ETV Bharat / state

মূল্যবৃদ্ধি : পানীত হাঁহ নচৰা অৱস্থা সাধাৰণ জনতাৰ

author img

By

Published : Oct 31, 2021, 5:37 PM IST

হুৰা-হুৰে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ অত্যৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে মাধমাৰ সোধাইছে সৰ্বসাধাৰণক ৷ পানীত হাঁহ নচৰা অৱস্থা সাধাৰণ জনতাৰ ৷

Price hike
হুৰা-হুৰে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য

গুৱাহাটী, ৩১ অক্টোবৰ : ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাম টাঙোন সোধাইছে সাধাৰণ জনতাক । ইতিমধ্যে পেট্ৰ’লৰ মূল্যই পাৰ কৰিছে 100 ৰ ঘৰ ৷ ইফালে ডিজেলৰ মূল্যই 100 ৰ ঘৰ পাৰ কৰাৰ উপক্ৰম ঘটিছে ৷

মহানগৰীত আজি অৰ্থাৎ দেওবাৰৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্যই চুইছে গৈ ১০৫.৩৭ টকা ঘৰ আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত হৈছে ৯৭.৯৮ টকা । শনিবাৰৰ দিনটো মহানগৰীত পেট্ৰ’লৰ মূল্য ১০৫.১ টকা আৰু ডিজেলৰ মূল্য ৯৭.৬১ টকা আছিল । ইয়াৰ বিপৰীতে ২৯ অক্টোবৰত পেট্ৰ’লৰ মূল্য আছিল ১০৪.৬৫ টকা আৰু ডিজেলৰ মূল্য ৯৭.২৪ টকা ।

আনকি ২৮ অক্টোবৰত পেট্ৰ’লৰ প্ৰতি লিটাৰত মূল্য ১০৪.৩০ টকা আৰু ডিজেল ৯৬.৮৭ টকা আছিল ।

মন কৰিবলগীয়া যে, প্ৰতিটো দিনতে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য । এই মূল্যবৃদ্ধিয়ে ৰাজহাঁড়তেই কোব সোধাইছে সাধাৰণ জনতাক ৷ এক প্ৰকাৰে ক’ব পাৰি যে, এই মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে সাধাৰণ লোকৰ জীৱনত ৷

চৰকাৰলৈ মহানগৰবাসীৰ আহ্বান; ‘নিয়ন্ত্ৰণ কৰক পেট্ৰ’ল ডিজেলৰ মূল্য ৷ জনসাধাৰণৰ হিতৰ সপক্ষে থিয় হওক ৰাজ্য চৰকাৰ’ ৷ এতিয়া প্ৰশ্ন হয়, আগন্তুক দিনত পেট্ৰ’ল ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব ? সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : নাট মঞ্চস্থ কৰাক লৈ নিজৰ মাজতে মত-বিৰোধ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.