ETV Bharat / state

G20 Summit in Guwahati : জি ২০ক লৈ গুৱাহাটীত চলিছে ব্যাপক তৎপৰতা - First meeting of Youth20 in Guwahati

জি ২০ৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে গুৱাহাটী মহানগৰীত ৷ জি-২০ ৰাষ্ট্ৰীয় সন্মিলনৰ চাৰিখন বৈঠক গুৱাহাটীত আৰু এখন বৈঠক ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব (G20 Summit in Guwahati) ৷ ইয়াকে লৈ যুদ্ধকালিন তৎপৰতা দেখা গৈছে গুৱাহাটীত ৷

G20 Summit in Guwahati
জি২০ক লৈ গুৱাহাটীত চলিছে ব্যাপক তৎপৰতা
author img

By

Published : Jan 23, 2023, 7:42 PM IST

জি২০ক লৈ গুৱাহাটীত চলিছে ব্যাপক তৎপৰতা

গুৱাহাটী, 23 জানুৱাৰী : গুৱাহাটী মহানগৰীত সম্প্ৰতি জি-২০ক লৈ চলি আছে ব্যাপক তৎপৰতা (G20 Summit in Guwahati)। কিছুদিন পাচতেই নতুন ৰূপত জিলিকি উঠিব ৰাজধানী মহানগৰী ৷ নতুন ৰূপত গুৱাহাটী মহানগৰীক জিলিকাবলৈ ইতিমধ্যে শ-শ শ্ৰমিকে পুৱাৰ পৰা নিশা পর্যন্ত কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । উল্লেখনীয় যে অহা ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব জি-২০ ৰাষ্ট্ৰীয় সন্মিলন ৷

জি-২০ ৰাষ্ট্ৰীয় সন্মিলনৰ চাৰিখন বৈঠক গুৱাহাটীত আৰু এখন বৈঠক ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ৷ গুৱাহাটীত অহা ২ আৰু ৩ ফেব্ৰুৱাৰীত প্ৰথমখন, ৮ ফেব্ৰুৱাৰীত দ্বিতীয়খন, ১৩ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈকে তৃতীয়খন, 24 মাৰ্চৰ পৰা 25 মাৰ্চলৈকে ডিব্ৰুগড়ত চতুর্থখন (G20 in Dibrugarh) আৰু ৩ এপ্ৰিলৰ পৰা 5 এপ্ৰিললৈকে সন্মিলনৰ পঞ্চমখন বৈঠক গুৱাহাটীত অনুষ্ঠিত হ'ব (G20 schedule in Assam) ৷ সেই উপলক্ষে জনতা ভৱনৰ সন্মুখত ইতিমধ্যে বিশ্বৰ কুৰিখন দেশৰ ৰাষ্ট্ৰীয় পতাকা সংস্থাপন কৰা হৈছে ৷

ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই (Guwahati Municipal Corporation) গুৱাহাটী মহানগৰীক নতুন ৰূপত সজাই-পৰাই তোলাৰ লক্ষ্যৰে যুদ্ধকালীন তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ গুৱাহাটী পৌৰ নিগমৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, জি-২০ ৰাষ্ট্ৰীয় সন্মিলন উপলক্ষে গুৱাহাটী মহানগৰী অভিমুখে ৰাওনা হ’ব বিশ্বৰ বিভিন্ন দেশৰ মুৰব্বী তথা শীর্ষ বিষয়াসকল ৷ তেনেক্ষেত্ৰত এতিয়াৰপৰাই গুৱাহাটী মহানগৰীক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ স্বাৰ্থত পৌৰ নিগম কর্তৃপক্ষই বিভিন্ন কাম আৰম্ভ কৰিছে ৷

মহানগৰীৰ ভিন্ন স্থানৰ মূল পথসমূহৰ দাঁতি চাফ-চিকুণ কৰি তোলাৰ সমান্তৰালকৈ মূলপথৰ ডিভাইডাৰসমূহত থকা অপতৃণসমূহ চিকুণাই তোলাৰ লগতে শ্ৰমিকসকল ৰং কৰা কামত ব্যস্ত হৈ পৰিছে ৷ পথৰ দাঁতিত যাতে কোনোধৰণৰ আৱৰ্জনা জমা হৈ নাথাকে, সেই ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হৈছে ৷ প্ৰতিটো মূলপথ পোহৰাই তোলাৰ লক্ষ্যৰে ৷ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হ'ব ৷ সকলো অৰ্দ্ধনিৰ্মিত অট্টালিকা ঢাকি ৰখাৰ ব্যৱস্থা কৰিব লাগিব ৷ গুৱাহাটীৰ ভিন্ন স্থানত পথৰ দাঁতিত থকা দেৱালসমূহত ৰং কৰা কাম অব্যাহত ৰাখিছে একাংশ লোকে ৷

গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰপৰা জালুকবাৰীলৈ পথছোৱাৰ ডিভাইডাৰসমূহ ইতিমধ্যে শ্ৰমিকসকলে ৰং সানি উজলাই তোলা পৰিলক্ষিত হৈছে ৷ ইয়াৰোপৰি বৰঝাৰ বিমানবন্দৰৰপৰা পথৰ মাজৰ ডিভাইডাৰসমূহৰ লগতে দাঁতিত ফুলৰ টাবেৰে সজাই-পৰাই তোলা হৈছে ৷ মূলপথৰ ভাগি যোৱা অংশসমূহ নতুনকৈ মেৰামতি কৰি থকা হৈছে ৷

