গুৱাহাটী, ১৭ এপ্ৰিল: ৪৩ সংখ্যক বেলতলা ব'হাগী উৎসৱ এইবাৰ ২১ -২৩ এপ্ৰিললৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ বেলতলা বিদ্যালয় খেল পথাৰত অয়োজন কৰা হৈছে (Rangali Bihu celebration at Beltola) । দেওবাৰে বেলতলা বিদ্যালয় খেল পথাৰত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ৪৩ সংখ্যক বেলতলা ব'হাগী উৎসৱ সমিতিৰ সভাপতি ৰাতুল বৰুৱাই ।
তেওঁ কয়-বিগত দুবছৰ পাছত এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৩ সংখ্যক বেলতলা ব'হাগী উৎসৱৰ আয়োজন কৰা হৈছে । ২০১২ চনৰ পৰা প্ৰদান কৰি অহা 'ড০ ভূপেন হাজৰিকা বঁটা এইবাৰ প্ৰদান কৰা হ'ব বিশিষ্ট শিল্পী ময়ুখ হাজৰিকাক । এই বঁটা ২৩ এপ্ৰিলত বেলতলা ব'হাগী উৎসৱৰ মঞ্চত প্ৰদান কৰা হ'ব । এই বঁটাত আছে নগদ ধন দুই লাখ টকা, ড০ ভূপেন হাজৰিকাৰ এটা মূৰ্তি আদি ।
আনহাতে ২১ এপ্ৰিলত হুঁচৰি, পাটমাদৈ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । পাটমাদৈ প্ৰতিযোগিতাত অসমৰ বিভিন্ন মঞ্চত বিহুৰাণী, বৰ বিহুৱতী,বিহু সম্ৰাজ্ঞীৰ খিতাপ অর্জন কৰা নাচনী সকলেহে অংশগ্ৰহণ কৰিব পাৰিব । পাটমাদৈ প্ৰতিযোগিতাৰ বিজয়ীলৈ নগদ ধন দুই লাখ টকা, স্মাৰক আদি প্ৰদান কৰা হব ।
২১ তাৰিখেই জনপ্ৰিয় কন্ঠশিল্পী শংকুৰাজ কোঁৱৰে গীতৰ শৰাই আগবঢ়াব । সেইদৰে ২২ এপ্ৰিলত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে জনপ্রিয় শিল্পী জুবিন গাৰ্গে অনুষ্ঠান পৰিবেশন কৰিব । একেদৰে ২৩ এপ্ৰিলৰ সাংস্কৃতিক অনুষ্ঠান অংগৰাগ মহন্তই অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে ড০ ভূপেন হাজৰিকা বঁটা আৰু পাটমাদৈ বঁটা ২০২২ প্ৰদান কৰা হব' ।
পাটমাদৈ আৰু হুঁচৰি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ আগ্ৰহী সকলে ২০ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ ভিতৰত বেলতলা ব'হাগী উৎসৱ উদযাপন সমিতিৰ কাৰ্যালয় অথবা ৭০০২৮ ৯৩৫৮৭,৯৮৬৪৬০৬৬৩২ আৰু ৬৯০০২১১১৭৫ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় সভাপতি গৰাকীয়ে ।
সংবাদ মেলত সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় বড়ো, উপ-সভাপতি বিচিত্ৰ বড়ো সাধাৰণ সম্পাদক সঞ্জয় গোস্বামী,সাংস্কৃতিক বিভাগৰ সভাপতি জয়ন্ত গগৈ, সম্পাদক ড০ দিলীপ মহন্ত, প্রচাৰ বিভাগৰ সভাপতি বিশ্বজিৎ মেধি, সম্পাদক চন্দন কুমাৰ শইকীয়াৰ লগতে সমিতিৰ অন্যান্য বিষয় ববীয়াও উপস্থিত থাকে ।