ETV Bharat / state

গ্ৰামাঞ্চলৰ ৬৩ লাখ পৰিয়ালক সামৰিব জল জীৱন মিছনে: ৰিহণ দৈমাৰী - Rihan Daimary

কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহাৰ্যত অসমত আৰম্ভ হোৱা জল জীৱন মিছন নামৰ প্ৰায় 25,000কোটি টকীয়া এক অভিলাষী প্ৰকল্পৰ কথা ঘোষণা কৰিবলৈ বুধবাৰে এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷ আঁচনি অনুসৰি পৰৱৰ্তী তিনিবছৰত ৰাজ্যৰ প্ৰায় 63 লাখ পৰিয়ালক যোগান ধৰা হ’ব খোৱা পানী ৷

Pressmeet of Rihan Daimary guwahati assam etv bharat news
ৰিহণ দৈমাৰীৰ সংবাদমেল
author img

By

Published : Jun 10, 2020, 7:32 PM IST

গুৱাহাটী,10 জুন: অসমৰ জনসাধাৰণৰ বাবে আজিও এটুপি বিশুদ্ধ খোৱাপানী মাত্ৰ এক অলীক সপোন ৷ বিশুদ্ধ খোৱাপানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত হৈ থকাৰ খবৰে সংবাদ শিৰোনামা দখল কৰি থকাৰ সময়তে বুধবাৰে বিভাগীয় মন্ত্ৰী ৰিহণ দৈমাৰীয়ে জনাইছে যে,অসমত বৰ্তমান 3,308টা পানী যোগান আঁচনি বিকল হৈ পৰিত্যক্ত অৱস্থাত আছে । কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহাৰ্যত অসমত আৰম্ভ হোৱা জল জীৱন মিছন নামৰ প্ৰায় 25,000কোটি টকীয়া এক অভিলাষী প্ৰকল্পৰ কথা ঘোষণা কৰিবলৈ সম্বোধন কৰা সংবাদমেলত ইটিভি ভাৰতৰ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মুঠ 8,238 খন পানী যোগান আঁচনিৰ উল্লিখিত সংখ্যক আঁচনি বিকল হৈ থকাৰ কথা প্ৰকাশ কৰে ৷ মন্ত্ৰীগৰাকীৰ মতে,বৰ্তমান কাৰ্যক্ষম হৈ থকা আঁচনিৰ সংখ্যা হৈছে 5,130খন ।

ৰিহণ দৈমাৰীৰ সংবাদমেল

তাৎপৰ্যপূৰ্ণভাৱে বিভাগীয় সংবাদমেলত জল জীৱন মিছনে অনা সম্ভাৱনা সন্দৰ্ভত বাখ্যা আগবঢ়াই মন্ত্ৰী দৈমাৰীয়ে কয় যে,এই প্ৰকল্পই 2024 চনৰ ভিতৰত 61,75,178 টা পৰিয়ালক সংযোগ কৰিব ৷ এতিয়ালৈকে ৰাজ্য চৰকাৰে মাত্ৰ 1.17 লাখ পৰিয়াললৈ পাইপযোগে পানী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কিন্তু এই সংখ্যা ৰাজ্যৰ মুঠ পৰিয়ালৰ মাত্ৰ 2.2 শতাংশহে ৷ অৰ্থাৎ যিটো বিভাগে বিগত 45 বছৰত মাত্ৰ দুই শতাংশ পৰিয়াললৈহে পাইপৰ জৰিয়তে পানী যোগান ধৰিবলৈ সক্ষম হৈছে, সেই বিভাগে পৰৱৰ্তী তিনিবছৰৰ ভিতৰতে প্ৰায় 63 লাখ পৰিয়ালক খোৱা পানী যোগান ধৰিব পৰাতো একপ্ৰকাৰৰ প্ৰত্যাহ্বানৰ বিষয় হ’ব ৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে অসমত এই আঁচনিৰ অধীনত জানুৱাৰী-মাৰ্চ মাহত ১১ লাখ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল জনস্বাস্থ্য কাৰিকৰী বিভাগক । কিন্তু লক ডাউনৰ বাবে এই আঁচনিৰ কামত স্থবিৰতা আহে ৷ মন্ত্ৰীগৰাকীয়ে জল জীৱন মিছন আঁচনিৰ অধীনত অসমত হ’বলগা কামৰ লগতে নিবনুৱা সমস্যা সমাধান কৰিবলৈ তিনি লাখ নিবনুৱাক প্লাম্বাৰ আৰু ফিটাৰ মিষ্টিৰ প্ৰশিক্ষণ দিব জনস্বাস্থ্য কাৰিকৰী বিভাগে ৷

লগতে চাওকঃ ইটিভি ভাৰতৰ বাতৰিৰ পিচতে সুনীল গগৈলৈ সহায়ৰ হাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.