ETV Bharat / state

বিজেপি ইভিএম চোৰ দলঃ ৰণদীপ সিং সূৰ্যেৱালা - press conference

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰণদীপ সিং সূৰ্যেৱালাৰ সংবাদমেল । দুটা পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৰাইজে বিজেপিক বাহিৰ হোৱাৰ ৰাস্তা দেখুৱালে। ২ মে'ত ফলাফল ঘোষণাৰ পাছতে ৪ মে'ত কংগ্ৰেছৰ নেতৃত্বৰ মহাজোঁটৰ চৰকাৰ হ'ব আৰু ৫ মে'ত মন্ত্রীসভাৰ প্ৰথমখন কেবিনেটতে পাঁচটা গেৰাণ্টি কাৰ্যকৰী কৰিব ৷

বিজেপি ইভিএম চোৰ দলঃ ৰণদীপ সিং সূৰ্যেৱালা

author img

By

Published : Apr 2, 2021, 8:26 PM IST

গুৱাহাটী,২ এপ্ৰিলঃ বিজেপিক ই ভি এম চোৰ দল আখ্যা দিছে কংগ্ৰেছে । বৰাকৰ বিজেপি বিধায়ক তথা পাথাৰকান্দি সমষ্টিৰ প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ বাহনত ইভিএম উদ্ধাৰ হোৱা ঘটনাক লৈ সৰব হৈ পৰিছে কংগ্ৰেছ। এইক্ষেত্রত কংগ্ৰেছে দেশৰ নিৰ্বাচন আয়োগৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী ৰণদীপ সিং সূৰ্যেৱালাই নিৰ্বাচন আয়োগক কঠোৰ ভাষাৰে সমালোচনা কৰে। ই ভিএম চুৰিৰ এই ঘটনাত নিৰ্বাচন আয়োগ অংশীদাৰ নে ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰিছে বুলি কংগ্ৰেছৰ জেষ্ঠ নেতাজনে প্ৰশ্ন উত্থাপন কৰে। নিৰ্বাচন আয়োগলৈ প্ৰশ্ন কৰি সূৰ্যেৱালাই কয়-' পাথাৰকান্দিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ বাহনত ইভিএম উদ্ধাৰ হোৱা ঘটনাৰ ক্ষেত্রত আয়োগে প্ৰাৰ্থীজনৰ বিৰুদ্ধে কি ব্যৱস্থা ল'লে। তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই। ৰাতাবাৰীৰ এটা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ ল'জিক কি। সেইদৰে ডিফুৰ এটা কেন্দ্ৰৰ ইভিএম কিয় বিলাসী বাহনত নিবলগীয়া হ'ল। যমুনামুখত নিৰাপত্তাৰক্ষী অবিহনে কিয় ই ভি এম পঠিওৱা হৈছিল। কলাইগাঁৱৰ এটা কেন্দ্ৰৰ ইভিএম নোহোৱা হোৱা ঘটনাৰ ৰহস্য কি।

আনহাতে ডিব্ৰুগড়ত ষ্ট্ৰং ৰূমৰ সমীপত সন্দেহজনক লোকৰ গতিবিধি দেখিবলৈ পোৱা গৈছে। এইক্ষেত্রত আয়োগে কি কৰিছে। ১৩৯ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ইভি এমৰ বিসংগতি হোৱাৰ অভিযোগৰ ক্ষেত্রত আয়োগে কি কয়। আয়োগে নীৰৱতা অৱলম্বন কৰিলে নহ'ব। স্বচ্ছ আৰু নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাটো আয়োগৰ দায়িত্ব আৰু কৰ্তব্য। কৰ্তব্যত অবহেলা কৰিলে নহ'ব। বিজেপিয়ে নিৰ্বাচন আয়োগ, এনফৰ্চমেণ্ট ডাইৰেক্টৰিয়েট, চিবিআই, আয়কৰ বিভাগ আদিক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে। এই কাৰ্যালয়সমূহ বিজেপিৰ কাৰ্যালয়লৈ স্থানান্তৰিত কৰিব লাগে।' বিজেপিয়ে নিজৰ পৰাজয় স্বীকাৰ কৰি ল'ব লাগে বুলি উল্লেখ কৰি সূৰ্যেৱালাই কয়-' ২ মে'ত ফলাফল ঘোষণাৰ পাছতে ৪ মে'ত কংগ্ৰেছৰ নেতৃত্বৰ মহাজোঁটৰ চৰকাৰ হ'ব আৰু ৫ মে'ত মন্ত্রীসভাৰ প্ৰথমখন কেবিনেটতে আমি আমাৰ পাঁচটা গেৰাণ্টি কাৰ্যকৰী কৰিম। এয়া আমাৰ প্ৰতিজ্ঞা। দুটা পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৰাইজে বিজেপিক বাহিৰ হোৱাৰ ৰাস্তা দেখুৱালে। দুটা পৰ্যায়ৰ নিৰ্বাচনত আমি চাৰি ভাগৰ তিনি ভাগ সমৰ্থন পাইছো। যাৰবাবে পাপ কাম কৰা মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে। হতাশ-নিৰাশ বিজেপিয়ে এতিয়া ই ভি এম চুৰি কাৰ্যত লিপ্ত হৈছে। ই ভি এম চুৰি কৰিলেও তেওঁলোক জয়ী হ'ব নোৱাৰে। নিৰ্বাচন আয়োগে কিবা কৰক বা নকৰক অসমৰ ৰাইজে দুটা পৰ্যায়ত নিজৰ ভোটাধিকাৰৰ যোগেদি ৰায় দিলে।

এইবাৰ অসমৰ ৰাইজে কংগ্ৰেছ নেতৃত্বৰ মহাজোঁটক ১০১খন আসন দিয়াটো নিশ্চিত। বিজেপিয়ে বুজি উঠিছে যদিও মানি ল'ব খোজা নাই। যাৰ বাবে ই ভি এম চুৰিৰ লগতে সাংবাদিকক ভাবুকি দিয়াৰ ঘটনা সংঘটিত কৰিছে। সাংবাদিকক ঘৰৰ পৰা টানি চোঁচোৰাই অনাৰ কথা কৈছে। কিন্তু অসমৰ ৰাইজে তেওঁলোকক সেই সুবিধা নিদিয়ে। বৰং ৰাইজেহে বাহিৰলৈ ওলাই দিব। বিগত ২০১৬ চনৰ পৰা ২০২০ চনলৈ দেশৰ ২৪ টা প্ৰান্তত হোৱা নিৰ্বাচন বিজেপিৰ পৰাজয় হৈছে। উত্তৰ প্ৰদেশক বাদ দি তামিলনাডু, পুডুছেৰী, কেৰেলা, পশ্চিমবংগ, পাঞ্জাৱ, ৰাজস্থান, ছত্তিছগড়, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, হাৰিয়ানা, উৰিষ্যা, তেলেংগানা, ছিকিম আহি সকলোতে বিজেপিৰ পৰাজয় হৈছে। বিজেপিৰ এই পৰাজয় অব্যাহত থাকিব।'সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভ আৰু পাঞ্জাৱৰ দুজনকৈ সাংসদৰ লগতে কেইবাজনো নেতা উপস্থিত আছিল।

লগতে পঢ়কঃ দায়িত্বশীল মন্ত্রীৰ দায়িত্বজ্ঞানহীন আচৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.