ETV Bharat / state

সংঘাতত দুই জাতীয়তাবাদী শিবিৰ - 2021 বিধানসভা নিৰ্বাচন বাতৰি

পূৰ্বে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে আঞ্চলিকতাবাদ তথা জাতীয়তাবাদী শক্তি সমুহক এখন পতাকাৰ তলত সমবেত হোৱাৰ বাবে আহ্বান জনাইছিল। কিন্তু অতি লক্ষনীয় ভাবে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিষয়টো গুৰুত্ব সহকাৰে নললে ৷ যাৰ বাবে পৰৱৰ্তী পৰ্যায়ত দুই জাতীয়তাবাদী শিবিৰত সংঘাতৰ পৰিৱেশৰ সৃষ্টি হয় ৷

probability of conflict between two new regional parties of Assam in the upcoming 2021 MLA election
সংঘাতত দুই জাতীয়তাবাদী শিবিৰ
author img

By

Published : Sep 23, 2020, 9:45 PM IST

গুৱাহাটী, 23 ছেপ্তেম্বৰঃ ৰাজ্যৰ দুই জাতীয়তাবাদী শিবিৰৰ মাজত দেখা দিছে সংঘাত সৃষ্টিৰ আশংকা ৷ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদে জন্ম লাভ কৰাৰ পিছতেই এতিয়া অহা 30 ছেপ্তেম্বৰৰ ভিতৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নতুন আঞ্চলিক দল গঠনৰ সম্ভাৱনা প্ৰকট কৰিছে ৷ মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটীৰ গান্ধীবস্তিস্থিত মুখ্য কাৰ্যালয়ত 70টা সংগঠনৰ নেতৃত্ব সমবেত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ নতুন এই ৰাজনৈতিক দলটোৱে উজনি আৰু মধ্য অসমৰ কেইবাটাও বিধান সভা সমষ্টিত প্ৰতিদন্দ্বিতা আগবঢ়াব ৷

উল্লেখনীয় যে, পূৰ্বে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে আঞ্চলিকতাবাদী তথা জাতীয়তাবাদী শক্তি সমুহক এখন পতাকাৰ তলতে সমবেত হোৱাৰ বাবে আহ্বান জনাইছিল। মতাদৰ্শগত সংঘাত থাকিলেও অখিল গগৈয়ে আৰু তেওঁৰ নিৰ্দেশ অনুসৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বক এখন পতাকাৰ তলতে সমবেত হৈ আঞ্চলিকতাবাদী ৰাজনীতিক আগবঢ়াই নিয়াৰ কথা কৈছিল। কিন্তু অতি লক্ষণীয়ভাবে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিষয়টো গুৰুত্ব সহকাৰে নলয় ৷ যাৰ বাবে পৰৱৰ্তী পৰ্যায়ত এই দুই জাতীয়তাবাদী শিবিৰত সংঘাতৰ পৰিৱেশৰ সৃষ্টি হয় ৷ মঙলবাৰৰ সভাত নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সামাজিক গ্ৰহন যোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

যি কেইজন বুদ্ধিজীৱীৰ পৰিকল্পনাৰে অসম জাতীয় পৰিষদৰ জন্ম হৈছে, সেই লোক কেইজনেই এদিন ডবা-শংখ-মৃদংগ বজাই অসম গণ পৰিষদৰ জন্ম দিছিল ; আৰু যেতিয়া অগপই ইটোৰ পিছত আনটো জাতিধংসী সিদ্ধান্তৰে অসমবাসীৰ ওপৰত মাধমাৰ সোধাইছিল, তেতিয়া বহুকেইগৰাকী ৰাজনৈতিক সূত্ৰকাৰ নীৰৱে আছিল । যি সময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ আমোলত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুপ্তহত্যা চলিছিল তেতিয়া মাত মতা নাছিল তেনে বহু জাতীয়তাবাদী নেতাই । আনকি লালসাতেই জগদীশ ভূঞাই বিজেপিত যোগ দিছিল । বিজেপিত আশা কৰা ধৰণে সুযোগ সুবিধা উলিয়াব নোৱাৰি জগদীশ ভূঞাই এতিয়া আকৌ জাতীয়তাবাদৰ মন্ত্ৰ আওৰাইছে বুলিও মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াই ।

আনহাতে, জাতীয়তাবাদী শিবিৰৰ মাজতে সৃষ্টি হোৱা এই সংঘাতে শাসকীয় দল বিজেপিক সহায়হে কৰিব বুলি ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক-চলিত মাহতেই কৃষক মুক্তিয়ে গঠন কৰিব ৰাজনৈতিক দলঃ ভাস্কো ডি শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.