গুৱাহাটী, ৩০ জানুৱাৰী : অৱশেষত আৰক্ষীৰ জালত পৰিল অভিযুক্ত ফইজুদ্দিন ৷ অভিযুক্ত ফইজুদ্দিন হৈছে মহানগৰীৰ ফাঁচী বজাৰৰ ৰাজহংস হোটেলত সংঘটিত নৃশংস হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড ৷ ৰাজহংস হোটেলত সংঘটিত নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত ফইজুদ্দিনক দেওবাৰে দিনহাটা আৰক্ষীৰ সহযোগত পাণবজাৰ আৰক্ষীয়ে কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Prime accused in fancy bazar murder case arrested)।
তথ্য অনুসৰি, কোচবিহাৰৰ দিনহাটাৰ নিৰালা হোটেলত বিগত ২৬ জানুৱাৰীৰ পৰা আত্মগোপন কৰি আছিল অভিযুক্ত ফইজুদ্দিনে ৷ গোৱালপাৰাৰ ফইজুদ্দিনে ১৪ জানুৱাৰীৰ দিনা ফাঁচীবজাৰৰ ৰাজহংস হোটেললৈ আহিছিল ৷ তেওঁৰ লগত আহিছিল আমিষা খাতুন ৷ আমিষা খাতুনক হোটেল কৰ্তৃপক্ষৰ আগত ফইজুদ্দিনে পত্নী বুলি চিনাকী দিছিল ৷ আনকি ফইজুদ্দিনে আমিষা খাতুনক পত্নী বুলি চিনাকী দি হোটেলখনত পঞ্জীয়ন বুকত নাম অন্তৰ্ভুক্ত কৰিছিল ৷ কিন্তু প্ৰকৃততে অমিষা খাতুন ফইজুদ্দিনৰ প্ৰেমিকাহে আছিল ৷ ইফালে হোটেল কৰ্তৃপক্ষই তেওঁলোকক ২০৬ নং কোঠা প্ৰদান কৰিছিল ৷
ইমানখিনিলৈকে সকলো ঠিকেই আছিল ৷ হোটেল কৰ্তৃপক্ষয়ো ফইজুদ্দিনৰ কোনো কথা ধৰিব পৰা নাছিল ৷ কিয়নো ফইজুদ্দিনে লোক নিৰ্মাণ বিভাগৰ মগৰী পদত অধিস্থিত হোৱাৰ হেতুকে মাজে সময়ে গুৱাহাটীলৈ আহিলে ফাঁচীবজাৰৰ ৰাজহংস হোটেলতে আশ্ৰয় গ্ৰহণ কৰিছিল । একপ্ৰকাৰে ৰাজহংস হোটেলৰ নিয়মীয়া গ্ৰাহক আছিল ফইজুদ্দিন ৷ সেয়ে হয়তো ৰাজহংস হোটেল কৰ্তৃপক্ষয়ো বেছি বিচাৰ বিবেচনা কৰা নাছিল ৷
লগতে পঢ়ক : Ahmedabad Crime: তিনিবাৰকৈ বিবাহ সম্পন্ন কৰা স্বামীয়ে দ্বিতীয় পত্নীক হত্যাৰ অভিযোগ
কিন্তু আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ২৩ জানুৱাৰীৰ দিনা ফইজুদ্দিন আৰু তেওঁৰ প্ৰেমিকা আমিষা খাতুনৰ লগত অৰ্থনৈতিক কিছু বিষয়ত কাজিয়া হয় ৷ ফলত ফইজুদ্দিনে ২৩ জানুৱাৰীত আমিষা খাতুনৰ মুখত কাপোৰ ভৰাই হত্যা কৰি সেই স্থানৰ পৰা পলায়ন কৰে (Fancy Bazaar murder case) ৷
বিগত ২৩ জানুৱাৰীৰ পৰা দুদিন হোটেলখনৰ ২০৬ নং কোঠাটো বাহিৰৰ পৰা তলা প্ৰত্যক্ষ কৰি হোটেলখনৰ কৰ্মচাৰীৰ মনত সন্দেহ ওপজে ৷ সেয়ে হোটেল কৰ্তৃপক্ষই ২৫ জানুৱাৰীৰ দিনা তলা খুলি কোঠাত প্ৰৱেশ কৰোতেহে ওলাই পৰে উৰহী গছৰ ওৰ ৷ ২০৬ নং কোঠাৰ বিচনাত আমিষা খাতুনৰ মৃতদেহ প্ৰত্যক্ষ কৰি হোটেল কৰ্তৃপক্ষই খবৰ দিয়ে আৰক্ষীক ৷ খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷ এই হত্যাকাণ্ড পোহৰলৈ অহাৰ পিছতে লগে লগে আৰক্ষীৰ দলটোৱে হত্যাকাণ্ডৰ মূল অভিযুক্ত ফইজুদ্দিনক বিচাৰি আৰক্ষীয়ে অভিযান চলায় ।
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, অভিযুক্ত ফইজুদ্দিনে বিভিন্ন ফোনৰ নন্বৰ ব্যৱহাৰ কৰিছিল ৷ সেই ফোনৰ কলৰ ভিত্তিতেই আৰক্ষীয়ে অনুসন্ধান চলাই দেওবাৰে কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ফইজুদ্দিনক । তাৰ পাচতে আৰক্ষীয়ে সোমবাৰে ফইজুদ্দিনক আদালত হাজিৰ কৰি নিজৰ জিন্মাত লয় । ইফালে আৰক্ষীয়ে বৰ্তমানলৈ নিহত আমিষা খাতুনৰ ঘৰ ক’ত সেই সন্দৰ্ভত লাভ কৰা নাই কোনো সম্ভেদ ।
লগতে পঢ়ক : Ex-husband kills wife: পূৰ্বৰ স্বামীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পত্নীক !