গুৱাহাটী,25 আগষ্ট: অৱশেষত বহু বিতৰ্কৰ অন্তত সাময়িকভাৱে বন্ধ হ’ল বিতৰ্কিত ধাৰাবাহিক বেগমজান ৷ উদীয়মান নাট্যশিল্পী প্ৰণৱ কুমাৰ বৰুৱাৰ চিত্ৰনাট্য আৰু কাহিনী আৰু ৰাজেশ ভূঞাৰ পৰিকল্পনাৰে ধাৰাবাহিকখন পৰিচালনা কৰিছিল পৱন মহন্তই ৷ বিগত 6 জুলাইৰ পৰা ৰেঙণি নামৰ এটা ব্যক্তিগত টেলিভিচন চেনেলৰ যোগেদি সম্প্ৰচাৰ হোৱা ধাৰাবাহিকখন সম্প্ৰচাৰৰ দিনৰে পৰা সন্মুখীন হৈছিল তুমুল বিতৰ্কৰ ৷
মূলতঃ এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ক ধাৰাবাহিকখনৰ বিষয়বস্তুয়ে আঘাত হনাৰ অভিযোগ তুলি আদালতৰ দ্বাৰস্থ হৈছিল হিন্দু জাগৰণ মঞ্চ, ব্ৰাহ্মীণ য়ুথ কাউঞ্চিল, ইউনাইটেড ট্ৰাষ্ট আৰু গুণজিত অধিকাৰী নামৰ এগৰাকী ব্যক্তি ৷ গুচৰীয়াৰ অভিযোগ, ধাৰাবাহিকখনৰ বিষয়বস্তুয়ে একাংশ যুৱক-যুৱতীক বিপথে পৰিচালিত কৰিব ৷ এই সকলোবিলাক অভিযোগৰ ভিত্তিত অৱশেষত ধাৰাবাহিকখনৰ প্ৰায় পঞ্চাশটা খণ্ড সম্প্ৰচাৰ হোৱাৰ পিছত বেগমজানৰ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰে ন্যায়ালয়ে ৷ এই প্ৰসংগত মহানগৰ আৰক্ষী আয়ুক্তই ৰেঙণি টিভি কৰ্তৃপক্ষলৈ কেবল টেলিভিচন নেটৱৰ্ক ৰেগুলেচন এক্ট উলংঘা কৰাৰ সন্দৰ্ভত এক জাননী প্ৰেৰণ কৰাৰ লগতে 60 দিনৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ৷
ইফালে জনপ্ৰিয় ধাৰাবাহিকখনৰ সম্প্ৰচাৰৰ ক্ষেত্ৰত ন্যায়ালয়ে এনেদৰে নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰতি দুখ প্ৰকাশ কৰিছে ধাৰাবাহিকখনৰ অভিনেতা তথা জ্যেষ্ঠ নাট্যকৰ্মী কমলেশ শইকীয়াই ৷ বিপৰীতে,ধাৰাবাহিকখন বন্ধ হোৱাত যথেষ্ট সুখ প্ৰকাশ কৰিছে হিন্দু জাগৰণ পৰিষদে ৷ উল্লেখ্য যে,যদিও 60 দিনৰ বাবে ন্যায়ালয়ে ধাৰাবাহিকখনৰ সম্প্ৰচাৰৰ ক্ষেত্ৰত সাময়িক বাধা আৰোপ কৰিছে তথাপি 60 দিনৰ অন্ততহে প্ৰকৃত খবৰ পোহৰলৈ আহিব ৷ কিয়নো ধাৰাবাহিকখনৰ বিষয়বস্তু এতিয়াও পৰি ৰৈছে আদালতৰ মজিয়াত ৷