গুৱাহাটী, 30 জানুৱাৰীঃ বৃহস্পতিবাৰে গুৱাহাটীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু' হোটেলত অনুষ্ঠিত হয় কেৰেলা পৰ্যটন বিভাগৰ এক বিশেষ অনুষ্ঠান ৷ কেৰেলাৰ বিভিন্ন কলা-কৃষ্টি প্ৰদৰ্শিত হয় এই অনুষ্ঠানত ৷ তাৰোপৰি ৰাজ্যখনৰ ঐতিহ্যপূৰ্ণ সমল আৰু ৰাইজক আকৰ্ষিত কৰিব পৰা বহুতো বিষয়, এক তথ্যচিত্ৰৰ জৰিয়তে প্ৰদৰ্শন কৰে বিভাগটোৱে ৷ এই অনুষ্ঠানত কেৰেলাৰ বিখ্যাত মোহিনী, কথাকলি, পাৰিয়েনী, চাও, কুচিপুড়ি আদি নৃত্য প্ৰদৰ্শন কৰা হয় ৷
উল্লেখ্য যে, দেশৰ প্ৰায় দহখন গুৰুত্বপূৰ্ণ চহৰত অনুষ্ঠিত হ'ব এই অনুষ্ঠান ৷ কেৰেলাৰ পৰ্যটন ক্ষেত্ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে পৰ্যটন বিভাগে হাতত লৈছে এই পদক্ষেপ ৷
লগতে পঢ়ক ঃ শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত মে-ডাম-মে-ফি উদযাপন