ETV Bharat / state

ঘৰতে থাকি ইবাদত কৰাৰ আহ্বান গুৱাহাটীৰ বুঢ়া জামে মছজিদ ইমামৰ - গুৱাহাটী

দেশজুৰি ইছলাম ধৰ্মাৱলম্বী মৌলানা সকলে এইবাৰ ঘৰতে ৰমজান মাহৰ ইবাদত কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকল আহ্বান জনাইছে ৷ ইফালে,ৰমজান মাহ উপলক্ষে মহানগৰীৰ ফলৰ বজাৰ সমূহত দেখা নগ'ল অন্যান্য বছৰৰ দৰে ভিৰ।

ETV BHARAT
ঘৰতে থাকি ইবাদত কৰাৰ আহ্বান গুৱাহাটীৰ বুঢ়া জামে মাছজিদ ইমামৰ
author img

By

Published : Apr 24, 2020, 7:59 PM IST

গুৱাহাটী, 24 এপ্ৰিলঃ শনিবাৰৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মাহ ৰমজান । এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঘৰতে থাকি ইবাদত কৰাৰ আহ্বান গুৱাহাটী মহানগৰীৰ বুঢ়া জামে মছজিদৰ ইমামৰ ।

ঘৰতে থাকি ইবাদত কৰাৰ আহ্বান গুৱাহাটীৰ বুঢ়া জামে মাছজিদ ইমামৰ

কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে শনিবাৰৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ। ৰমজান মাহত এমাহজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উপবাস পালন কৰি ইবাদত কৰে। মছজিদত ইছলাম ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হৈ তাবাৰীৰ নামাজৰ পৰা আৰম্ভ কৰি চেহৰী আৰু ইফটাৰ কৰে । এইবাৰ কিন্তু কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে মছজিদত বাতিল কৰা হৈছে তাবাৰীৰ নামাজৰ লগতে অন্যান্য নামাজ,চেহৰী আৰু ইফটাৰ। দেশজুৰি ইছলাম ধৰ্মাৱলম্বী মৌলানাসকলে এইবাৰ ঘৰতে ৰমজান মাহৰ ইবাদত কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকল আহ্বান জনোৱাৰ মাজতে মহানগৰী বুঢ়া জামে মছজিদৰ ঈমাম গৰাকীয়ে পবিত্ৰ ৰমজানৰ সকলো নামাজ,চেহৰী আৰু ইফটাৰ ঘৰতে কৰিবলৈ আহ্বান জনাইছে । ইমাম গৰাকীয়ে লগতে সকলোকে পৃথিৱীৰ পৰা মাৰাত্মক কৰ'ণা ভাইৰাছক নিঃশেষ কৰি মানৱ জাতিক ৰক্ষা কৰিবলৈ পবিত্ৰ ৰমজান মাহত আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনাইছে।

ইফালে,ৰমজান মাহ উপলক্ষে মহানগৰীৰ ফলৰ বজাৰ সমূহত দেখা নগ'ল অন্যান্য বছৰৰ দৰে ভিৰ। কিছু সংখ্যক লোক বজাৰলৈ ওলাই আহি ৰমজানৰ ইফটাৰৰ বাবে বিভিন্ন প্ৰকাৰৰ ফল ক্ৰয় কৰি থকা পৰিলক্ষিত হয়। ইয়াৰ মাজতে ফলৰ অকাশলংঘী মূল্যই জুৰুলা কৰিছে সৰ্বসাধাৰণ লোকসকলক। লক ডাউনৰ বাবে সকলো খাদ্য সামগ্রীৰ মূল্য বৃদ্ধি হৈছে যদিও ইছলাম ধৰ্মাৱলম্বী লোকসকলে চৰকাৰক ৰমজান মাহ উপলক্ষে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক-বটদ্ৰৱাত গ্ৰামীন বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.