গুৱাহাটী,১১ এপ্ৰিল : ক'ৰণা মহামাৰী আৰু ল'ক ডাউনৰ বাবে বিগত বৰ্ষত ৰঙালী বিহু উদযাপনৰ পৰা বঞ্চিত হোৱা ৰাজ্যবাসীয়ে এইবাৰ দুগুণ উৎসাহেৰে ৰঙালীৰ ৰঙত মতলীয়া হ'বলৈ সাজু হৈছে। ক'ৰনাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে যদিও ৰাজ্যবাসীয়ে হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ।
![থলুৱা পিঠা-পনা, গামোচাৰে ভৰি পৰিছে মহানগৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-ready-for-bihu-celebration-7209925_11042021183915_1104f_1618146555_907.jpg)
ঘৰৰ বোৱাৰী-জীয়ৰী সকলও এতিয়া ব্যস্ত তাঁতশালত, সমান্তৰালভাৱে পিঠা-পনা বনোৱাত। আনহাতে গাঁৱে-ভূঁঞে, নগৰে-চহৰে চলিছে বিহুৰ আখৰা। বিশেষকৈ মঞ্চবিহুৰ বিভিন্ন প্ৰতিযোগিতাৰ বাবে সাজু হৈছে নাচনী-ঢুলীয়া। ইফালে ক'ৰণাকালৰ মাজতো বিহু কেন্দ্ৰিক বজাৰখন গৰম হৈ পৰিছে । বিশেষকৈ গুৱাহাটী মহানগৰীত ঠায়ে ঠায়ে বিহুৰ বিভিন্ন সা-সামগ্ৰীৰ বজাৰ বহাৰ উপৰি প্ৰাকঃ ৰঙালী মেলা অনুষ্ঠিত হৈছে । য'ত উপলব্ধ হৈছে ৰামদিয়াৰ দৈ, সৰভোগৰ ক্ৰীম, শিৱসাগৰৰ হুৰুমৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশেষ খাদ্য সামগ্ৰী ।
![থলুৱা পিঠা-পনা, গামোচাৰে ভৰি পৰিছে মহানগৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-ready-for-bihu-celebration-7209925_11042021183915_1104f_1618146555_937.jpg)
গুৱাহাটীৰ বজাৰত এতিয়া অতি সহজলভ্য বিহুৰ পিঠা-পনা, জলপানকে ধৰি বিহুৰ সকলো ধৰণৰ সাজ-পোছাক আৰু বাদ্যযন্ত্র। বিহুক কেন্দ্ৰ কৰি এক বিশাল ব্যৱসায় গঢ় লৈ উঠিছে । বিশেষকৈ বিহুৰ পিঠা-পনাৰ থলুৱা বজাৰখনে আগতকৈ বিশালতা লাভ কৰিছে । বিগত বৰ্ষত বিহুৰ এই বিশাল বজাৰখন স্তব্ধ হৈ আছিল । বহু লোকৰ জীৱন-জীৱিকাৰ প্ৰতি সংশয় নামি আহিছিল । এইবাৰ সেইসকল লোকৰ মুখত হাঁহি বিৰিঙিছে ।
![থলুৱা পিঠা-পনা, গামোচাৰে ভৰি পৰিছে মহানগৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-ready-for-bihu-celebration-7209925_11042021183915_1104f_1618146555_240.jpg)
পূৰ্বৰ তুলনাত এইবাৰ পিঠা-পনাৰ মূল্য কিছু বৃদ্ধি পাইছে যদিও গ্ৰাহকৰ অভাৱ হোৱা নাই। বিহু কেন্দ্ৰিক বজাৰসমূহত উবুৰি খাই পৰিছে মহানগৰবাসী। প্ৰতিখন বজাৰতেই গ্ৰাহকৰ অভাৱনীয় ভিৰ। খাদ্য সামগ্ৰীৰ লগতে বজাৰত থলুৱা গামোচাৰ ব্যাপক চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । মহানগৰীৰ বজাৰত ডেৰশ টকাৰ পৰা আৰম্ভ কৰি ডেৰ হাজাৰ টকা পৰ্যন্ত মূল্যৰ গামোচাৰে ভৰি পৰিছে । বিহুৰ এই কেইদিনত কেইবালাখ গামোচা বিক্ৰী হ'ব । মুঠতে সকলোৱে নিজৰ সামৰ্থ অনুযায়ী আদৰৰ ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে ৷
![থলুৱা পিঠা-পনা, গামোচাৰে ভৰি পৰিছে মহানগৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-ready-for-bihu-celebration-7209925_11042021183915_1104f_1618146555_308.jpg)