গুৱাহাটী,২৪ ফেব্ৰুৱাৰী : এটা সময় আছিল যেতিয়া ৰন্ধন গেছৰ মূল্যবৃদ্ধিকলৈ বিজেপিয়ে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল । সেই বিজেপিৰ শাসনকালতেই এতিয়া ৰন্ধন গেছৰ মূল্যই সৰ্বসাধাৰণ নাগৰিকক জলা-কলা খুৱাইছে । দিনক দিনে বৃদ্ধি পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য (LPG price hike)। লক্ষণীয় বিষয় যে, এফালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে আৰু আনফালে ৰাজসাহায্যৰ ধনৰ পৰিমাণ কমি আহিছে ।
আৰম্ভনিতে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ বাবদ উপভোক্তাৰ একাউণ্টত ৰাজসাহায্যৰ ধন হিচাপে আঢ়ৈশ টকাৰ ওপৰত সোমাইছিল । কিন্তু এতিয়া সেই পৰিমাণ কমি আহি মাত্র ৫২ টকা হৈছে (Domestic cooking gas subsidy cut)। বিপৰীতে আজিৰ তাৰিখত ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হৈছে ১,১০২ টকা । ইফালে ৰাজসাহায্যৰ এই ৫২ টকাও নিয়মীয়াকৈ বেংক একাউণ্টত জমা নহয় । আনহাতে বহু উপভোক্তাৰ একাউণ্টত সেই টকাও জমা নহয় ।
উল্লেখ্য যে, প্রধানমন্ত্রী নৰেন্দ্র মোডী চৰকাৰে প্ৰথম অৱস্থাত ১৪.৬ কিলোগ্ৰাম ওজনৰ ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰ ক্ৰয়ৰ বিপৰীতে গ্ৰাহকৰ বেংকত পোনপটীয়াকৈ ২৫২ টকা পৰ্যন্ত ৰাজসাহায্য ৰূপে জমা দিছিল । কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে গ্ৰাহকৰ বেংকত ৰাজসাহায্যৰ ধন সোমোৱাৰ পৰিমাণ কমি আহিল । পূৰ্বৰ তুলনাত ঘৰুৱা ৰন্ধন গেছৰ এটা চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈ বৰ্তমান ১,১০২ টকা হ'ল যদিও ইয়াৰ ৰাজসাহায্যৰ পৰিমাণ কমি আহি হ'লহি মাত্র ৫২ টকা ।
৬০০ টকা দামৰ গেছ চিলিণ্ডাৰ ক্ৰয় কৰোতে ১৮০-২০০ টকা লাভ কৰা এজন উপভোক্তাই এতিয়া পায় মাত্র ৫২ টকাৰ ৰাজসাহায্য । আনহাতে একাংশ উপভোক্তাৰ একাউণ্টত বছৰজুৰি জমা হোৱা নাই চিলিণ্ডাৰৰ ৰাজসাহায্যৰ ধন । ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ ৰাজসাহায্য এনেদৰে গ্ৰাহকক কমাই দিয়াৰ মূলতে হ'ল ৰাজসাহায্যৰ শিতানত কেন্দ্ৰৰ বিজেপি চৰকাৰে নিৰ্ধাৰিত পুঁজিৰ ধন কৰ্তন (BJP government deducts funds earmarked for subsidy)। এই কথা কেন্দ্ৰীয় চৰকাৰে নিজে স্বীকাৰ কৰিছে ।
এই সন্দৰ্ভত চৰকাৰে তথ্য দিছে সংসদত । তদুপৰি পেট্র'লিয়াম পৰিকল্পনা আৰু বিশ্লেষণ বিভাগৰ বার্ষিক প্রতিবেদনতো এই কথা সদৰি কৰা হৈছে । তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ ৰাজসাহায্যৰ বাবে ২০২১-২২ বৰ্ষত ব্যয় কৰিছিল ২৪২ কোটি টকা । ইয়াৰ বিপৰীতে ২০১৯-২০ বৰ্ষত গেছ চিলিণ্ডাৰৰ ৰাজসাহায্যৰ বাবদ ব্যয় কৰিছিল ২২,৭২৬ কোটি টকা (Government expenditure on gas cylinder subsidy)।
কিন্তু ইয়াৰ পিচৰ বৰ্ষৰ পৰাই চৰকাৰে কমাই আনে ৰাজসাহায্যৰ ধন । ২০২০-২১ বৰ্ষত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৰাজসাহায্যৰ নামত ব্যয় কৰে ৩,৬৫৮ কোটি টকা । ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে বৰ্তমান সময়ত নামতহে চলি আছে এই ৰাজসাহায্যৰ ব্যৱস্থা । প্ৰকৃততে কেন্দ্রীয় চৰকাৰে ৰাজসাহায্যৰ নামত ৰাইজক আঁভুৱা-ভাৰিছে ।
লক্ষ্যনীয় বিষয় যে, মোডী চৰকাৰে অতি কৌশলেৰে আৰু সংগোপনে হ্ৰাস কৰি আনিছে বিভিন্ন ক্ষেত্ৰৰ ৰাজসাহায্যৰ ধন । ব্যাপক প্রচাৰ আৰু বাহুল্যভাৱে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে প্রথম অৱস্থাত বিভিন্ন আঁচনিৰ ৰাজসাহায্যৰ শিতানত হাজাৰ হাজাৰ কোটি টকা ধার্য কৰিছিল যদিও এতিয়া এই ধনৰ পৰিমাণ ক্ৰমাৎ হ্রাস কৰি আনিছে । ইয়াৰ অন্যতম উদাহৰণ ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰ (Subsidized cooking gas cylinders price)।
উল্লেখ্য় যে, কেন্দ্ৰীয় চৰকাৰৰ ৰাজসাহায্যৰ শিতানত ব্যয় সংকোচনৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ ৰাজসাহায্যত । কেন্দ্ৰীয় চৰকাৰে কেৱল ৰন্ধন গেছ চিলিণ্ডাৰতে নহয় প্রধানমন্ত্রী উজ্জ্বলা যোজনা শিতানতো হ্রাস কৰিছে ৰাজসাহায্যৰ পৰিমাণ । এই শিতানত ২০১৯-২০ বৰ্ষত ১,৪৪৬ কোটি টকা ব্যয় কৰাৰ বিপৰীতে ২০২০-২১ বৰ্ষত ব্যয় কৰে মাত্ৰ ৭৬ কোটি টকা । ইয়াৰ দ্বাৰা চৰকাৰখনে কিদৰে জনগণক আঁভুৱা-ভাৰি আহিছে সেই কথা সহজতে অনুমান কৰিব পাৰি ।
লগতে পঢ়ক :PM Narendra Modi election campaign at Nagaland: উত্তৰ-পূবক ATM হিচাপে ব্যৱহাৰ কৰিছিল কংগ্ৰেছে