গুৱাহাটী, ১৩ আগষ্ট : '২০১৪ চনৰ পৰা আমাৰ দেশত পৰিকল্পিতভাৱে গণতন্ত্ৰক হত্যা কৰাৰ অভিযান আৰম্ভ হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে দেশৰ সকলো গণতান্ত্ৰিক অনুষ্ঠানৰ কৰ্তৃত্ব বিনষ্ট কৰি একনায়কত্ববাদী শাসন চলাইছে ।' এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ।
শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয়, পূৰ্বৰ কংগ্ৰেছ চৰকাৰে দেশৰ জনসাধাৰণৰ স্বাৰ্থত সাধাৰণ বীমা কোম্পানীক ৰাষ্ট্ৰীয়কৃত কৰিছিল । যাতে জনগণৰ স্বাৰ্থ সুৰক্ষিত হয় । কিন্তু বুধবাৰে বিজেপি চৰকাৰে দেশৰ পবিত্ৰ সংসদক দুৰ্গস্বৰূপ কৰি, সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ “সাধাৰণ বীমা কোম্পানী“ সমূহক চৰকাৰী তালিকাৰ পৰা আঁতৰাই বন্ধু উদ্যোগপতি সকলৰ স্বাৰ্থত ব্যক্তিগতকৰণ কৰিলে ।
ৰাজ্যসভাত বিৰোধীপক্ষক বক্তব্য ৰখাৰ সুযোগ নিদি মাৰ্শ্বাল লগাই 'ব্যক্তিগতকৰণ বিধেয়ক' গৃহীত কৰিলে । এতিয়াৰ পৰা সাধাৰণ বীমা কোম্পানী সমূহে প্ৰদান কৰা সুবিধাৰ পৰা দেশবাসী বঞ্চিত হ'ব । সাধাৰণ বীমা ব্যৱসায় (ৰাষ্ট্ৰীয়কৰণ) আইন সংশোধনী বিধেয়ক অনুসৰি ৰাষ্ট্ৰীয়কৃত বীমা কোম্পানীত বাধ্যতামূলকভাৱে থাকিবলগীয়া চৰকাৰৰ ৫১ শতাংশ কৰ্তৃত্বৰ বিলোপ ঘটিল ৷
লগতে পঢ়ক : তীব্ৰ বাদানুবাদৰ অন্তত বিধানসভাত গৃহীত গো-সুৰক্ষা বিধেয়ক
যাৰ পৰিণতিত দেশী বা বিদেশী যিকোনো পুঁজিপতিৰ স্বাৰ্থত গৃহীত এই আইনক বাধা দিয়া ক্ষমতা আৰু কাৰো নাথাকিব । ইয়াৰ পূৰ্বে মোডী চৰকাৰে কয়লা খনন, প্ৰতিৰক্ষা, মহাকাশ, পৰমাণু ক্ষেত্ৰতো ব্যক্তিগত মালিকানাৰ স্বাৰ্থত সংস্কাৰ সাধন কৰি দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰতো বিদেশী ৰাষ্ট্ৰক বিনিয়োগ কৰাৰ সুবিধা প্ৰদান কৰিছে ।
বিজেপি চৰকাৰে চৰকাৰী সম্পত্তি সমূহ ব্যক্তিগত খণ্ডৰ হাতত তুলি দি ৬ লাখ কোটি টকা নিজৰ হাতলৈ অনাৰ পৰিকল্পনা কৰিছে । ইয়াৰ ভিতৰত পাৱাৰ গ্ৰীড্ কৰ্পোৰেচনৰ আন্তঃগাঁঠনি, ৰাষ্ট্ৰীয় ঘাইপথ । চলিত বছৰতেই এয়াৰ ইণ্ডিয়া, ভাৰত পেট্ৰলিয়াম, শ্বিপিং কৰ্পোৰেচন, পৱনহংস, বিইএমএলৰ দৰে সংস্থাৰ ব্যক্তিগতকৰণ হ'ব ইয়াৰ পিছত 'জীৱন বীমা নিগম' ৰ শ্বেয়াৰ বজাৰত বিক্ৰী হ'ব । এইয়াই বিজেপিৰ 'সবকা সাথ সবকা বিকাশ' নে, সবকা বিনাশ আউৰ আদানী-আম্বানী কা বিকাশ বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।'
লগতে পঢ়ক : অন্ত পৰিল অসম বিধানসভাৰ মাহজোৰা বাজেট অধিবেশন
তেওঁ লগতে বিজেপিৰ আশীৰ্বাদ যাত্ৰাৰ প্ৰসংগত কয়, ক'ভিড অতিমাৰীৰ ৰোধত ব্যৰ্থ অসম চৰকাৰ আৰু বিজেপি দললৈ আহ্বান যে সস্তীয়া ৰাজনীতিৰ নামত 'আশীৰ্বাদ যাত্ৰা' ৰূপায়িত কৰি ৰাজ্যবাসীক আৰু মৃত্যুমুখলৈ ঠেলি নিদিব । নহ'লে 'আশীৰ্বাদ যাত্ৰা' অভিশাপ যাত্ৰা হ'ব ।'
আনহাতে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰা কাৰ্যসূচী সন্দৰ্ভত তেওঁ কয়, ১৯৪৭ চনত স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষই ১৫ আগষ্টত ৭৫ বছৰত ভৰি দিব । নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সিদ্ধান্ত মৰ্মে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বছৰজোৰা কাৰ্যসূচীৰে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ষটো পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
ইতিমধ্যে দলৰ সভাপতি ভূপেন কুমাৰ বৰাই জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীক অধ্যক্ষ, প্ৰাক্তন সাংসদ বলীন কুলীক উপাধ্যক্ষ আৰু নৃপেন ঠাকুৰীয়াক আহ্বায়ক হিচাপে লৈ এখনি ৰাজ্যিক পৰ্যায়ৰ সমিতি গঠন কৰি দিছে । অনুৰূপ ধৰণে জিলা পৰ্যায়তো একোখন সমিতি গঠন কৰা হ'ব ৷
বৰ্ষজোৰা কাৰ্যসূচীৰ অংশ হিচাবে ১৪ আগষ্টত বিয়লিৰ ভাগত শ্বহীদ পৰিয়াল, মুক্তিযোদ্ধাৰ পৰিয়ালক ক'ভিড বিধি মানিয়েই দলৰ জিলা সমিতিসমূহে প্ৰদেশ কংগ্ৰেছৰ দ্বাৰা নিযুক্ত তত্বাৱধায়ক সকলক লৈ 'শ্বহীদ সন্মান দিৱস'ৰ কাৰ্যসূচী পালন কৰিব । ১৫ আগষ্টত পতাকা উত্তোলনৰ লগতে 'স্বতন্ত্ৰতা যাত্ৰা'ৰ কাৰ্যসূচী পালন কৰা হ'ব বুলি জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।
লগতে পঢ়ক: জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি: দুজন জোৱান আহত