ETV Bharat / state

Price hike in medicine : বৃদ্ধি পাইছে জীৱনদায়িনী ঔষধৰ মূল্য

author img

By

Published : Nov 30, 2021, 5:04 PM IST

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে জীৱনদায়িনী ঔষধৰ মূল্য(Medicine price hike in Guwahati) ৷ শেহতীয়াকৈ ঔষধৰ মূল্যবৃদ্ধিয়ে খাটিখোৱা লোকসকলক অতিষ্ঠ কৰি তোলা পৰিলক্ষিত হৈছে ৷ কোনবিধ ঔষধত কিমান দাম বৃদ্ধি হৈছে, জানিবলৈ সবিশেষ পঢ়ক...

medicine price hike in guwahati
গুৱাহাটীত ঔষধৰ মূল্যবৃদ্ধি

গুৱাহাটী, 30 নৱেম্বৰ : ঔষধৰ বজাৰত এতিয়া জেনেৰিক ঔষধ(Generic medicine in market)য়েই হওক বা নন-জেনেৰিক ঔষধ(Non generic medicine in market)য়েই হওক, সকলো ধৰণৰ ঔষধৰ ব্যাপক মূল্যবৃদ্ধি হোৱা দেখা গৈছে ৷ গুৱাহাটী মহানগৰীতো নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ আৰু নিৰ্মাণ কাৰ্যত ব্যৱহৃত সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি(Medicine price hike in Guwahati)য়ে অতিষ্ঠ কৰি তুলিছে সাধাৰণ মানুহৰ জীৱনযাত্ৰা । বিশেষকৈ জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিয়ে খাটিখোৱা লোকসকলক ত্ৰাহি মধুসূদন সোঁৱৰাব লগা হৈছে ৷

গুৱাহাটীত ঔষধৰ মূল্যবৃদ্ধি

Assam Drug Dealer Association ৰ তথ্য অনুসৰি, এপেকেট Pantocid DSR ৰ খুচুৰা মূল্য 205 টকাৰ পৰা 210 টকা, এপেকেট Pantocid 40 ৰ খুচুৰা মূল্য হৈছে 159 টকাৰ পৰা 165 টকা, Stamlo Beta ৰ প্ৰতি পেকেটত খুচুৰা মূল্য 165.55 টকাৰ পৰা 182 টকা, এপেকেট Becosule ৰ খুচুৰা মূল্য 41.53 টকাৰ পৰা 45.67 টকা, T Bact Oint ৰ প্ৰতি পেকেটত খুচুৰা মূল্য 121.55 টকাৰ পৰা 134 টকা, এপেকেট Sompraz L Cap ৰ খুচুৰা মূল্য 213 টকাৰ পৰা 232 টকালৈ বৃদ্ধি কৰা হৈছে ।

একেদৰে Shelcal Tab ৰ প্ৰতি পেকেটত খুচুৰা মূল্য 89 টকাৰ পৰা 110 টকা, এপেকেট Lantus Cartridge ৰ খুচুৰা মূল্য 657 টকাৰ পৰা 723 টকা, এপেকেট Huminsulin Cartridge ৰ খুচুৰা মূল্য 322 টকাৰ পৰা 354 টকা, এপেকেট Bevin Syp ৰ খুচুৰা মূল্য 143 টকাৰ পৰা 159 টকা, Pantop DSR ৰ প্ৰতি পেকেটত খুচুৰা মূল্য 119 টকাৰ পৰা 130 টকা, এপেকেট O2 Tab ৰ খুচুৰা মূল্য 137 টকাৰ পৰা 149 টকা আৰু এপেকেট Zerodol Sp Tab ৰ খুচুৰা মূল্য 97 টকাৰ পৰা 108 টকা বৃদ্ধি হৈছেগৈ ৷

ইয়াৰোপৰি, এপেকেট Bevin Cap ৰ খুচুৰা মূল্য 109 টকাৰ পৰা 121 টকা, এপেকেট Janumet ৰ খুচুৰা মূল্য 380 টকাৰ পৰা 405 টকা বৃদ্ধি কৰা হৈছে । এপেকেট Tripride 2mg ৰ খুচুৰা মূল্য 250 টকাৰ পৰা 272 টকা, Pantocid L ৰ প্ৰতি পেকেটত খুচুৰা মূল্য 222 টকাৰ পৰা 244 টকা, এপেকেট Softovac ৰ খুচুৰা মূল্য হৈছে 155 টকাৰ পৰা 185 টকা, এপেকেট Hicks Thermometer ৰ খুচুৰা মূল্য 90 টকাৰ পৰা 244 টকালৈ বৃদ্ধি কৰা হৈছে ।

ঔষধৰ দাম বৃদ্ধি সন্দৰ্ভত Assam Drug Dealer Association ৰ সভাপতি প্ৰফুল্ল শৰ্মাই কয় যে, ঔষধৰ দাম বৃদ্ধি(Medicine price hike in Assam) হোৱাতো সঁচা । ঔষধৰ দাম বৃদ্ধি হোৱাৰ ক্ষেত্ৰত জড়িত হৈ আছে চৰকাৰৰ নীতিৰ লগতে বিভিন্ন কাৰক । ইফালে, North East Medical and Sales Representative Union ৰ সাধাৰণ সম্পাদক ৰাহুল পুৰকায়স্থই কয় যে, চৰকাৰৰ নীতি, Pharmaceutical Company বোৰৰ লবি আৰু মানুহৰ সজাগতাৰ অভাৱৰ বাবে মূলতঃ বৃদ্ধি পাইছে ঔষধৰ মূল্য ৷

লগতে পঢ়ক : Covid Resistant Mask: গুৱাহাটী আই আই টিৰ উদ্ভাৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.