ETV Bharat / state

Eid Ul Fitr 2022: ঈদৰ উছাহত প্ৰভাৱ পেলাইছে সামগ্ৰীৰ আকাশলংঘী দামে

author img

By

Published : May 2, 2022, 10:40 PM IST

পবিত্ৰ ৰমজান মাহৰ অন্ত পেলাই সমগ্ৰ বিশ্ববাসীৰ লগতে ইছলাম ধৰ্মাৱলম্বী অসমীয়ায়ো মঙলবাৰে উদযাপন কৰিব ঈদ-উল-ফিতৰ (Eid Ul Fitr 2022)৷ ন-জোনে আদৰিব আনন্দৰ মূহুৰ্তক ৷ দৰিদ্ৰজনক এমুঠি অন্নদানৰ পাছতেই ঈদগাহত শিশুৰ পৰা বৃদ্ধলৈকে একত্ৰিত হৈ পঢ়িব নামাজ ৷ মুঠতে মুছলমান সমাজত এতিয়া আয়োজনৰ অন্ত নাই ৷ বিগত দুটা বছৰে কাঢ়ি নিয়া আনন্দখিনি পুনৰুদ্ধাৰৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে মুছলমানসকল ৷

Eid Ul Fitr 2022
ঈদৰ উছাহত প্ৰভাৱ পেলাইছে সামগ্ৰীৰ আকাশলংঘী দামে

মৰাণ/গুৱাহাটী: পবিত্ৰ ৰমজান মাহৰ অন্ত পেলাই সমগ্ৰ বিশ্ববাসীৰ লগতে ইছলাম ধৰ্মাৱলম্বী অসমৰ লোক মঙলবাৰে উদযাপন কৰিব ঈদ-উল-ফিতৰ (Eid Ul Fitr 2022)৷ ন-জোনে আদৰিব আনন্দৰ মূহুৰ্তক ৷ দৰিদ্ৰজনক এমুঠি অন্নদানৰ পাছতেই ঈদগাহত শিশুৰ পৰা বৃদ্ধলৈকে একত্ৰিত হৈ পঢ়িব নামাজ ৷

মুঠতে মুছলমান সমাজত এতিয়া আয়োজনৰ অন্ত নাই ৷ বিগত দুটা বছৰে কাঢ়ি নিয়া আনন্দখিনি পুনৰুদ্ধাৰৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে মুছলমানসকল ৷ নানাৰঙী সুস্বাদু খাদ্যই ৰঙীন কৰি তুলিছে ঈদৰ বজাৰ । তথাপি ভিৰ বঢ়া নাই বজাৰসমূহত ৷ উপভোগৰ আয়োজনত যেন চেঁচাপানী ঢালিছে অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে ৷

ঈদৰ আয়োজনত যেন হেঙাৰ হৈ ঠিয় দিছে খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যই (Price hike of commodities effects Eid) ৷ সাধাৰণ জনতাই বহন কৰিব নোৱাৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যই যেন ম্লান কৰিছে ঈদৰ আনন্দ ৷ মৰাণৰ ঈদৰ বজাৰত সেৰেঙা উপস্থিতি গ্ৰাহকৰ ৷ যিকেইজনে দুই এপদ সামগ্ৰী ক্ৰয় কৰিবলৈ আহিছে, তেওঁলোকেও কাঢ়িছে হুমুনিয়াহ ৷

উদযাপনত হেঙাৰ হোৱা দামবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে সমগ্ৰ বজাৰখনতে ৷ ঈদৰ শেষ বজাৰতো দেখা পোৱা নগ’ল গ্ৰাহকৰ ভিৰ ৷ মহানগৰীৰ বজাৰতো অনুৰূপ পৰিৱেশ ৷ বজাৰত মূল্যবৃদ্ধিৰ জুয়ে দহিলেও বাধা নেওচি মুছলমান ধৰ্মাৱলম্বী লোকসকলে মঙলবাৰে উদযাপন কৰিব ঈদ-উল-ফিতৰ (Eid celebration in Assam)।

লগতে পঢ়ক: বজাৰত জুই; তাৰ মাজতে ৰাজ্যজুৰি পবিত্ৰ ঈদৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.