ETV Bharat / state

Ayushman Bhav Campaign: গুৱাহাটীত আয়ুস্মান ভৱ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান - ডাঃ অচ্যুত বৈশ্য

বুধবাৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ভাৰ্চুৱেলী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে আয়ুস্মান ভৱ আঁচনিৰ ৷ এই উপলক্ষে গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় শুভাৰম্ভণি অনুষ্ঠান ৷ ৰাজ্যপালকে ধৰি উপস্থিত থাকে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷

Ayushman Bhav Campaign
Ayushman Bhav Campaign
author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 4:56 PM IST

গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত আয়ুস্মান ভৱ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান

গুৱাহাটী, 13 ছেপ্টেম্বৰ: গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত আয়ুস্মান ভৱ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান ৷ বুধবাৰে দেশৰ ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে আয়ুস্মান ভৱ আঁচনিৰ ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ভাৰ্চুৱেলী শুভাৰম্ভ কৰা এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যকে ধৰি বহু বিশিষ্ট ব্যক্তি ।

স্বাস্থ্য সেৱাৰ আঁচনিসমূহক প্ৰমূল্যবোধেৰে সংপৃক্তকৰণৰ অভিযান স্বৰূপে এই আঁচনিৰ শুভাৰম্ভ কৰা হয় । লগতেই উক্ত অনুষ্ঠানত শুভাৰম্ভ কৰা হয় আয়ুস্মান ভৱ আঁচনি, আয়ুস্মান ভৱ প’ৰ্টেলৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিনক কেন্দ্ৰ কৰি ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলিব আয়ুস্মান ভৱৰ অভিযান ৷ আয়ুস্মান ভাৰতৰ কাৰ্ড নথকা প্ৰতিটো পৰিয়ালক সাঙুৰি লোৱাৰ পৰিকল্পনা আয়ুস্মান ভৱ আঁচনিৰ ৷

শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মন্তব্য কৰি কয়, ‘‘স্বাস্থ্যসেৱা মানুহৰ ঘৰৰ পদুলিলৈ লৈ যোৱাৰ সংকল্পৰে এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছে । অসমৰ প্ৰতিঘৰ লোকৰ ঘৰে ঘৰে আয়ুস্মান কাৰ্ড দিয়াৰ কাম আৰম্ভ হৈছে । ৪৫লাখ কাৰ্ড ইতিমধ্যে ঘৰে ঘৰে হিতাধিকাৰীসকলে লাভ কৰিছে । ১কোটি ৯৮লাখৰ কাৰ্ডৰ লক্ষ্যৰে এই অভিযান আগবাঢ়ি গৈছে । GMCH ত প্ৰতিদিনে ১০০জনকৈ আয়ুস্মান কাৰ্ড লৈ চিকিৎসাৰ বাবে আগবাঢ়ি আহে । চৰকাৰী কৰ্মচাৰী-বিষয়াৰ বাবেও সীমাহীন ব্যয়ৰে এই সুবিধা দিয়াৰ বাবে আগবাঢ়ি গৈ আছে ।

এই অনুষ্ঠানত কামাখ্যা দেৱালয়, এন আৰ এল, পাৱাৰ গ্ৰিড কৰডিনেচন আৰু চান ফাৰ্মাৰ কৰ্তৃপক্ষক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই । যক্ষ্মা ৰোগত আক্ৰান্তসকলক দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহাৰ বাবে এই সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷

সমান্তৰালভাৱে সম্বৰ্দ্ধনা জনোৱা হয় সৰ্বাধিকবাৰ ৰক্তদান কৰা বহু কেইগৰাকী ব্যক্তিক ৷ ৰাজ্যপালগৰাকীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ১১০ বাৰ ৰক্তদান কৰা জ্ঞানচন্দ জৈন, ৮৫ বাৰ ৰক্তদান কৰা বজ্ৰ কুমাৰ সুৰানা, ৮৩ বাৰ ৰক্তদান কৰা মহেন্দ্ৰ চেতীয়া, ৩০ বাৰ ৰক্তদান কৰা মহিলা মমতা পুগালিয়াক ৷

লগতে পঢ়ক: Assam Assembly 2023: বিধানসভাত কংগ্ৰেছক হত্যাকাৰী আখ্যা মন্ত্ৰী অতুল‌ বৰাৰ, উত্তাল সদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.