ETV Bharat / state

Demand for land patta in Guwahati : ভূমিহীন লোকক ভূমিৰ পট্টা নিদিলে বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ - খিলঞ্জীয়া

মিছন বসুন্ধৰা ২.০ত ভূমি পট্টা দিয়াৰ নামত আকৌ খিলঞ্জীয়া পৰিয়ালক প্ৰতাৰণা কৰাৰ অভিযোগ ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসম আৰু গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ ৷ সকলো খিলঞ্জীয়া পৰিয়ালক বিনামূল্যে সহজ প্ৰক্ৰিয়াৰে ভূমি পট্টা দিয়াৰ দাবী ৷ অন্যথা আগন্তুক নির্বাচন সমূহত ইয়াৰ ফল ভোগ কৰিব সাজু থাকক বুলি মন্তব্য কৰে তেওঁলোকে ৷

Press Meet of Guwahati Land Patta Demand Committee
ভূমিহীন লোকক ভূমিৰ পট্টা দিয়াৰ দাবী
author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 4:59 PM IST

খিলঞ্জীয়া পৰিয়ালক প্ৰতাৰণা কৰাৰ অভিযোগ

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : "চৰকাৰী মিছন বসুন্ধৰা ২.০ত ভূমি পট্টা দিয়াৰ নামত আকৌ খিলঞ্জীয়া পৰিয়ালক প্ৰতাৰণা কৰিলে অসম চৰকাৰে ৷ ই এখন ভেকো ভাওনা, চৰকাৰী নাটকৰ বাহিৰে অইন একো নহয় ৷" এই অভিযোগ ভূমি পট্টাৰ বাবে সংগ্ৰাম কৰি অহা ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসম আৰু গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ ৷

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰণৱ গোস্বামীয়ে কয় যে, জাতি, মাটি ভেঁটিৰ কথা কৈ অহা চৰকাৰখনৰ মুৰব্বী মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা পৌৰ নিৰ্বাচনৰ সময়ত ঘোষণা কৰিছিল যে, সকলোকে ঘৰত গৈ গৈ ভূমি পট্টা দিব ৷ ৰাইজে হিল-দল ভাঙি, বিজেপি চৰকাৰক ভোট দিছিল ৷ ৰাইজে আশা কৰিছিল এইবাৰ ভূমি পট্টা পাব ৷ চৰকাৰী মাচুল দি টকা-পইচা খৰছ কৰি অনলাইনৰ জৰিয়তে হাজাৰ হাজাৰ পৰিয়ালে আবেদন কৰিছিল ৷ এতিয়াহে ৰাইজে জানিব পাৰিলে যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ কোনো মূল্য নাই ৷ ৰাইজক আভুৱা ভাৰি ভোট লোৱাৰ ই এটা কৌশলহে আছিল ৷

তেওঁ কয় যে, এই মিছন ৰাইজৰ দখলত থকা মাটি পুঁজিপতিৰ ওচৰত বিক্ৰি কৰাৰহে ষড়যন্ত্ৰ ৷ ২০০-৩০০ মাটিৰ ভেলুয়েচন বঢ়াই ৰাইজৰ পট্টনৰ আবেদন সমূহ বিভিন্ন অজুহাতত বাতিল কৰি পট্টাহীনসকলক উচ্ছেদহে কৰিব বিচাৰিছে ৷ আমি সংগঠন দুটাই আশা কৰি সকলো সংগ্ৰামৰ পৰা বহু দিন বিৰত আছিলো ৷ এতিয়া আমি জানিব পাৰিলো পট্টাহীন পৰিয়াল সমূহক উচ্ছেদ কৰি সেই ঠাইসমূহত বৃহৎ পুঁজিপতি সকলক সংস্থাপন কৰিব বিচাৰিছে ৷ চৰকাৰক এতিয়াও দাবী উত্থাপন কৰিছো বিভিন্ন অজুহাত দেখুৱাই মিছন বসুন্ধৰাত আবেদন কৰা ৰাইজৰ আবেদনসমূহৰ ভুলবোৰ শুধৰাই ভূমি পট্টনৰ প্ৰিমিয়াম হ্ৰাস কৰি সকলো খিলঞ্জীয়া পৰিয়ালক ভূমিৰ অধিকাৰ দিয়ক ৷ অন্যথা চৰকাৰৰ বিৰুদ্ধে ৰাইজক লৈ বৃহৎ আন্দোলন গঢ়ি তুলাৰ হুংকাৰ দিয়ে তেওঁ ৷

গুৱাহাটীৰ ৮৫ হাজৰ পৰিয়ালকে ধৰি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ৪০ লাখ পট্টাহীন পৰিয়ালে আজিও ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈ আছে ৷ বৃহৎ পুঁজিপতিক হাজাৰ হাজাৰ বিঘা মাটি দিছে ৷ তাৰ বিপৰীতে দুই দশকৰো অধিক কাল ধৰি এক কঠা মাটিৰ অধিকাৰ বিচাৰি মানুহে মৃত্যুবৰণ কৰিবলগা হৈছে ৷ বহু পৰিয়ালক জধে মধে উচ্ছেদ কৰিছে ৷ আমি সংগঠন দুটাই চৰকাৰৰ এনে কাৰ্যক ধিক্কাৰ দিছো ৷ এনে জন বিৰোধী নীতি বন্ধ কৰক ৷ সকলো খিলঞ্জীয়া পৰিয়ালক বিনামূল্যে সহজ প্ৰক্ৰিয়াৰে ভূমি পট্টা দিয়ক ৷ অন্যথা আগন্তুক নির্বাচন সমূহত ইয়াৰ ফল ভোগ কৰিব সাজু থাকক বুলি মন্তব্য কৰে তেওঁলোকে ৷

লগতে পঢ়ক : Mid day meal workers protest: মাহিলী পাৰিতোষিক বৃদ্ধিৰ দাবীত চচলত ৰান্ধনী সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.