ETV Bharat / state

গুৱাহাটীত পুনৰ লক্ ডাউন : পূৰ্বতকৈ কঠোৰ হ'ব নীতি-নিৰ্দেশনা - সংবাদমেল

ৰাজধানী চহৰ গুৱাহাটীত শেহতীয়াকৈ কৰ’ণা সংক্ৰমণৰ হাৰ যি দ্ৰুত গতিত ঊৰ্ধমুখী হৈছে তালৈ লক্ষ্য কৰি ৰাজ্য চৰকাৰে দেওবাৰ অৰ্থাৎ ২৮ জুনৰ মাজনিশা ১২ বজাৰ পৰা পুনৰ ১৪ দিনৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি সমগ্র কামৰূপ(ম) জিলাত লক ডাউন ঘোষণা কৰিছে । শুকুৰবাৰে দুপৰীয়া এক সংবাদমেলত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

Pressmeet of Himanta Biswa Sarma from NHM Office guwahati kamrup metro assam etv bharat news
স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
author img

By

Published : Jun 26, 2020, 5:40 PM IST

গুৱাহাটী,26 জুন: পুনৰ লক ডাউন । ৰাজধানী চহৰ গুৱাহাটীত শেহতীয়াকৈ কৰ’ণা সংক্ৰমণৰ হাৰ যি দ্ৰুত গতিত ঊৰ্ধমুখী হৈছে তালৈ লক্ষ্য কৰি ৰাজ্য চৰকাৰে দেওবাৰ অৰ্থাৎ ২৮ জুনৰ মাজনিশা ১২ বজাৰ পৰা পুনৰ ১৪ দিনৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি সমগ্র কামৰূপ(ম) জিলাত লক ডাউন ঘোষণা কৰিছে । শুকুৰবাৰে দুপৰীয়া এক সংবাদমেলত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ সমান্তৰালভাৱে শুকুৰবাৰৰ সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ গুৱাহাটীসহ সমগ্ৰ অসমতে জাৰি কৰা হৈছে সান্ধ্য আইন ।

Covid 19 ৰ বৰ্তমানৰ জটিল অৱস্থা যেতিয়ালৈকে স্বাভাৱিক হৈ নুঠে তেতিয়ালৈকে এনেদৰে সমগ্ৰ ৰাজ্যতে প্ৰতি সন্ধিয়া ৭ বজাৰ পৰা পিছদিনা পুৱা ৭ বজালৈ নিয়মীয়াকৈ সান্ধ্য আইন অব্যাহত থাকিব বুলি মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে । কেৱল এয়াই নহয়, কামৰূপ(ম) জিলাৰ বাহিৰে ৰাজ্যৰ সকলো পৌৰসভা আৰু নগৰ সমিতি এলেকাত প্ৰতি শনি আৰু দেওবাৰে লক ডাউন হ'ব । চৰকাৰৰ এনে কঠোৰ সিদ্ধান্তই বহুতকে কষ্ট দিব যদিও কৰ’ণাৰ শেহতীয়া ভয়ংকৰ সংক্ৰমণৰ পৰা উদ্ধাৰ পাবলৈ চৰকাৰৰ ওচৰত আৰু আন পথ খোলা নাছিল বুলিও মন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে ৷

সংবাদমেলযোগে লক ডাউনৰ কথা ঘোষণা স্বাস্থ্য মন্ত্ৰীৰ

এইবাৰ এই লক ডাউন পূৰ্বতকৈ বহুগুণে কঠোৰ হ’ব বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে । গুৱাহাটী তথা কামৰূপ(ম) জিলাৰ ১৪ দিনীয়া এই লক ডাউনৰ প্ৰথম সাতদিন প্ৰশাসন অত্যন্ত কঠোৰ হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় যে লক ডাউনৰ প্ৰথম সাতদিনত চিকিৎসালয় আৰু ফাৰ্মাচীৰ বাহিৰে একোৱে খোলা নাথাকিব । পূৰ্বৰ দৰে এইবাৰ গেলামালৰ দোকানো খোলা নাথাকিব লক ডাউনৰ সময়ছোৱাত । পৰৱৰ্তী সাতদিনত গেলামালৰ দোকান খোলা-নোখোলাৰ বিষয়টো পৰিৱেশ পৰিস্থিতি চাই চৰকাৰে থিৰাং কৰিব ।

