গুৱাহাটী, ২ জানুৱাৰী : বিগত ৭ টা বছৰৰ দৰে এইবছৰো দেশৰ জনতাক নৰেন্দ্ৰ মােদী চৰকাৰে উপহাৰ স্বৰূপে দিছে মূল্যবৃদ্ধি । এই মন্তব্য ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছ নেত্রী আমী য়াজনিকৰ । দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেত্রীগৰাকীয়ে মোডী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । মূল্যবৃদ্ধিৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে, পহিলা জানুৱাৰী পৰা ৫ শতাংশৰ পৰা ১২ শতাংশলৈ জি এছ টি বৃদ্ধি কৰিবলৈ কেন্দ্রীয় চৰকাৰে লােৱা সিদ্ধান্তৰ ফলত তৈয়াৰী পােছাক-পৰিচ্ছদ আৰু কাপােৰৰ দাম আশাতীত হাৰত বৃদ্ধি পাব (Rise in clothing prices) ।
তাৎপর্যপূর্ণ কথা যে, কংগ্ৰেছ দল আৰু কংগ্ৰেছ-শাসিত ৰাজ্যসমূহে প্ৰৱল আপত্তি তােলাৰ বাবে আৰু ৫ ৰাজ্যৰ আহি থকা নির্বাচন (Upcoming election in 5 states of India) ত ইয়াৰ বিৰূপ প্ৰভাৱ নিশ্চিত বুলি অনুমান কৰি চৰকাৰে লৰালৰিকৈ এই জি এছ টি বৃদ্ধিৰ সিদ্ধান্ত অহা ২৮ ফেব্ৰুৱাৰী পর্যন্ত স্থগিত ৰাখিছে । নির্বাচনৰ পটভূমিত এই তাৰিখ এমাহলৈ স্থগিত ৰখাৰ হয়তাে সিদ্ধান্ত হৈছে, ইয়াক বাতিল কৰাৰ সিদ্ধান্ত কিন্তু হােৱা নাই ।
অর্থাৎ নির্বাচনৰ ফলাফল বাহিৰ হােৱাৰ পিছতে জনতাক জুৰুলা কৰা এই কৰৰ হাৰ পুনৰ জাপি দিয়াৰ দুৱাৰ খােলা ৰখা হ'ল । তেওঁ কয় যে, জি এছ টিৰ এই অতিমাত্রা বৃদ্ধিয়ে সীমাহীনভাৱে উৎপাদন ব্যয় বৃদ্ধি কৰিব আৰু পৰিণতিত মূল আৰু আনুসাংগিক উদ্যোগসমূহৰ ১৫ লাখৰাে অধিক লােকে চাকৰি হেৰুৱাব । দেশৰ ৮০ শতাংশ বস্ত্র অসংগঠিত খণ্ডৰ পৰা উৎপাদিত হয় । আনহাতে, জি এছ টিৰ ফলত বৃদ্ধি পাব জোতা-চেন্দেলৰ দাম ।
জি এছ টিৰ হাৰ জোতা-চেন্দেলৰ ক্ষেত্ৰতাে ৫ৰ পৰা ১২ শতাংশ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত হৈছে (Price rise in footwear items) । উচ্চ হাৰৰ কৰ প্রৱর্তনে গ্রাহক আৰু উৎপাদনকাৰী উভয় পক্ষকে এক অনিশ্চয়তাৰ মাজলৈ লৈ যােৱাৰ এক পৰিৱেশ ইতিমধ্যে ৰচনা কৰিছেই বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে, বজাৰত ব্যাপকভাৱে চলা সামগ্ৰীৰ দাম ১০ শতাংশ পর্যন্ত বৃদ্ধি পাব । নিত্যব্যৱহার্য সামগ্ৰীসমূহৰ দাম ৬ৰ পৰা ১০ শতাংশ পর্যন্ত বৃদ্ধি পাব ।
ইফালে, বেংক এ টি এমৰ পৰা নিজৰ ধন উলিয়াওঁতেও ভৰিব লাগিব বৰ্ধিত মাচুল । তেওঁ কয় যে, ৰিজাৰ্ভ বেংকৰ মতে বিনা-মাচুলে নগদ ধন উলিওৱাৰ নিৰ্ধাৰিত সীমা অতিক্রম কৰাৰ পিছত প্ৰতিটো পৰৱর্তী এনে পদক্ষেপৰ বাবে গ্রাহক সকলে বেংকক ২১ টকাকৈ মাচুল দিব লাগিব । সেইদৰে অনলাইন বুকিং কৰিলে যাত্রীয়ে ৫ শতাংশ জি এছ টি দিব লাগিব চৰকাৰক । এই নীতি নতুন বছৰৰ পহিলা দিনটোৰ পৰাই বলৱৎ কৰা হৈছে । আনহাতে, গাড়ী ক্রয় কৰাটো এতিয়াৰ পৰা হ'ব অধিক ব্যয়বহুল ।
আনহাতে, চিমেণ্ট, তীখা (ষ্টীল)ৰ দামৰ উৰ্দ্ধমুখী গতি অব্যাহত থাকিব বুলি উল্লেখ কৰে । সেইদৰে গ্রাহকসকলে এটা নির্দিষ্ট সীমাৰ অতিৰিক্ত নগদ ধন উলিওৱাৰ বাবদ দিবলগীয়া মাচুল ১ জানুৱাৰীৰ পৰা বৃদ্ধি কৰা হ'ল । মূল ছেভিংছ একাউণ্টৰ পৰা প্রতি মাহে চাৰিবাৰ বিনা মাচুলে ধন উলিয়াব পাৰিব যদিও ইয়াৰ পৰৱর্তী প্রতিবাৰ উলিয়াওতে ০.৫০ শতাংশ কৈ মাচুল গ্রাহকে ভৰিব লাগিব ।
ইমান ব্যয়বহুল নতুন বছৰৰ উপহাৰ মােদীয়ে দেশবাসীক দিছে বুলি কটাক্ষ কৰি তেওঁ কয় যে ২০১৪ চনত ক্ষমতালৈ অহাৰ পৰা বিগত ৭ টা বছৰে দেশৰ জনতাৰ ওপৰত উচ্চহাৰৰ কৰ-কাটল বহুৱাই ভয়ানক মূল্যবৃদ্ধিত অৰিহণা যােগাই আহিছে মোডী চৰকাৰে । তেওঁ কয়, '' বৰ্তমান পৰিস্থিতিত দেশৰ ৰাইজে ক’বলৈ আৰম্ভ কৰিছে যে মােদী য'ত, মূল্যবৃদ্ধি ত'ত । মূল্যবৃদ্ধিত সিদ্ধহস্ত মােদী চৰকাৰ। ‘মােদী’ আৰু ‘মূল্যবৃদ্ধি’- দুয়ােটাই দেশখনৰ বাবে ক্ষতিকাৰক । '' সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে কেইবাজনো নেতা উপস্থিত আছিল ।
লগতে পঢ়ক : Liquor sales record in Guwahati: নৱবৰ্ষ বুলি এদিনত 6 কোটিৰ সুৰা বিক্ৰী গুৱাহাটীত