গুৱাহাটী, 4 নৱেম্বৰ : গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলংখনৰ এটা অংশ অহা মাৰ্চত মুকলি কৰাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত সদৰী কৰে ৷ তেওঁ জনায় যে গুৱাহাটীৰ দিশত মাটিৰ ওপৰত নিৰ্মাণ কৰি থকা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলংৰ এটা অংশ মুকলি কৰা হ'ব ৷ তেওঁ জনায় যে এই অংশটো মুকলি কৰাৰ পিছত ভৰলুমুখৰ যান-জঁট শূণ্য হৈ পৰিব ৷
উল্লেখ্য যে ভূতনাথৰ পৰা দলঙৰ বাবে নদীৰ পাৰেৰে নিৰ্মাণ কৰা পথটোৰে ভূতনাথৰ দিশৰ পৰা ফাঁচীবজাৰলৈ অহা বাহন মাছখোৱালৈ আহিব পাৰিব ৷ আকৌ মাছখোৱাৰ পৰা অহা গাড়ীবোৰ এম জি ৰোডৰ পুৰণি পথেৰে ভূতনাথলৈ আহি মালিগাঁৱলৈ যাব পাৰিব ৷ শান্তিপুৰৰ পৰা অহা সকলে পুৰণি ৰাস্তা ব্যৱহাৰ কৰিব পাৰিব ৷ কিন্তু ভূতনাথৰ দিশৰ পৰা ফাঁচীবজাৰলৈ অহা বাহনবোৰ পুৰণি পথটো ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰা ভূতনাথ আৰু মাছখোৱা সংযোগী বিকল্প পথটো ব্যৱহাৰ কৰিব লাগিব ৷
মুখ্যমন্ত্ৰীয়ে জনায় যে, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলংখন অহা বছৰৰ শেষ ভাগত মুকলি কৰা হ'ব ৷ তেওঁ জনায় যে কামাখ্যা ষ্টেশ্যন আৰু কামাখ্যা মন্দিৰ সংযোগী ৰ’পৱে নিৰ্মাণৰ কাম অহা বছৰৰ পৰা আৰম্ভ কৰা হ’ব ৷ এই প্ৰকল্পটোৰ বাবে 160 কোটি টকা ধাৰ্য কৰা হৈছে ৷
বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে ৷ 122 কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথটোৰ বাবে 4 হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে ৷ এই ঘাইপথটোত পাঁচখন উৰণসেতু নিৰ্মাণ কৰা হ’ব ৷ মুখ্যমন্ত্ৰীয়ে জনায় যে শ্ৰীৰামপুৰৰ পৰা লিডুলৈ চিমেণ্টৰ ৰাস্তা কৰাৰ পৰিকল্পনা কৰি থকা হৈছে ৷
লগতে পঢ়ক : Development Projects in Assam: বহুচৰ্চিত কেইবাটাও বৃহৎ প্ৰকল্প ৰূপায়ণৰ অগ্ৰগতি ঘোষণা মুখ্যমন্ত্ৰীৰ