ETV Bharat / state

76th Independence Day:৮ হাজাৰ জাতীয় পতাকা প্ৰস্তুতৰ লক্ষ্য় খাদী ব'ৰ্ডৰ

author img

By

Published : Aug 11, 2023, 5:43 PM IST

অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে এইবাৰ স্বাধীনতা দিৱসত ৮ হাজাৰ জাতীয় পতাকা বিক্ৰীৰ লক্ষ্য লৈছে । সম্প্ৰতি গুৱাহাটীৰ চানমাৰীস্থিত ব’ৰ্ডৰ কাৰ্যালয়ৰ কাৰখানাত এই দিৱসৰ বাবে জাতীয় পতাকা প্ৰস্তুত কৰি থকা হৈছে ।

Khadi Board aims to prepare 8000 national flags
অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ড
অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ড

গুৱাহাটী, ১১ আগষ্ট:৭৬ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী । চাৰিওফালে স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত উঠিছে । দেশৰ লগতে অসমতো ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলিছে । প্ৰতিখন জিলাতে প্ৰশাসনে এই দিৱসৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ বাবে প্ৰায় সাজু হৈ উঠিছে । স্বাধীনতা দিৱসৰ বাবে প্ৰস্তুত হৈছে অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ড ।

অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ বিপনন প্ৰৱন্ধক হেমকান্ত মেধিই এই প্ৰসংগত কয় যে এই স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডে এইবাৰ ৮ হাজাৰ পতাকা তৈয়াৰ কৰাৰ লক্ষ্য লৈছে । ইতিমধ্যে ৭ হাজাৰ পতাকা তৈয়াৰ হৈছে । ১৫ আগষ্টৰ পূৰ্বে বাকী এহাজাৰ পতাকা প্ৰস্তুত কৰি উলিয়াব । স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ব'হাগ বিহুৰ পিছৰে পৰা পতাকা প্ৰস্তুতৰ কাম আৰম্ভ কৰা হৈছে । ব'ৰ্ডৰ কাৰ্যালয় চৌহত ১০ গৰাকী কৰ্মচাৰীয়ে তৈয়াৰ কৰিছে পতাকা । ৬ ফুট বহল আৰু ৯ ফুট দীঘল ছয়খন পতাকা তৈয়াৰৰ বাবে বিশেষ অৰ্ডাৰ লাভ কৰিছে । ৯ ফুট বহল আৰু ১২ ফুট দীঘলৰ ৪খন পতাকা প্ৰস্তুত কৰিছে ।

তেওঁ পুনৰ কয় যে প্ৰায় ৮ হাজাৰ আন আকাৰৰ পতাকা প্ৰস্তুত কৰি থকা হৈছে। ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, লখিমপুৰ,হাফলং, ডিফু, বৰপেটা,বঙাইগাঁও, কলকাতা, তেজপুৰ, ঢেকিয়াজুলী , নগাঁও, মৰিগাঁৱত আছে খাদী ব'ৰ্ডৰ ভাণ্ডাৰ। এই কেন্দ্ৰবোৰৰ পৰা চুবুৰীয়া ৰাজ্য বোৰেও ক্ৰয় কৰে পতাকা । অসমখাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ বিপনন প্ৰৱন্ধক হেমকান্ত মেধিই উল্লেখ কৰা অনুসৰি ৯ ফুট বহল আৰু ১২ ফুট দীঘল পতাকাৰ দাম প্ৰতিখনত ৪২০০ টকা । এইখন হৈছে সৰ্ববৃহত পতাকা । আনহাতে, ৬ ফুট বহল আৰু ৯ ফুট দীঘল পতাকাৰ দাম প্ৰতিখনত ৩১০০ টকা , ৬ ফুট বহল আৰু ৪ ফুট দীঘল পতাকাৰ দাম ৭২০ টকা । তদুপৰি ৩ ফুট বহল চাৰে চাৰি ফুট দীঘল পতাকাৰ প্ৰতিখনৰ মূল্য ৫২০টকা, ২ ফুট বহল তিনি ফুট দীঘল পতাকাৰ দাম ৩০০ টকা , ডেৰফুট বহল আৰু দুই ফুট দীঘল পতাকাৰ দাম ৯০ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে । এইবাৰ তৈয়াৰ কৰা জাতীয় পতাকাৰ মূল্য হ'ব প্ৰায় ২৬ লাখ টকা ।

লগতে পঢ়ক:Bank manager runaway : অন্তৰ্ধান বেংক মেনেজাৰ প্ৰিন্স; ধন বিচাৰি বেংকত হাহাকাৰ গ্ৰাহকৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.