গুৱাহাটী তথা কামৰূপ(ম) জিলাত এই ১৪ দিনীয়া লক ডাউনত কেইটামান খণ্ডক অৱশ্যে ৰেহাই দিয়া হৈছে । সেইকেইটা হ'ল-প্ৰতিৰক্ষা, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, দুৰ্যোগ ব্যৱস্থাপনা, বিদ্যুৎ, পানী যোগান, গাখীৰ যোগান, স্বাস্থ্য বিভাগৰ কাৰ্যালয়, পৌৰ নিগমৰ কাৰ্যালয়, সংবাদ মাধ্যম (হকাৰ সহ), কোৱাৰেণ্টাইনৰ লোক থকা হোটেল, সীমিত কৰ্মচাৰীৰে বেংক, ৰে’ল সেৱা আৰু বিমান সেৱা । ৰাজধানী জনতা ভৱনলৈ আহিব লাগিব যুটীয়া সচিব বা তাতোকৈ ওপৰৰ পৰ্যায়ৰ বিষয়াসকল । প্ৰয়োজন সাপেক্ষে তৃতীয় বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক কাৰ্যালয়লৈ মতা হ’ব পাৰে । অন্যথাই তেওঁলোকে ঘৰৰ পৰা কাম কৰিব লাগিব ৷

জৰুৰীকালীন সেৱা অব্য়াহত থাকিব

আনহাতে, এই ১৪ দিনীয়া লক ডাউনত গুৱাহাটী তথা কামৰূপ (ম) জিলাৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান, ৰাজহুৱা যান-বাহনৰ চলাচল, ব্যক্তিগত যান-বাহনৰ চলাচল, দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি সকলো বন্ধ থাকিব । মৃতকৰ শেষকৃত্যত ২০ জনতকৈ অধিক লোকে ভাগ ল’ব নোৱাৰিব । গুৱাহাটীত কোভিড পৰীক্ষাৰ বাবে মুকলি কৰা ৩১ টা কেন্দ্ৰ অৱশ্যে খোলা থাকিব এই সময়ছোৱাত । কোনো লোকে সেই কেন্দ্ৰলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে গ’লে আৰক্ষীয়ে বাধা নিদিয়ে । কিন্তু এইবাৰ আৰক্ষীক পূৰ্বতকৈ অধিক কঠোৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে । সংবাদমেলখনত মন্ত্ৰী ডঃ শৰ্মাই আৰু কয় যে গুৱাহাটীৰ অৱস্থা এতিয়া সমগ্ৰ অসমৰ ভিতৰতে ভয়ংকৰ ।

দুৰ্ভাগ্যৰ কথা যে, গুৱাহাটীৰ ১০ শতাংশ লোকেও আজিৰ তাৰিখতো মাস্ক পৰিধান নকৰে । সন্ধিয়া দোকানে-দোকানে আড্ডা দিয়ে । এইবিলাক কাণ্ড-কাৰখানাই বিপদ মাতিছে বুলি মন্ত্ৰী গৰাকীয়ে স্পষ্টকৈ মন্তব্য কৰে । ১৫ জুনৰ পৰা এতিয়ালৈকে গুৱাহাটীত ১০,৬১৭ গৰাকী লোকৰ স্বাৱ পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৭৬২ জনৰ শৰীৰত ভাইৰাছবিধৰ উপস্থিতি পোৱা গৈছে । এই ৭৬২ জনৰ ভিতৰত ৬৭৭ জনৰে কোনো ভ্ৰমণ বৃত্তান্ত নাই । সমগ্ৰ গুৱাহাটী মহানগৰীত ৮৯০ খন চিকিৎসালয়ৰ বিচনা খালী আছে । এই গতিত গুৱাহাটীত সংক্ৰমণ বৃদ্ধি পালে মাত্ৰ চাৰি দিনতে সকলো বিচনা ভৰ্তি হৈ পৰিব ।

লক ডাউন পূৰ্বতকৈ বহুগুণে কঠোৰ হ’ব

গুৱাহাটীত ৰোগীৰ সংখ্যাই আঠশ অতিক্ৰম কৰিলেই চৰকাৰে ৰোগীক চিকিৎসালয়লৈ আনি চিকিৎসা কৰাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হ’ব । গুৱাহাটীৰ দৰে মাস্ক নিপিন্ধাকৈ আজিৰ তাৰিখত দেশৰ কোনো এখন মহানগৰীতে মুকলিকৈ মানুহ ঘূৰি নুফুৰে বুলিও মন্ত্ৰী ডঃ শৰ্মাই মন্তব্য কৰে । আনহাতে সমগ্ৰ অসমত আজিৰ দিনটোলৈকে কোভিড পজিটিভ ৰোগীৰ সংখ্যা ৬,৬৪৬ গৰাকী বুলি উল্লেখ কৰি কয় যে ইয়াৰে ৪,০৩৩ গৰাকী লোক ইতিমধ্যে আৰোগ্য লাভ কৰিছে । আৰোগ্যৰ হাৰ অসমত ৬০.৬৮ শতাংশ । এই ক্ষেত্ৰত দেশৰ প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰতে আছে অসম ।

লগতে চাওকঃ বান : জলমগ্ন ৰাজ্যৰ 37 টা ৰাজহ চক্ৰৰ 554 খন গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.