ETV Bharat / state

Assam state museum: আমবাৰীৰ পৰা স্থানান্তৰৰ হ'ব ৰাজ্যিক সংগ্ৰহালয়

আকৌ স্থানান্তৰ । এইবাৰ চৰকাৰে অসম ৰাজ্যিক সংগ্ৰহালয়টো গুৱাহাটীৰ পৰা স্থানান্তৰ কৰিবলৈ যো-জা চলাইছে । গুৱাহাটী উচ্চ ন্যায়ালয় আৰু কামৰূপ (মহানগৰ) জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পিচত চলিছে এই যো-জা ।

author img

By

Published : Jul 10, 2023, 7:08 PM IST

Assam state museum in Guwahati
অসম ৰাজ্যিক সংগ্ৰহালয়

গুৱাহাটী, ১0 জুলাই: গুৱাহাটী উচ্চ ন্যায়ালয় আৰু কামৰূপ (মহানগৰ) জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়, গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ কাৰ্যালয়কে ধৰি কেইবাটাও গুৰুত্বপূর্ণ কার্যালয়-প্রতিষ্ঠানৰ পাছত ৰাজ্য চৰকাৰ এইবাৰ অসম ৰাজ্যিক সংগ্ৰহালয়টো গুৱাহাটীৰ পৰা স্থানান্তৰ কৰিবলৈ যো-জা চলাইছে । গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী আৰু কামৰূপ জিলাৰ অন্তৰ্গত আলাবৈ পথাৰ অঞ্চললৈ অসম ৰাজ্যিক সংগ্ৰহালয়টো স্থানান্তৰ কৰাৰ বাবে সাজু হৈছে দিছপুৰ ।

এক সূত্ৰ অনুসৰি এই ৰাজ্যিক সংগ্রহালয়টো গুৱাহাটীৰ পৰা স্থানান্তৰ কৰাটো দিছপুৰে প্ৰায় খাটাং কৰিছে। ইতিমধ্যে আলাবৈত নতুন ৰাজ্যিক সংগ্ৰহালয়টো নিৰ্মাণৰ বাবে প্রয়োজনীয় মাটিও চিনাক্ত কৰা হৈছে । কি কাৰণত গুৱাহাটীৰ পৰা এনেধৰণৰ গুৰুত্বপূৰ্ণ কাৰ্যালয়সমূহ কামৰূপ জিলালৈ স্থানান্তৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে উঠিপৰি লাগিছে সেয়া ৰহস্যৰ আৱৰ্তত ।

উল্লেখ্য যে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ইতিহাস আৰম্ভ হয় কুৰি শতিকাৰ আৰম্ভণিতেই । ইয়াৰ প্ৰতিষ্ঠাপক সংস্থান আছিল কামৰূপ অনুসন্ধান সমিতি আছিল ১৯১২ চনত এদল স্বেচ্ছাসেৱকৰ দ্বাৰা গঠিত হোৱা এক সংস্থান । কামৰূপ অনুসন্ধান সমিতিয়ে অঞ্চলটোত সিচঁৰিত হৈ থকা বহুতো ঐতিহাসিক সম্পদ আহৰণ কৰি নিজাকৈ সংগ্ৰহ কৰিছিল । কামৰূপ অনুসন্ধান সমিতিৰ স্বেচ্ছাসেৱকসকলে আহৰণ কৰা সম্পদসমূহকলৈ নিজাকৈয়ে সংগ্ৰহালয় সাজি উলিয়াইছিল য'ত আছিল শিলাচিত্ৰ আৰু ভিন ভিন সামগ্ৰী । তেওঁলোকৰ মূল উদ্দেশ্য আছিল সম্পদসমূহৰ সংৰক্ষণ আৰু প্ৰদৰ্শন । সংগ্ৰহালয়টোৰ প্ৰথমে নাম আছিল অসম প্ৰাদেশিক সংগ্ৰহালয় ।

ৰাজ্যিক সংগ্ৰহালয়টো ১৯৪০ চনৰ ২১ এপ্রিলত তেতিয়াৰ অবিভক্ত অসমৰ গৱৰ্ণৰ ৰবাৰ্ট ৰীডে মুকলি কৰিছিল। এই প্রাদেশিক সংগ্ৰহালয়টো ১৯৫৩ চনত ৰাজ্য চৰকাৰে নিজৰ অধীনলৈ আনে। প্রথম অৱস্থাত সংগ্রহালয়টো শিক্ষা বিভাগৰ অধীনত ৰখা হৈছিল। ১৯৮৩ চনত সংগ্ৰহালয়টো সাংস্কৃতিক সঞ্চালকালয় আৰু পুৰাতত্ত্ব সঞ্চালকালয় পৃথক কৰি দুয়োটাকে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনলৈ অনা হয় । শেহতীয়াকৈ এই সংগ্ৰহালয়ক ৰাজ্য চৰকাৰৰ নতুন বিভাগ 'খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সংস্কৃতি'ৰ অধীনস্থ কৰা হৈছে ।

মনকৰিবলীয়া যে কামৰূপ অনুসন্ধান সমিতিৰ সংগ্ৰহসমূহে সংগ্ৰহালয়টোলৈ যথেষ্ট বৰঙনি যোগাইছিল । কামৰূপ অনুসন্ধান সমিতিৰ পৰা সংগ্ৰহালয়টোৱে লাভ কৰা বিভিন্ন সম্পদসমূহৰ পৰিমাণ আছিল এনেধৰণৰ: শিলা চিত্ৰ -৮৬খন, ধাতুৰ সামগ্ৰী-৩০, কাঠচিত্ৰ আৰু আন কাঠৰ সামগ্ৰী-৮, টেৰাক'টা ভাস্কৰ্য্য-১৮, প্ৰাচীন মাটিৰ পাত্ৰ আৰু সামগ্ৰী-৪৬, আহোম যুগৰ কাপোৰ-৩৬, জনজাতীয় বস্তু-১৯, মুদ্ৰা-৩৩, নানাৰকমৰ বস্তু-২৫, সাঁচি পাতৰ পুথি-২৫৬ ।

ইপিনে, শীর্ষ চৰকাৰী সূত্ৰৰপৰা জানিব পৰা মতে, এই ৰাজ্যিক সংগ্ৰহালয়ৰ বাবে আলাবৈত প্রায় দহ বিঘা মাটি ঠিক কৰা হৈছে । দিছপুৰৰ নিৰ্দেশত শনিবাৰে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সঞ্চালক বাই এছ বাংলেংটনৰ নেতৃত্বত সঞ্চালকালয়ৰ শীর্ষ বিষয়াৰ এটা দলে আলাবৈত সংগ্ৰহালয়ৰ বাবে চিনাক্ত কৰা মাটিখিনি ভ্রমণ কৰি স্থানডোখৰৰ বুজ লয় । সূত্ৰৰ পৰা জানিব পৰা মতে,পৰিদৰ্শন কালত এই দহ বিঘা মাটি ৰাজ্যিক সংগ্ৰহালয়ৰ কাৰণে কম হ'ব বুলি দলটোৱে আপাততঃ মত পোষণ কৰি ওচৰৰে আৰু দুটা স্থানো পৰিদর্শন কৰে । এই পৰিদৰ্শনৰ ভিত্তিত সংগ্ৰহালয় সঞ্চালকালয়ে দিছপুৰক চূড়ান্ত প্রতিবেদন দিয়াৰ কথা ।

লগতে পঢ়ক:

Assam Flood Report: ৰাজ্যৰ পাঁচখন জিলাত বান পৰিস্থিতিৰ অৱনতি; 34 হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.