ETV Bharat / state

5 ডিচেম্বৰত কেবৰ বিৰোধিতাৰে লাষ্টগেট কপাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

author img

By

Published : Dec 4, 2019, 6:50 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা সম্পৰ্কত বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনত আছুৰ সৈতে একত্রিত হৈ কেব বিৰোধী আন্দোলন অব্যাহত ৰখাৰ ইংগিত প্ৰদান কৰে অখিল গগৈয়ে ৷ আনহাতে কেবৰ বিৰোধিতাৰে 5 ডিচেম্বৰত দিছপুৰ লাষ্টগেটত বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

কেবৰ বিৰোধীতাৰে 5 ডিচেম্বৰত দিছপুৰ লাষ্টগেটত বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা সম্পৰ্কত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

গুৱাহাটী, 4 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা সম্পৰ্কত বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এক সংবাদমেলৰ সম্বোধন কৰে ৷ সংবাদমেলখনত আছুৰ সৈতে একত্রিত হৈ কেব বিৰোধী আন্দোলন অব্যাহত ৰখাৰ ইংগিত প্ৰদান কৰে অখিল গগৈয়ে । গগৈয়ে বিধেয়কখনৰ প্ৰসংগত কয় যে, কেন্দ্ৰীয় চৰকাৰে অসম আন্দোলনৰ শ্বহীদৰ মৃত্যুবাৰ্ষিকীৰ দিনা কেব অনুমোদন কৰি জাতিধ্বংসৰ কফিনত শেষ গঁজাল মাৰিব বিচাৰিছে ৷ তদুপৰি অমিত শ্বাহৰ সৈতে হোৱা আলোচনাৰ অন্তত আছুৱে কেব সন্দৰ্ভত যি ভূমিকা গ্ৰহণ কৰিলে তাক আদৰণি জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টাগৰাকীয়ে ৷ ইপিনে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কেব প্ৰসংগত যি একত্ৰিত আন্দোলনৰ কথা উল্লেখ কৰিছে তাক সমৰ্থন কৰে গগৈয়ে ৷ কেব কেৱল অসমৰ বাবেই নহয় ভাৰতৰ বাবেও ভয়ংকৰ বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ৷ কেব গৃহীত হ'লে অসমত মৌলবাদীৰ উত্থান হ’ব বুলি অখিল গগৈয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

গগৈয়ে এই সংকটৰ সময়ছোৱাত বিৰোধী ৰাজনৈতিক দলসমূহক একত্ৰিত হ’বলৈ আহ্বান জনায় ৷ বিশেষকৈ আম আদমী পাৰ্টি, জাতীয় জনতা দল, জনতা দল(সংযুক্ত) আৰু তৃণমুল কংগ্ৰেছক কেবৰ বিৰুদ্ধে একত্ৰিত হ'বলৈ অনুৰোধ জনায় গগৈয়ে ৷ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছক সকলো ৰাজনৈতিক দলক একত্ৰিত কৰাৰ বাবে আহ্বান জনায় । কেব গৃহীত হ’লে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথা মুকলিকৈ প্ৰকাশ কৰে কৃষক মুক্তিৰ উপদেষ্টাগৰাকীয়ে ৷ আনহাতে, কেবৰ বিৰোধিতাৰে 5 ডিচেম্বৰত দিছপুৰ লাষ্টগেটত বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ এই আন্দোলনত সকলো দল-সংগঠনকে আদি কৰি বুদ্ধিজীৱীৰ লগতে অসমৰ জনগণক যোগ দিবলৈ আহ্বান জনায় অখিল গগৈয়ে ৷ এই প্ৰতিবাদ সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক হ’ব বুলি গগৈয়ে কয় ৷ ইপিনে 11 ডিচেম্বৰৰ পৰা অসমৰ গাঁৱে-ভূঁঞে কেব বিৰোধী আন্দোলন চলাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ 'বিজেপি হটাও-অসম বছাও', 'বিজেপি হটাও-ভাৰত বছাও' শ্লোগানেৰে আন্দোলন কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

লগতে চাওক:নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

Intro:###নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে দিছ্পুৰ লাষ্ট গেটত অখিল গগৈৰ নেতৃত্ব হব 5 ডিচেম্বৰত হব গণ আন্দোলন ।
###আছুৰ সৈতে একত্রিত হৈ কেব বিৰোধী আন্দোলন কৰাৰ ইংগিত অখিল গগৈৰ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ সংবাদমেল।কেবিনেটত কেব অনুমোদন জনোৱাৰ সন্দৰ্ভত সংবাদমেল অখিল গগৈৰ। অসম আন্দোলনৰ প্ৰথম শ্বহীদৰ মৃত্যুবাৰ্ষিকীত কেব অনুমোদন কৰি জাতি ধ্বংসৰ শেষ গঁজাল মাৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে এই কথা কলে অখিল গগৈয়ে। অমিত শ্বাহৰ সৈতে হোৱা আলোচনাৰ অন্তত আছুৱে যি ভূমিকাক গ্ৰহণ কৰিলে সেই ভূমিকাক আদৰণি জনালে অখিল গগৈয়ে। আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কেবৰ বিৰুদ্ধে যি একত্ৰিত আন্দোলনৰ কথা উল্লেখ কৰিছে তাত থাকিব কৃষক মুক্তি সংগ্ৰাম সমিতি। কেব কেৱল অসমৰ বাবেই নহয় ভাৰতৰ বাবে ভয়ংকৰ হব । কেব গৃহীত হলেই মৌলবাদীৰ উত্থান হব অসমত।

Body:বিৰোধী ৰাজনৈতিক দল সমূহক একত্ৰিত হবলৈ আহ্বান । RJD, AAP, JDU, আৰু TMC ক এই চাৰিটা দলক কেবৰ বিৰুদ্ধে একত্ৰিত হবলৈ অনুৰোধ অখিল গগৈৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছক সকলো ৰাজনৈতিক দলক একত্ৰিত কৰাৰ বাবে আহ্বান। কেব গৃহীত হলেও উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়ে ।
কাইলৈ অৰ্থাৎ 5 ডিচেম্বৰত দিছপুৰ লাষ্ট গেটত বৃহৎ গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এই গণ আন্দোলনত সকলো দল সংগঠনকে আদি কৰি বুদ্ধিজীৱী লগতে অসমৰ সমূহ জন গণক যোগ দিবলৈ আহ্বান অখিল গগৈৰ। শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক আন্দোলনৰ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী বাবে সাজু কৃষক।মুক্তি সংগ্ৰাম সমিতি।

Conclusion:11 ডিচেম্বৰৰ পৰা অসমৰ গাঁৱে ভূঞে কেৱল কেব বিৰোধী আন্দোলন চলাব কৃষক মুক্তিয়ে। এইবাৰৰ কৃষক মুক্তিৰ শ্লোগান হব বিজেপি হটাও অসম বছাও, বিজেপি হটাও অসমীয়া বছাও , বিজেপি হটাও ভাৰত বছাও। এই শ্লোগানেৰে ৰাইজৰ মেল হব গাঁৱে গাঁৱে 11 ডিচেম্বৰৰ পৰা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.