ETV Bharat / state

হজযাত্ৰাৰ বাবে সাজু উত্তৰ-পূবৰ ৩৫৯৪ গৰাকী হজ যাত্ৰী - নেকিবুৰ জামান

আৰম্ভ হৈছে হজযাত্ৰাৰ প্ৰক্ৰিয়া ৷ চলিত বৰ্ষৰ হজ যাত্ৰাৰ বাবে সাজু উত্তৰ-পূবৰ হজযাত্ৰীসকল ৷ মঙ্গলবাৰে মহানগৰীস্থিত ইছলামপুৰ হাজি মুছাফিৰখানাত হজযাত্ৰীসকল উপস্থিত হৈ যাৱতীয় সকলো কাৰ্য সমাপন কৰে হজযাত্ৰীসকলে ৷

আৰম্ভ হৈছে হজযাত্ৰাৰ প্ৰক্ৰিয়া
author img

By

Published : Jul 2, 2019, 7:48 PM IST

গুৱাহাটী, 2 জুলাই : চলিত বৰ্ষৰ হজ যাত্ৰাৰ বাবে সাজু হৈ উঠিছে উত্তৰ-পূবৰ হজযাত্ৰীসকল ৷ মঙ্গলবাৰে মহানগৰীস্থিত ইছলামপুৰ হজি মোছাফিৰখানাত উপস্থিত হৈ হজযাত্ৰীসকলে সমাপন কৰে যাৱতীয় সকলো কাৰ্য ৷ এইবেলি মক্কা আৰু মদিনালৈ পবিত্ৰ হজৰ বাবে যাব উত্তৰ-পূবৰ সৰ্বমুঠ ৩৫৯৪ গৰাকী হজযাত্ৰী ৷ অসমৰ পৰা ৩৫১৫ গৰাকী , মেঘালয়ৰ পৰা ৫৫ গৰাকী, নাগালেণ্ডৰ পৰা ২২ গৰাকী আৰু অৰুণাচলৰ ৪ গৰাকী হজযাত্ৰী যাব ৷ হজযাত্ৰীসকলৰ ভিতৰত আছে ২৪৩২ গৰাকী পূৰুষ আৰু ১১৬২ গৰাকী মহিলা ।

আৰম্ভ হৈছে হজযাত্ৰাৰ প্ৰক্ৰিয়া
এয়াৰ ইণ্ডিয়াৰ বিমানযোগে ৪ জুলাইত উত্তৰ-পূবৰ হজযাত্ৰীৰ প্ৰথমটো দল গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃজাৰ্তিক বিমানবন্দৰৰ পৰা দিনৰ ২ বাজি ১৫ মিনিটত মদিনা অভিমুখে ৰাওনা হ'ব আৰু ১৮ জুলাইত গুৱাহাটীৰ পৰা মদিনা অভিমুখে উত্তৰ পূৱৰ অন্তিম দলে উৰা মাৰিব বুলি উল্লেখ কৰে হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামান ৷

Intro:প্ৰতি বছৰৰ দৰে এই বছৰো ইছলাম ধৰ্মীয় নীতি অনুসৰি হজযাত্ৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। চলিত বৰ্ষৰ উত্তৰ পূৱৰ হজযাত্ৰীসকলে হজ যাত্ৰাৰ বাবে মঙ্গলবাৰে আহি উপস্থিত হয় মহানগৰীস্থিত ইছলামপুৰ হজি মোচফীৰখানাত।

Body:উত্তৰ-পূব হজ সমন্বয়ক সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে কয় যে এইবেলি মক্কা আৰু মদিনালৈ পবিত্ৰ হজৰ বাবে উত্তৰ পূৱৰ পৰা যাব সৰ্বমুঠ ৩৫৯৪ গৰাকী হজ যাত্ৰী। এই হজযাত্ৰী সকলৰ ৩৫১৫ গৰাকী অসমৰ, ৫৫ গৰাকী মেঘালয়ৰ, ২২ গৰাকী নাগালেণ্ডৰ আৰু ৪ গৰাকী অৰুণাচল প্ৰদেশৰ। হজযাত্ৰী সকলৰ ভিতৰত পুৰুষ ২৪৩২ গৰাকী আৰু মহিলা ১১৬২ গৰাকী। এয়াৰ ইণ্ডিয়াৰ বিমানযোগে ৪ জুলাইত উত্তৰ পূৱৰ হজযাত্ৰীৰ প্ৰথমটো দল গুৱাহাটীৰ গোপিনাথ বৰদলৈ বিমানবন্দৰৰ পৰা দিনৰ ২ বাজি ১৫ মিনিটত মদিনা অভিমুখে উৰা মাৰিব। ১৮ জুলাইত গুৱাহাটীৰ পৰা মদিনা অভিমুখে উৰা মাৰিব উত্তৰ পূৱৰ অন্তিম দলটো। এয়াৰ ইণ্ডিয়াৰ প্ৰতিখন বিমানত এইবেলি গুৱাহাটীৰ পৰা মদিনালৈ উৰা মাৰিব ১৪৫ গৰাকী হজযাত্ৰী।

Conclusion:বিগত ২০১৮ বৰ্ষৰ পৰা উত্তৰ পূৱৰ হজযাত্ৰী কলকাতাৰ পৰাও হজলৈ যোৱাৰ সুব্যৱস্থা কৰা হৈছে। এইবেলি সৰ্বমুঠ ৩৫৯৪ গৰাকী হজযাত্ৰীৰ ২৯৫৮ গৰাকী গুৱাহাটীৰ পৰা ৰাওনা হোৱাৰ বিপৰীতে ৬৩৬ গৰাকীয়ে কলকাতাৰ পৰা পবিত্ৰ হজৰ বাবে ৰাওনা হব।

Byte নেকিবুৰ জামান
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.