ইপিনে জি-২০ সন্মিলনৰ সমান্তৰালভাৱে অহা ৬ ফেব্ৰুৱাৰীৰপৰা ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব য়ুথ-২০ (ৱাই-২০) গোটৰ প্ৰথমখন বৈঠক (Youth20 in Guwahati)৷ তিনিদিনীয়াকৈ হ'বলগীয়া এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ আঢ়ৈ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ আশা আছে ৷ আনহাতে, এই বৈঠকৰ প্ৰাক্‌মুহূৰ্তত ৰাজ্যৰ অৰ্দ্ধৰ্শতাধিক মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ ১২ হাজাৰ শিক্ষার্থীয়ে বিভিন্ন আলোচনাচক্ৰ, কর্মশালা আদিত অংশগ্ৰহণ কৰি সামগ্ৰিক আলোচনাৰ পৰিৱেশ ৰচনা কৰিব ৷

ভাৰতে জি-২০ সন্মিলনৰ সমান্তৰালভাৱে প্ৰথমবাৰৰ বাবে আয়োজন কৰা য়ুথ-২০ সন্মিলনৰ প্ৰথমখন বৈঠক ৬-৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব (First meeting of Youth20 in Guwahati)৷ সমগ্ৰ ভাৰতত পাঁচটা য়ুথ২০ বিষয় সন্দৰ্ভত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন বৈঠকৰ ভিতৰত এইখনেই হ’ব প্ৰথমখন বৈঠক ৷ অহা আগষ্টত য়ুথ-২০ সন্মিলনৰ অন্তিমখন বৈঠক হ’ব ৷ অসমত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত সমগ্ৰ বিশ্বৰ ২৫০ তকৈয়ো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ আশা আছে ।

এই সন্মিলনত মুখ্যতঃ পাঁচটা বিষয়- কৰ্মৰ ভৱিষ্যৎ, জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাস, শান্তি স্থাপন আৰু মীমাংসা, গণতন্ত্ৰ আৰু স্বাস্থ্য, সুস্থতা আৰু ক্ৰীড়াত যুৱসকলৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰি আলোচনা কৰা হ'ব ৷ উল্লেখ্য, যুথ-২০ হৈছে জি-২০ৰ অধীনৰ আঠটা গোটৰ ভিতৰত এটা অন্যতম গোট (Difference between G20 and Y20)৷

য়ুথ-২০ সন্মিলনৰ জৰিয়তে জি-২০ চৰকাৰসমূহ আৰু স্থানীয় যুৱসমাজৰ মাজত এটা সুসমন্বয় সৃষ্টি কৰাৰ প্ৰয়াস হিচাবে গণ্য কৰা হয় ৷ ২০২৩ চনৰ ৱাই-২০ ভাৰত সন্মিলনে দেশৰ যুৱকেন্দ্ৰিক প্ৰচেষ্টা দাঙি ধৰি সমগ্ৰ বিশ্বৰ আগত যুৱ প্ৰজন্মৰ মূল্যবোধ আৰু নীতিগত ব্যৱস্থা প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিব ৷ ৱাই-২০ বৈঠকৰ প্ৰাক্‌মুহূর্তত এক অংশগ্ৰহণমূলক আৰু সামগ্ৰিক আলোচনাৰ পৰিৱেশতন্ত্ৰ সৃষ্টি কৰাৰ বাবে অসমৰ আটাইকেইখন জিলাৰ ৫০ খনতকৈয়ো অধিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে যোৱা ১৯ জানুৱাৰীৰপৰা প্ৰাৰম্ভিক বৈঠক আৰম্ভ হোৱা পর্যন্ত নিজ নিজ শিক্ষানুষ্ঠানৰ চৌহদত আলোচনা-চক্ৰ, কর্মশালা, তৰ্ক আৰু পেনেল আলোচনাৰ আয়োজন কৰা হৈছে ।

এই অনুষ্ঠানসমূহত ১২ হাজাৰৰো অধিক শিক্ষার্থীয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ৷ প্ৰতিখন উচ্চশিক্ষা প্ৰতিষ্ঠানে নিকটৱৰ্তী ১০খন বিদ্যালয়ত জি-২০ গোট আৰু কাৰ্যকলাপৰ বিষয়ে বিদ্যালয়সমূহক অৱগত কৰাৰ বাবেও সজাগতা অভিযান আয়োজন কৰিছে ৷ আনহাতে, আলোচনাৰ পৰামৰ্শসমূহ ৱাই-২০ৰ বৈঠকত প্ৰতিনিধিবৰ্গৰ সৈতে বিনিময় কৰা হ'ব ।

বিভিন্ন অংশগ্ৰহণকাৰী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ প্ৰতিযোগিতাসমূহক পুৰস্কাৰ বিজয়ীসহ ৪০০গৰাকী অংশগ্ৰহণকাৰীয়ে অহা ৭ ফেব্ৰুৱাৰীত আই আই টি, গুৱাহাটীত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকক উদ্ভাৱন আৰু উদ্যোগশিক্ষাৰ সংযোগৰ বিষয়ে পৰামৰ্শ দিয়া হ'ব ৷ তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় যুৱ প্ৰতিনিধিসকলৰ সৈতে অংশীদাৰী ভৱিষ্যতৰ বাবে জ্ঞান-ধাৰণা বিনিময় কৰাৰ সুযোগ লাভ কৰিব ৷

লগতে পঢ়ক: 127th birth anniversary of Netaji; নেতাজী বঙালী বা অসমীয়াৰ সম্পদ নহয়, দেশৰ সম্পদ বিশ্বৰ সম্পদ : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.