গুৱাহাটী, 4 মে’: "দেশ বিভাজনৰ ফলত উত্তৰ-পূৰ্বাঞ্চল বেছি ক্ষতিগ্ৰস্ত হৈছিল । বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ বহুত উন্নয়ন সম্ভৱ হৈছে ।" গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বুধবাৰে আজাদী কি অমৃত মহোৎসৱৰ(Azadi Ka Amrit Mahotsav) অংশ হিচাপে অনুষ্ঠিত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই মন্তব্য কৰে (Ram Nath Kovind at North East festival)।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, স্বাধীনতা সংগ্ৰামত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল । স্বাধীনতাৰ পৰৱৰ্তী সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়তৰ যথেষ্ট সমস্যা আছিল । এই সমস্যা এতিয়া বহু দূৰ সমাধান হৈছে । ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ চমু ভাষণত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ সংস্কৃতি, সাজপাৰ, খাদ্যভাসৰ প্ৰশংসা কৰি কয় যে সমগ্ৰ দেশৰ ভিতৰতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ সংস্কৃতি, সাজপাৰ, খাদ্যভাষৰ এক বিশেষ স্বকীয়তা আছে ।
উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ উন্নয়নৰ ওপৰতো ৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষ গুৰুত্ব দি কয় যে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ ভিতৰত সমৃদ্ধিশালী কৰি গঢ়ি তুলিব লাগিব । এদিন উত্তৰ-পূৰ্বাঞ্চল দেশৰ ভিতৰতে সমৃদ্ধিশালী অঞ্চল হিচাপে গঢ়ি উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চমু ভাষণ দিয়ে ।
অনুষ্ঠানত অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মণিপুৰ, মেঘালয়, চিকিমৰ মুখ্যমন্ত্ৰীসকলৰ লগতে অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ ৰাজ্যপাল উপস্থিত আছিল ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰী ড৹ হিমন্তৰ ঘৰত ড‘নাৰ মন্ত্ৰীসহ 7 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নৈশভোজ