ETV Bharat / state

স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা: শীঘ্ৰেই অসমত আৰম্ভ হ'ব প্লাজমা থেৰাপি

author img

By

Published : Jul 1, 2020, 7:44 PM IST

বুধবাৰে বিয়লি এখন সংবাদমেলযোগে অসমত COVID সংক্ৰমণৰ স্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

press meet by himanta biswa sarma in guwahati

গুৱাহাটী, ১ জুলাই: COVID সংক্ৰমণে এতিয়া সমগ্ৰ ৰাজ্যৰ ভিতৰতে ভয়ংকৰ ৰূপ লৈছে গুৱাহাটীত । বুধবাৰে বিয়লি এখন সংবাদমেলত এই কথা স্বীকাৰ কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । কেৱল মঙলবাৰৰ দিনটোতে ৩৮২ জনতকৈও অধিক COVID পজিটিভ ৰোগী চিনাক্ত হৈছে গুৱাহাটীত । বুধবাৰে দুপৰীয়ালৈকে চিনাক্ত হৈছে ১৫৭ জন । ২৪ জুনৰ পৰা ৩০ জুনলৈকে এই সময়ছোৱাৰ ভিতৰত কেৱল গুৱাহাটী মহানগৰীতে ধৰা পৰা COVID পজিটিভ ৰোগীৰ সংখ্যা হৈছে ১২১২ গৰাকী । গতিকে ৰাজধানী চহৰখনৰ অৱস্থা কেনে সেয়া সহজেই অনুমেয় । সংবাদমেলখনত মন্ত্ৰী ডঃ শৰ্মাই ঘোষণা কৰে যে, অহা সপ্তাহৰ ভিতৰত ৰাজ্যত প্লাজমা বেংক সম্পূৰ্ণ হৈ উঠিব আৰু অহা সপ্তাহৰ পৰাই আৰম্ভ হ'ব প্লাজমা চিকিৎসা । ইতিমধ্যে ৩০ জুন পৰ্যন্ত অসমত ৪ লাখ লোকৰ স্বাৱ পৰীক্ষা সম্পূৰ্ণ হৈছে বুলি প্ৰকাশ কৰি তেওঁ আৰু কয় যে পৰীক্ষাৰ ক্ষেত্ৰত অসম এতিয়া ভাৰতবৰ্ষৰ ভিতৰত তৃতীয় স্থানত আছে । মহাৰাষ্ট্ৰ আৰু তামিলনাডু পিচতেই অসমৰ স্থান । প্ৰতি ১০ লাখ লোকৰ বিপৰীতে অসমত নমুনা পৰীক্ষা কৰা হৈছে ১১,৭৪০ জনকৈ লোকৰ ।

অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব প্লাজমা চিকিৎসা
শীঘ্ৰেই অসমত আৰম্ভ হ'ব প্লাজমা থেৰাপি

সংবাদমেলখনত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, শুকুৰবাৰৰ পৰা নিজৰ স্বাৱ পৰীক্ষা কৰোৱা সকলো লোকেই তেওঁলোকৰ এছ আৰ এফ নম্বৰ www.covidassam.in ৱেবচাইটত টাইপ কৰি তেওঁলোকৰ পজিটিভ বা নিগেটিভ ৰিপ'ৰ্ট ডাউনলোড কৰি ল'ব পাৰিব । আনহাতে, শুকুৰবাৰৰ পৰাই এক নতুন পদ্ধতিৰে স্বাৱ পৰীক্ষা কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে, এই পদ্ধতিত ডিঙিৰ পৰিৱৰ্তে নাকৰ পৰা স্বাব সংগ্ৰহ কৰা হ'ব আৰু পৰীক্ষাৰ ফলাফল এঘন্টাৰ ভিতৰত লাভ কৰিবলৈ সক্ষম হব । এই নতুন পৰীক্ষা পদ্ধতিৰ নাম হৈছে Q Covid 19 AG Test . এই পৰীক্ষাত নিগেটিভ ফলাফল পোৱা গ'লে পুনৰ পৰীক্ষা কৰা হ'ব । ইপিনে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে ফোনযোগে স্বাস্থ্য মন্ত্ৰী ডঃ শৰ্মাক জনাইছে যে, অসমৰ পৰিস্থিতি খুবেই চিন্তনীয় । প্ৰতিদিনে কমেও ১০ হাজাৰ নমুনা পৰীক্ষা কৰিবলৈও তেওঁ পৰামৰ্শ আগবঢ়াইছে বুলি ডঃ শৰ্মাই সদৰী কৰে । একাংশ লোকে নিজৰ স্বাৱ পৰীক্ষাৰ বাবে দি ফলাফল নোপোৱাকৈয়ে ঘূৰি ফুৰাৰ বাবেই সংক্ৰমণ অধিক হৈছে বুলি তেওঁ মন্তব্য কৰে । গুৱাহাটীত বৰ্তমান COVID ৰোগীৰ বাবে হাস্পতালৰ বিচনা ১৫৩৮ খন আছে যদিও ইয়াৰে ৯৮৭ খন ৰোগীৰে পূৰ্ণ হৈ আছে ।

সংবাদমেলখনত ডঃ শৰ্মাই আৰু কয় যে লাহোৱালৰ আৰ এম আৰ চিয়ে COVIDৰ টিছু কালচাৰ পৃথকীকৰণৰ ক্ষেত্ৰত সাফল্য অৰ্জন কৰিছে । ইয়াৰ পূৰ্বে হায়দৰাবাদ আৰু পুণেত এয়া সম্ভৱ হৈছিল । আৰ এম আৰ চিৰ এই গৱেষণাত নিশ্চিত হোৱা গৈছে যে এল আৰু এছ এই দুই ধৰণৰ ভাইৰাছৰ ভিতৰত অসমতো এল ভাইৰাছেই সংক্ৰমিত হৈছে ।

লগতে পঢ়কঃ শদিয়াৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.