ETV Bharat / state

Ranjit Bora Murder Case : আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰক - পাঞ্জাবাৰীৰ এক্সেল একাডেমী

ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ (Ranjit Bora Murder Case) মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰক সোমবাৰে সাত দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷ পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিৎ বৰাক দিন দুপৰতে গুলীয়াই হত্যা কৰিছিল শ্বাহ আলমে ৷ উক্ত হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে আন 4 সহযোগী ডকাইতকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷

Ranjit Bora Murder Case
ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰক
author img

By

Published : Feb 6, 2023, 7:38 PM IST

ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰক

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী : সাত দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হ’ল ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ (Ranjit Bora Murder Case) মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰক ৷ সোমবাৰে আদালত হাজিৰ কৰোৱাত আৰক্ষীয়ে 14 দিনৰ জিম্মাত বিচাৰিছিল শ্বাহ আলমক তালুকদাৰক ৷ ইয়াৰ পাছতে আদালতে শ্বাহ আলমক সাত দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে আৰু অধিক জেৰাৰ বাবে আৰক্ষীৰ অপৰাধ শাখালৈ লৈ যোৱা হয় ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমক ৷

ৰাজ্য কঁপাই যোৱা ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্তসহ 5 টাকৈ ডকাইতক গুৱাহাটী মহানগৰ আৰক্ষী, কামৰূপ আৰক্ষী আৰু নলবাৰী আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে ৷ উক্ত ডকাইতকেইটাই 21 নৱেম্বৰৰ দিন দুপৰতে পাঞ্জাবাৰীৰ ৰাজপথত পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিৎ বৰাক গুলীয়াই হত্যা কৰি লুটি নিছিল 2 লাখ 45 হাজাৰ টকা (Purabi Dairy distributor Ranjit Bora murder) ৷

পাঞ্জাবাৰীৰ এক্সেল একাডেমীৰ (Excel Academy Panjabari) স্বত্বাধিকাৰী শ্বাহ আলম তালুকদাৰেই ৰঞ্জিৎ বৰাক গুলীয়াই হত্যা কৰিছিল ৷ আৰক্ষীয়ে শ্বাহ আলমক গ্ৰেপ্তাৰ কৰাৰ পাছত জেৰাত পোহৰলৈ আহিছে ন ন তথ্য ৷ শ্বাহ আলমে 2019 চনত 11 মাহৰ চুক্তিৰে গুৱাহাটীৰ পাঞ্জাবাৰীত এটা ঘৰ ভাৰালৈ লৈ এক্সেল একাডেমি নামৰ ব্যক্তিগত শিক্ষানুষ্ঠানখন চলাই আছিল ৷ চুক্তি শেষ হোৱাৰ পাছতো ঘৰ খালী কৰি নিদিয়াৰ লগতে ঘৰৰ মালিকক ভয় ভাবুকি প্ৰদান কৰি আহিছিল শ্বাহ আলম নামৰ ডকাইতটোৱে ৷

কেইবাবাৰো ঘৰৰ মালিকে সাতগাঁও থানাত অভিযোগ দিও সঁহাৰি নোপোৱাত সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) অৱগত কৰোৱাইছিল ৷ ইফালে বৰ্তমানলৈকে ঘৰটোৰ বাবদ মালিকক প্ৰায় ১৩ লাখ টকা ভাড়া আদায় দিবলৈ আছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, ইতিমধ্যে ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত শ্বাহ আলম তাদুকদাৰসহ ৫ ডকাইতক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ধৃত আনকেইটা ডকাইত ক্ৰমে সুজল আলী (২৭), জয়দেৱ মহন্ত (৪০), জিতুমণি বৰ্মন(৩৭) আৰু হৰেন পাটগিৰি ৷ আৰক্ষীৰ অভিযানত ইতিমধ্যে উদ্ধাৰ হৈছে হত্যাকাণ্ডত ব্যৱহৃত মটৰ চাইকেল, হেলমেট আৰু কাপোৰ ৷ ছজনীয়া ডকাইতৰ দলটো কেইবাটাও ডকাইতি কাণ্ডৰ লগত জড়িত বুলি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেলযোগে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: Lahowal Rape Case : লাহোৱালৰ ধৰ্ষণকাণ্ডৰ লগত জড়িত মহিলাসহ দুই যুৱককক আদালতলৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.