গুৱাহাটী, 29 ডিচেম্বৰ : মঙলবাৰে বিজেপিৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় দলীয় বৈঠক (BJP Party Meeting held in Guwahati) ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, সাধাৰণ সম্পাদকদ্বয় পুলক গোঁহাই আৰু দিপ্লু ৰঞ্জন শর্মা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাকে ধৰি শীর্ষ নেতৃবৃন্দ উপস্থিত থাকে ৷
দলীয় বৈঠকত সমাগত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বিষয়ে বিতং আলোচনা কৰা হয় বুলি দলটোৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই জানিবলৈ দিয়ে ৷ দলৰ কাৰ্যকর্তাসকলৰ কঠোৰ শ্ৰম আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰখনে ৰাইজৰ কাৰণে গ্ৰহণ কৰা কল্যাণকামী কৰ্মই বিজেপিক জয় লাভ কৰাত সহায় কৰিব বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷
উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সদৌ অসম ঠেঙাল-কছাৰী ছাত্ৰ সন্থাৰ সভাপতি কেশৱ নেওগ ঠেঙালে মঙলবাৰে পূৰ্বৰ পদ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷
লগতে পঢ়ক: তেজপুৰ পৌৰসভা এলেকাত স্থাপনৰ তিনিমাহতে বিকল বহুসংখ্যক সৌৰ চাকি