ETV Bharat / state

কেজৰিৱালক অক্সিমিটাৰ উপহাৰ হিচাপে দিয়ক: আপ-অসম - আম আদমী পাৰ্টি

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে আম আদমী পাৰ্টিয়ে ৰাজ্যত গ্ৰহণ কৰিব ব্যতিক্ৰমী পদক্ষেপ ৷ ৰাজধানী দিল্লীৰ আৰ্হিত আপ অসমে ৰাজ্যৰ প্ৰতিঘৰত আৰম্ভ কৰিব এক স্বাস্থ্য অভিযান ৷ এই অভিযানৰ জৰিয়তে দলটোৱে অক্সি মিটাৰৰ সহায়ত ব্যক্তিৰ দেহত অক্সিজেনৰ স্তৰ পৰীক্ষা কৰিব ৷ বুধবাৰে মহানগৰীত এক সংবাদমেলৰ জৰিয়তে দলটোৱে এই কথা ব্যক্ত কৰে ৷

Pressmeet of Aam Aadmi party Guwahati assam etv bharat news
কৰ’ণা ভাইৰাছৰ ৰোধৰ বাবে তৎপৰ আপ
author img

By

Published : Aug 19, 2020, 5:38 PM IST

গুৱাহাটী,19 আগষ্ট: বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে আম আদমী পাৰ্টিৰ অসম শাখাই ৷ সংবাদমেলখনৰ জৰিয়তে দলটোৰ বিষয়ববীয়াসকলে কোভিড ১৯ ৰ সংক্ৰমণ সম্পৰ্কে বিশদভাৱে আলোচনা কৰে ৷ উল্লেখ্য যে,কৰ’ণা সংক্ৰমিত লোকৰ মাজত মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে বিগত সোমবাৰে দলৰ সকলো ৰাজ্যিক আহ্বায়ক আৰু বিষয়ববীয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল ৷ এই বৈঠকৰ জৰিয়তে কেজৰিৱালে আম আদমী পাৰ্টিৰ প্ৰতিগৰাকী স্বেচ্ছাসেৱকক দেশৰ গ্ৰামাঞ্চলৰ প্ৰতিঘৰলৈ গৈ পালছ অক্সিমিটাৰৰ সহায়ত দেহত অক্সিজেনৰ স্তৰ জোখাৰ নিৰ্দেশ প্ৰদান কৰিছে । এই অভিযানৰ দায়িত্ব বহনকাৰীসকলক আপ অক্সি-মিত্ৰ হিচাপে নামাকৰণ কৰা হৈছে ৷ অসমতো কাৰ্যকৰী হ’ব এই ব্যৱস্থা ৷ ৰাজধানী দিল্লীৰ আপ চৰকাৰে কোভিড ১৯ ৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত যি সফলতা লাভ কৰিলে, সেই অভিজ্ঞতাৰ শিক্ষা আপ-অসমে লাভ কৰিছে আৰু ইয়ে কোভিড ১৯ ৰ সংক্ৰমণ ৰোধ কৰি ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰিব ৷

দিল্লীত বিগত জুন মাহত কৰ’ণাৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল । অৱশ্যে হোম আইছ’লেচন আৰু অক্সিমিটাৰৰ ব্যৱহাৰে এই সংক্ৰমণ ৰোধত সহায় কৰিছিল । দিল্লীত সংক্ৰমণৰ হাৰ লাহে লাহে কমি আহিছে যদিও চৰকাৰ এতিয়াও সন্তুষ্ট হোৱা নাই আৰু এই ৰোগৰ চৰিত্ৰসমূহ সূক্ষ্ম দৃষ্টিৰে পৰ্যবেক্ষণ কৰি আছে বুলি দলটোৰ বিষয়ববীয়াসকলে সংবাদমেলখনত প্ৰকাশ কৰে । দিল্লীৰ স্বাস্থ্য সেৱাৰ আৰ্হিয়ে সমগ্ৰ দেশকে পথ দেখুৱাবলৈ সক্ষম হৈছে আৰু আপ-অসমে এই আৰ্হি অসমলৈ আনিবলৈ বিচাৰে ।

কৰ’ণা ভাইৰাছৰ ৰোধৰ বাবে তৎপৰ আপ

উল্লেখ্য যে, বিগত ১৬ আগষ্টত অৰবিন্দ কেজৰিৱালে জন্মদিন উদযাপন কৰি আহ্বান জনাইছিল যে, কোনোৱে যদি জন্মদিনৰ উপহাৰ দিব বিচাৰিছে, তেন্তে পালছ অক্সি মিটাৰহে দিয়ক ৷ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেজৰিৱালৰ শুভাকাংক্ষীসকলে এদিনৰ ভিতৰতে ৩০,০০০ পালছ অক্সি মিটাৰ উপহাৰ হিচাপে কেজৰিৱালক প্ৰদান কৰে । অসমত ২২,০০০ তকৈ অধিক গাঁও আছে আৰু সেয়ে আপ-অসম বা পোনপটীয়াকৈ অৰবিন্দ কেজৰিৱাললৈ পালছ অক্সি মিটাৰ উপহাৰ দিবলৈ আপ-অসমে সকলোকে আহ্বান জনাইছে ৷ ইয়াৰ বাবে ইচ্ছুক ব্যক্তিয়ে +919864010466 নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰে নাইবা নিজ চহৰৰ আপৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে ।

লগতে চাওকঃ মহানগৰীত পণ্যসামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.