত শিল্পীগৰাকীক আই চি ইউত ৰখা হৈছে ৷ চিকিৎসকে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে,বৰ্তমানে 6 জনীয়া চিকিৎসকৰ এটা দল শিল্পীগৰাকীৰ চিকিৎসাত বৰ্তি আছে ৷ ব্ৰেইন ষ্ট্ৰ’কৰ উপৰি মধুমেহ,উচ্চ ৰক্ত চাপ আদি ৰোগতো আক্ৰান্ত শিল্পী গৰাকী ৷ ইপিনে,শিল্পী গৰাকীৰ বাওঁ অংশও যথেষ্ট দুৰ্বল হৈ পৰাৰ কথা সাংবাদিকক অৱগত কৰে হাস্পতালখনৰ চিকিৎসকে ৷
ইপিনে মাতৃ অৰ্চনা মহন্তৰ স্বাস্থ্যৰ প্ৰতিটো সময়তে বুজ লৈছে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অসম সন্তান অংগৰাগ পাপন মহন্তই ৷ দুই এদিনতে মুম্বাই পৰা অসম পাবহি শিল্পী গৰাকী ৷
উল্লেখযোগ্য যে,ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত অৰ্চনা মহন্তক যোৱা 14 জুলাই তাৰিখে ভৰ্তি কৰোৱা হৈছিল হেল্থ চিটী হাস্পতালত ৷
লগতে পঢ়কঃশোণিতপুৰত 504 গৰাকীলৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা