ETV Bharat / state

ৰাষ্ট্ৰপতি পদৰ প্রার্থী দ্রৌপদী মুৰ্মু উপস্থিত গুৱাহাটীত

author img

By

Published : Jul 6, 2022, 10:14 AM IST

মঙলবাৰে অসমলৈ আহিছে শাসকীয় এন ডি এৰ প্ৰক্ষেপিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু (Presidential candidate Draupadi Murmu present in Guwahati)৷ নিশা 10.45 বজাত গুৱাহাটীৰ বৰঝাৰ বিমান কোঠত উপস্থিত হয় ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকী । দৌপদী মুৰ্মুক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম ৰাজ্যিক বি জে পিৰ সভাপতি ভৱেশ কলিতা, সাংসদ কুইন ওজা আদিয়ে গুৱাহাটীৰ বৰঝাৰ বিমান কোঠত আদৰণি জনায় (Drraupadi murmu came to Assam 2022)।

presidential candidate draupadi murmu present in guwahati
ৰাষ্ট্ৰপতি পদৰ প্রার্থী দ্রৌপদী মুৰ্মু উপস্থিত গুৱাহাটীত

গুৱাহাটী, 6 জুলাই: তিনিদিনীয়া কাৰ্য্যসূচীৰে অসমলৈ আহিছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু ৷ শাসকীয় এন ডি এৰ প্ৰক্ষেপিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু মঙলবাৰে নিশা 10.45 বজাত আহি উপস্থিত হয় গুৱাহাটীৰ বৰঝাৰ বিমান কোঠত (Presidential candidate Draupadi Murmu present in Guwahati)। দৌপদী মুৰ্মুক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম ৰাজ্যিক বি জে পিৰ সভাপতি ভৱেশ কলিতা, সাংসদ কুইন ওজা আদিয়ে গুৱাহাটীৰ বৰঝাৰ বিমান কোঠত আদৰণি জনায় (CM Himanta Biswa Sharma, Union Minister Sarbananda Sonowal, MP Queen Oza, Assam state BJP president Bhavesh Kalita)।

উল্লেখ্য যে, অসমৰ 147 টা ভোটক গুৰুত্ব সহকাৰে লৈছে শাসক আৰু বিৰোধী উভয় পক্ষৰ ৰাষ্ট্ৰপতি পদৰ মনোনীত প্ৰাৰ্থীগৰাকীয়ে ৷ তিনিদিনীয়া কাৰ্যসূচীৰে পূৰ্বোত্তৰ ভ্ৰমণলৈ আহিছে দ্ৰৌপদী মুৰ্মু (Draupadi Murmu visit Assam)৷ তেওঁ গুৱাহাটীত এন ডি এৰ সহযোগী দলসমূহৰ সাংসদ আৰু বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হ’ব ।

আনহাতে, অহা ১২ জুলাইত অসমলৈ অহাৰ সম্ভাৱনা আছে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিন্‌হা। সিন্‌হাৰ অসম ভ্ৰমণৰ কাৰ্যসূচী এতিয়াও চূড়ান্ত হোৱা নাই যদিও তেওঁ কংগ্ৰেছ দলৰ সাংসদ আৰু বিধায়কসকলৰ লগতে চি পি এম আৰু ৰাইজৰ দলৰ বিধায়কৰ সৈতেও আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যখনৰ 126 জন বিধায়ক আৰু 21জন সাংসদ, মুঠ 147জনে ভোটদানৰ সুযোগ পাব । 126 গৰাকী বিধায়কৰ ভোটৰ মূল্য 14,616 ৷

মনকৰিবলগীয়া যে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰে সৈতে বিশ্বনাথৰ আছে এক গভীৰ সম্পৰ্ক । 2006 চনত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলাবলৈ বিশ্বনাথলৈ আহিছিল মুৰ্মু । বিশ্বনাথত থাকি নিৰ্বাচনী প্ৰচাৰ চলোৱা মুৰ্মু সেই সময়ত বহু স্থানীয় লোকৰ সংস্পৰ্শলৈ আহিছিল । তেতিয়াৰ ছাত্ৰ নেতা পল্লৱ লোচন দাসৰ ঘৰতো আহাৰ গ্ৰহণ কৰিছিল মুৰ্মুৱে ।

লগতে পঢ়ক: কেপ্টেইন অমৰিন্দৰ সিং হ'ব নেকি এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.